অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW GATEWAY: জপনা

Spread the love

জপনা


DD TIMESৰ আজিৰ কবি ঐজ্যোতি চুতীয়া

জপনা

পদূলিত জপনা এখন দিয়া মানে
ঘৰখন যে নিৰাপদ হ’ল
তাৰ কোনো নিশ্চয়তা নাই
তেতিয়াও ফাগুনে জেওৰা ভাঙি
চোতালত উৎপাত কৰিব পাৰিব
বৰদৈচিলাই উৰুৱাই নিব পাৰিব


ঘৰৰ মূধচ
বানে উগ্ৰমূৰ্তি ধৰি
উদং কৰিব পাৰিব বুকু
তথাপি পদূলিত জপনা এখন দিওঁ


কিন্তু কিহৰ টানত দিওঁ
সেয়াহে আজিও ৰহস্য আৱৰ্তত
মেলি থ’লে কওঁ
তুমি আহি কোনখিনি পালাহি বাৰু
তোমালৈ যে ৰৈ ৰৈ
ভাগৰি পৰিছো মই


জপাই থ’লে কওঁ
তুমি চাগে আহি পাবহিয়েই হ’ল
মেলি দিওঁনেকি আকৌ
তেনে এক দুৱাৰ-ডলিত
আজি কত দিন
সঘন অগা-ডেৱা মোৰ


জপনাবোৰ বোলে তেনেকুৱাই
মেলি থ’লে বুকুখন যিমান পোৰে
জপাই থ’লে তাতকৈ বেছিহে জ্বলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!