Tezpur Litchu Festival-2026: তেজপুৰত উছৱমুখৰ পৰিৱেশত ‘তেজপুৰ লিচু উৎসৱ-২০২৬’ আৰম্ভ
তেজপুৰত উছৱমুখৰ পৰিৱেশত ‘তেজপুৰ লিচু উৎসৱ’-২০২৬’ আৰম্ভ
তেজপুৰত প্ৰথম উন্নত জাতৰ লিচু পুলিৰ ৰোপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি
লিচু বিষয়ক তথ্য চিত্ৰ প্ৰদৰ্শন ,লিচু প্ৰদৰ্শনী আৰু বিক্ৰী, ‘খাদ্য প্ৰযুক্তি আৰু লিচু’ শীৰ্ষক বিশেষ অনুষ্ঠান
১০গৰাকী লিচু খেতিয়কক সম্বৰ্ধনা জ্ঞাপন
ভাৰতীয় ডাক বিভাগৰ লিচু সম্পৰ্কীয় বিশেষ ক’ভাৰ মুকলি

DD TIMES তেজপুৰ,৬ জুনঃ তেজপুৰৰ সুস্বাদু, সুমিষ্ট তথা মঙহাল লিচুক কেন্দ্ৰ কৰি আজি পুৱাৰ পৰা সমগ্ৰ তেজপুৰতে সৃষ্টি হয় এক উছৱমুখৰ পৰিৱেশ।

ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ-প্ৰসাৰৰ লগতে নতুন প্ৰজন্মৰ মাজত অধিক হাৰত লিচু খেতি কৰিব পৰাৰ লক্ষ্যৰ লগতে ইতিমধ্যে ভৌগোলিক স্বীকৃতি (জি আই )প্ৰদান কৰাৰ পিছত কৃষক সকলৰ বাবে প্ৰত্যক্ষ বজাৰ সংযোগ স্থাপন কৰা আৰু প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোক্তা সকলক স্বীকৃতি প্ৰদানৰ মানসেৰে আজিৰ পৰা তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ।

তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰু পুথিভঁৰাল প্ৰাংগনৰ লগতে আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই লিচু উৎসৱত ৫০গৰাকীতকৈ অধিক প্ৰদৰ্শক, প্ৰায় ৩০গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন আৰু বহু কেইগৰাকী দেশী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশ গ্ৰহণ কৰে।

শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ ,তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ ,তেজপুৰ বিশ্ববিদ্যালয় ,অসম কৃষি বিশ্ববিদ্যালয় ,ভাৰতীয় সেনা অৰ্থাৎ সেনা বাহিনীৰ চতুৰ্থ কৰ্পচ ,ভাৰতীয় ডাক বিভাগ ,এ পি ই ডি এ ,শোণিতপুৰ জিলা ৰেডক্ৰছ চচাইটি ,ৰিভট্ৰা ,নাবাৰ্ড ,নেৰামেক, এক্সিম বেংক ,আই চি এ আৰ ,এলছিছাৰ ইম্পেক্ট ,পেন্টাগ্ৰাম আদি অনুষ্ঠানৰ সহযোগত ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণেৰে অনুষ্ঠিত হোৱা এই উৎসৱ তেজপুৰত উন্নতজাতৰ লিচুৰ প্ৰথম গৰাকী ৰোপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি,বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হয়।

সাহিত্য কাণ্ডাৰী গৰাকীৰ নাতি উদয় কৃষ্ণ গোহাঞি বৰুৱা ,সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা আৰু তিনিগৰাকী লিচু খেতিয়কৰ সৈতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি আনন্দ কুমাৰ দাসে।

তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা তেজপুৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামুলী ,তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিশ্বদেৱ ভট্টাচাৰ্য্য ,জিলা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ ,মহকুমা কৃষি বিষয়া ড০ জাকিৰ হুছেইন আদিয়েও প্ৰথমগৰাকী লিচু খেতিয়ক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই দুদিনীয়া “তেজপুৰ লিচু উৎসৱ -২০২৬ “ৰ উদ্বোধনী অধিৱেশন আৰম্ভ হয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ।
কিশোৰী ভায়লিনা শিৱমৰ এটি বৰগীতেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি আনন্দ কুমাৰ দাসে ১৯২৩ চনতে তেজপুৰ পৌৰসভাৰ সভাপতি হৈ থকা সময়ত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই বহি:ৰাজ্যৰ পৰা অনা উন্নত লিচু পুলিৰে আৰম্ভ কৰা তেজপুৰৰ লিচুৱে যোৱা বছৰ অতিক্ৰম কৰাৰ পিছত প্ৰথম লিচু উৎসৱ আয়োজন কৰাৰ পিছত দ্বিতীয় বাৰ্ষিক এই উৎসৱ আয়োজনৰ লক্ষ্য আৰু উদ্দেশ্য সদৰি কৰে।
উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পংকজ বৰুৱা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈয়ে আঁত ধৰা উদ্বোধনী অধিৱেশনত মুখ্য অতিথি ৰূপে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই অংশ গ্ৰহণ কৰাৰ লগতে বিশিষ্ট অতিথি ৰূপে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস আৰু বিশেষ অতিথি ৰূপে অংশ গ্ৰহণ কৰে ক্ৰমে -অসম চৰকাৰৰ উদ্যান শস্য বিভাগৰ সঞ্চালক নৃপেন চন্দ্ৰ দাস ,সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক বিশ্বজিৎ কুমাৰ পাল ,এপেডা অসমৰ আঞ্চলিক প্ৰধান সন্দিপ সাহা ,ডাক বিভাগৰ দৰং ডিভিজনৰ অধীক্ষক সমীৰ চন্দ্ৰ দাস ,উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা তেজপুৰ পৌৰসভাৰ সভাপতি ৰমেন তামুলী আৰু নাবাৰ্ডৰ মুখ্য মহা প্ৰৱন্ধক লোকেন দাস ।
উল্লেখ্য যে এই উদ্বোধনী অনুষ্ঠানতে উদযাপন সমিতিয়ে বিশিষ্ট শিক্ষাবিদ ড০ ভূপেন শইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা তেজপুৰৰ লিচু সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ আটাইকেইগৰাকী অতিথিয়ে উন্মোচন কৰাৰ লগতে তেজপুৰ লিচু মহোৎসৱৰ ডাক বিভাগৰ এটি বিশেষ কভাৰো উন্মোচন কৰে অতিথি সকলে ।
আনহাতে অনুষ্ঠানটিত উদযাপন সমিতিয়ে ১০ গৰাকী লিচু খেতিয়ক ক্ৰমে -শৰৎ চন্দ্ৰ শইকীয়া ,কৌশিক নেওগ ,আব্দুল জলিল ,প্ৰেম সাগৰ চৌধুৰী ,ৰাম নাৰায়ণ সিং ,বীণা স্বৰ্গীয়াৰী ,সমীৰ আলী ,ৰাজু সাহানী ,ধীৰাজ কুমাৰ সিং আৰু সুভাষ সিঙক বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে সেনাবাহিনীৰ তৰফৰ পৰা কেবাগৰাকীও এন চি চি কেডেটক লিচু পুলি প্ৰদান কৰে ।উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ আসনৰ পৰা ভাষণ আগবঢ়াই সাংসদ ৰঞ্জিত দত্তই তেজপুৰৰ লিচুৰ দৰে সোৱাদযুক্ত লিচু ক’তো পাবলৈ নাই বুলি মন্তব্য কৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই দূৰদৰ্শীতাৰে ৰোপণ কৰা এই লিচুৱে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰাত আমি গৌৰৱান্বিত বুলি কৈ লিচু খেতিয়ক সকলৰ বিভিন্ন সমস্যা সমূহ দূৰ কৰিবলৈ চৰকাৰ -প্ৰশাসন আগবাঢ়ি আহিব লাগিব বুলি মন্তব্য কৰে।
উল্লেখ্য যে সাংসদ গৰাকীয়ে ভাষণৰ মাজতে কেবাগৰাকীও লিচু খেতিয়কক মঞ্চলৈ মাতি আনি তেওঁলোকৰ সমস্যা সমূহৰ বুজ লৈ সেই সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কৃষি বিভাগ আৰু উদ্যান শস্য বিভাগৰ বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে ।আনহাতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই তেজপুৰৰ লিচু খেতিৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে ঘৰে ঘৰে লিচু শীৰ্ষক এক কাৰ্যসূচী যুগুতাই উলিয়াইছে বুলি কৈ ২০ হাজাৰ ঘৰক এই আঁচনিৰ জৰিয়তে দুজোপাকৈ উন্নত জাতৰ লিচু পুলি প্ৰদান কৰা হ’ব আৰু ইয়াৰ বাবে ৫২ লাখ টকা খৰচ কৰা হ’ব বুলি কৈ এই কাৰ্যসূচী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শুভাৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰে।
অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে লিচু পুলি ৰোপণ কৰাৰ পৰা উৎপাদন কৰা আৰু বিক্ৰীৰ ক্ষেত্ৰলৈকে বৈজ্ঞানিক দৃষ্টিভংগী আৰু পৰিকল্পিত ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি খেতিয়ক সকলে এই উৎপাদনৰ দ্বাৰা যাতে বাণিজ্যিক ভাৱে সফল হ’ব পাৰে তাৰ প্ৰতি সংশ্লিষ্ট চৰকাৰী বিভাগ সচেতন হোৱা প্ৰয়োজন বুলি মন্তব্য কৰে।
উল্লেখ্য লিচু সম্পৰ্কীয় এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰোঁৱাৰ পিছতেই মুখ্য অতিথি সাংসদ ৰঞ্জিত দত্তই আন অতিথি সকলৰ সৈতে লিচু প্ৰদৰ্শনী আৰু বিক্ৰী স্হলী আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্ঘাটন কৰাৰ পিছতেই সহস্ৰাধিক লোকে প্ৰদৰ্শনী আৰু বিক্ৰী স্হলীত লিচু উপভোগ কৰিবলৈ হেতা ওপৰা লগা পৰিলক্ষিত হয়।
ইয়াৰ পিছতেই আজি প্ৰথম দিনটোত “এলছিছাৰ ইম্পেক্ট “শীৰ্ষক অনুষ্ঠানৰ মুখ্য সমন্বয়ক তথা দেশৰ এগৰাকী বিশিষ্ট উদ্যোগী অনুজ শৰ্মা ,তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস আৰু আৰু আন এগৰাকী মহিলা উদ্যোগী তথা মধুৰ ফুড প্ৰডাক্টৰ স্বত্বাধিকাৰী অমৃত মাধুৰী দেৱীৰ অংশ গ্ৰহণেৰে লিচু উদ্যোগৰ ওপৰত এক বিশেষ আলোচনা সভা অনুষ্ঠিত হোৱাৰ পিছত লিচু খেতিৰ ওপৰত এক কাৰীকৰি সত্ৰ অনুষ্ঠিত হয় ।
তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ড০ জুৰি বৰবৰা ,তেজপুৰৰ বিশিষ্ট উদ্যোগপতি হেমন্ত লহকৰ ,উদ্যমী ব্যক্তি কৃষ্ণ কান্ত বৰা ,তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী ড০ অংগনা শৰ্মা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰ্যটন বিভাগৰ অধ্যাপক ড০ নিৰঞ্জন দাস সমল ব্যক্তি হিচাপে উপস্থিত থকা এই কাৰীকৰি আলোচনা সত্ৰত তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে নগাঁও আৰু বিভিন্ন জিলাৰ কৃষি বিজ্ঞানী সকলে অংশ গ্ৰহন কৰে।
উল্লেখ্য যে এই লিচু উৎসৱ উপলক্ষে ঊষানগৰীলৈ জনশ্ৰোত বোৱা পৰিলক্ষিত হৈছে ৷ উদ্দেশ্য ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা তথা জি আই টেগ লাভ কৰা সোৱাদযুক্ত লিচু৷ অসমত আজিলৈকে ক’তো এনে ফলমূলক লৈ উৎসৱ হোৱা নাই৷ কিন্তু যি লিচুয়ে সমগ্ৰ ৰাষ্ট্ৰত তেজপুৰক চিনাকী দিছে সেই লিচুৰ বাবে দুটা দিন উদযাপিত হব তেজপুৰত “লিচু উৎসৱ“ হিচাপে৷
উল্লেখ্য এই লিচু উৎসৱ উপলক্ষে আজি লিচু উৎসৱৰ প্ৰথম দিনটোতেই কলকতাৰ এক প্ৰতিষ্ঠানৰ জৰিয়তে ডুবাইলৈ ৰপ্তানী হয় ১ টন বোম্বায়া, পিয়াজী আৰু বিভিন্ন প্ৰজাতিৰ লিচু৷ একেদৰে কাইলৈ ছিংগাপুৰলৈ পাচ কুইন্টল লিচু ৰপ্তানী হব৷ এই উৎসৱত APEDA ই লিচুৰ Chips তৈয়াৰ কৰিছে৷

এই পেটেন্ট বহু দিনলৈ অক্ষত থাকে৷ একেই সোৱাদ ৷ নাই তাত ৰাসায়নিক কোনো মিশ্ৰণ৷ আনহাতে আজিৰ লিচু মেলাত দেখা গ’ল বিভিন্ন প্ৰজাতিৰ লিচু৷ বোম্বাইৱা এটা লিচুৰ দৰ ৫০ টকালৈ উঠিছে৷ একোটা উন্নত জাতৰ লিছু পুলি ৰ দৰ হেজাৰ টকা৷
নিশ্চিত ভাৱে এই উৎসৱে লিচুৰ প্ৰসাৰ আৰু বিদেশত ইয়াৰ চাহিদা বৃদ্ধিত আৰু সহায়ক হব৷

