NEW NEWS AND SISSIBORGAON: লেখক-সাংবাদিক মৃদুপৱন চুতীয়াক জোনাই প্ৰেছ ক্লাবৰ সাংবাদিকতা বঁটা প্ৰদান
লেখক-সাংবাদিক মৃদুপৱন চুতীয়াক জোনাই প্ৰেছ ক্লাবৰ সাংবাদিকতা বঁটা প্ৰদান

DD TIMES চিচিবৰগাঁও, ৩ জুনঃ চিচিবৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক, লেখক, কবি, সমাজকৰ্মী মৃদু পৱন চুতীয়াক জোনাই প্ৰেছ ক্লাৱে সাংবাদিকতা বঁটা প্ৰদান কৰিছে।
৩১ মে’ ২০২৬ত জোনাই প্ৰেছ ক্লাৱত অনুষ্ঠিত ক্লাবৰ দ্বাদশ সংখ্যক সাধাৰণ অধিৱেশনৰ মুকলি সভাত সাংবাদিক চুতীয়াক বঁটা হিচাপে মানপত্ৰ, চেলেং চাদৰ, ফুলাম গামোচা, শৰাই-সঁফুৰাৰ লগতে নগদ ধন প্ৰদান কৰা হয়।
চিচিবৰগাঁৱৰ শিক্ষাবিদ, সমাজকৰ্মী প্ৰয়াত ৰজনীকান্ত চুতীয়াৰ একমাত্ৰ পুত্ৰ মৃদু পৱন চুতীয়াই বিগত প্ৰায় ২৬ বছৰে ধেমাজি জিলাৰ চিচিবৰগাঁও অঞ্চলৰ পৰা সংবাদ সেৱা আগবঢ়োৱাৰ লগতে কাব্য চৰ্চা, বিভিন্ন কাকত-আলোচনীত অনেক গৱেষণামূলক নিবন্ধৰ লগতে বিভিন্ন পত্ৰিকা, স্মাৰক-গ্ৰন্থ, কাব্য সংকলন, ক্ষুদ্ৰ সংবাদপত্ৰ আদিকে ধৰি প্ৰায় ২৭ খনকৈয়ো অধিক সম্পাদনা কৰিছে।
ইতিমধ্যে সাংবাদিক মৃদু পৱন চুতীয়াই মাজুলী সাংবাদিক সংস্থাই প্ৰদান কৰা ‘দত্তদেৱ গোস্বামী স্মাৰক গ্ৰাম্য সাংবাদিকতা বঁটা’, গোলাঘাট জিলা সাংবাদিক সংস্থাই আগবঢ়োৱা ‘অযোধ্যা প্ৰসাদ গোস্বামী অনুসন্ধানমূলক সাংবাদিকতা বঁটা’, চিলাপথাৰৰ স্বেচ্ছাসেৱী সংস্থা ‘সাৰথিৰ’ দ্বাৰা ‘সাংবাদিক বিনোদ সিং সোঁৱৰণী সাংবাদিকতা বঁটা’, চুতীয়া ছাত্ৰ সন্থাৰ দ্বাৰা ‘বীৰ বিৰোচন চুতীয়া বঁটা’ৰ লগতে সম্পাদনাৰ বাবে ৰাজ্যিক পৰ্য্যায়তো কেইবাটাও পুৰস্কাৰ লাভ কৰিছে।
সাংবাদিক অনুষ্ঠান চিলাপথাৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি, ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক আৰু প্ৰাক্তন কাৰ্যকৰী সভাপতি মৃদুপৱন চুতীয়া অসম সাহিত্য সভা, অসম বাৰ্তাজীৱি সংঘ, কবি সমাজ, মইনা পাৰিজাত, চিচিবৰগাঁও উন্নয়ন সমিতি, অসম নাট্য সন্মিলন, ধেমাজি জিলা সচেতন নাগৰিক মঞ্চ, চিচিবৰগাঁও মহাবিদ্যালয়, চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতি, চিচিবৰগাঁও বিধানসভা সমষ্টি দাবী সমিতি, চুতীয়া জাতি গৱেষণা পৰিষদ আদি ত্ৰিশটাতকৈও কৈয়ো অধিক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ সমাজলৈ নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে।
তেওঁলৈ জোনাই প্ৰেছ ক্লাবে আগবঢ়োৱা বঁটাৰ বাবে চিচিবৰগাঁও, চিলাপথাৰ আৰু ধেমাজি অঞ্চলৰ বিভিন্ন ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানে সাংবাদিক চুতীয়াক উষ্ম অভিনন্দন জ্ঞাপন কৰিছে।

