অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

শৈক্ষিক পৰিমণ্ডলত আমি চিষ্টেম এটাৰ প্ৰতি সদায় দায়বদ্ধ হ’বই লাগিবঃ ড° ধৰণী লাহন

Spread the love

গুৱাহাটী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা

গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ গুৱাহাটী মহাবিদ্যালয়ৰ ২০২৫ বৰ্ষৰ নৱাগত আদৰণি সভাখনি আজি দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় ৷ পুৱা এঘাৰ বজাৰ পৰা অনুষ্ঠিত সভাখনিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰণৱ শাণ্ডিল্য, উপাধ্যক্ষ ড° দেৱযানী তাৰণ শৰ্মা আৰু ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক ড° অৰূপ কুমাৰ গোস্বামী  উপস্থিত থাকি বহুমূলীয়া বক্তব্যৰে ছাত্ৰছাত্ৰীসকলক আদৰণি জনায় ৷ 

Oplus_131072

একেখন সভাতে বক্তব্য প্ৰদান কৰি গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি তথা লেখক ড° ধৰণী লাহনে কয় যে , ‘জগতৰ সকলো বিষয়তে একো-একোটা চিষ্টেম থকাৰ দৰে আমাৰ শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে জড়িত  ছাত্ৰ-শিক্ষক-কৰ্তৃপক্ষ  আদি সকলোৰে জীৱনতো এটা চিষ্টেম  আছে ৷

এই চিষ্টেমটো সঠিকভাৱে চলিলে আমাৰ সকলো ঠিকেই চলি থাকে ৷ যদিহে কোনোৱে সেই চিষ্টেমটো ক’ৰবাত আওকাণ কৰে বা জানি-বুজিও  এৰাই চ’লে তেনেহ’লে ব্ৰেক ফেইল হৈ দুৰ্ঘটনা হোৱাৰে আশংকা বেছি ৷ শৈক্ষিক পৰিমণ্ডলৰ এই চিষ্টেমটোৰ প্ৰতি আমি সকলো দায়বদ্ধ হৈ থাকিব লাগে ৷”

Oplus_131072

মহাবিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা সভাখনিত ছাত্ৰ একতা সাধাৰণ সম্পাদক অংকুৰ নাথে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ লগতে সভাপতি সুমিত দাসে শলাগৰ শৰাই আগবঢ়ায় ৷

একেখন সভাতে এইবাৰৰ শিক্ষক দিৱসত নিজৰ উচ্চস্তৰৰ বিজ্ঞান-গৱেষণাৰে পেটেন্ট লাভ কৰি অসম চৰকাৰৰ ৰাজ্যিক বঁটাৰে সন্মানিত হোৱা প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° হিমাদ্ৰী কলিতাক ছাত্ৰ একতা সভাই ফুলাম গামোছাৰে আদৰণি জনায় ৷

অনুষ্ঠানসূচীৰ আঁত ধৰে ছাত্ৰী ভূষিতা কাশ্যপ আৰু কাকলি গায়নে ৷ নৱাগত ছাত্ৰছাত্ৰীসকলেও সভাখনত নিজৰ মনোভাৱ প্ৰকাশ কৰে ৷

বিয়লিলৈ অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰ নৱাগত আৰু পুৰণি ছাত্ৰছাত্ৰীসকলে গীত-মাত, নৃত্য-অভিনয় আদি পৰিৱেশন কৰে ৷

একেটা অনুষ্ঠানতে আমন্ত্ৰিত শিল্পী হিচাপে উপস্থিত থাকি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদ্বীপে গীতৰ শৰাই পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰি তোলে৷ সমগ্ৰ অনুষ্ঠানসূচীৰ তদাৰক কৰে সাংস্কৃতিক সম্পাদিকা মেঘাৰাণী হাজং আৰু তত্ত্বাৱধায়ক শিক্ষক ড° এলৱিন ক্ৰ’ নিহাঙে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!