অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW NATURE: আহকচোন আমি সকলোৱে মিলি এখন প্ৰদূষণমুক্ত অসম গঢ়ো

Spread the love

আহকচোন আমি সকলোৱে মিলি এখন প্ৰদূষণমুক্ত অসম গঢ়ো


DD TIMESত লিখিছে লোত্তমা গোস্বামীয়ে

এখন প্ৰদূষণমুক্ত অসম গঢ়িবলৈ হ’লে অসমত বসবাস কৰা প্ৰতিজন নাগৰিকে অলপ হ’লেও কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আমাৰ পৰিবেশটো ভাল কৰিব পাৰোঁ।

পৰিবেশনো কি? আমাৰ চাৰিওফালে যি দেখিছো সেই সকলো বিলাকেই আমাৰ পৰিবেশ। বায়ু, পানী, মাটি, পৰ্বত-পাহাৰ, গছ-গছনি, জীৱ-জন্তু, মানুহ আৰু মানুহে ব‍্যৱহাৰ কৰা ঘৰ-দুৱাৰ, কল-কাৰখানা, দোকান-পোহাৰ এই সকলোবোৰেই আমাৰ পৰিবেশৰ ভিতৰুৱা।

ইয়াৰ বাহিৰেও কিছুমান ভৌতিক উপাদান আছে। যেনে- উষ্ণতা, পোহৰ, বায়ুৰ চাপ, বায়ুমণ্ডলত থকা বিভিন্ন ৰাসায়নিক উপাদান আৰু মধ‍্যাকৰ্ষণ শক্তি আদি। এই সকলোবোৰ সুস্থ, সুস্থিৰ হৈ থাকিলেহে পৰিবেশ এটা সুস্থিৰ হৈ বা সুন্দৰ বুলি ক’ব পাৰি।

পৰিবেশৰ জীৱসমূহ এটা আনটোৰ পৰিপূৰক, গতিকে ঈশ্বৰৰ সৃষ্টি এই সকলোবিলাক ইফাল-সিফাল যদি আমাৰ সুবিধাৰ বাবে কৰি লওঁ তেতিয়া তাৰ পৰিণাম আমি ভোগ কৰিব লাগিব।

৷আমি ইন্টাৰনেটত পোৱা তথ‍্য অনুসৰি ক’ব পাৰো যে- পৰিবেশৰ ভাৰসাম‍্য নোহোৱাৰ বাবে বিশ্বত প্ৰতি বছৰে ১৫ নিযুত লোক খাদ‍্যৰ অভাৱত মৰে। বিশ্বৰ ১০৮ কোটি লোক বায়ু প্ৰদূষণৰ ফলত মৃত‍্যু ঘটে। বিশ্বৰ ১.২ বিলিয়ন মানুহে পৰিষ্কাৰ পানী খাবলৈ নাপাই মৃত‍্যু বৰণ কৰে। এই ভয়াবহ সমস‍্যাৰ কাৰণ আমি মানুহ বুলিয়েই ভাবো। এই সকলোবোৰৰ সমাধানৰ উপায়ো আছে আমাৰ মানুহৰ হাততেই। আজিৰপৰা পঞ্চাচ বছৰৰ আগতে অসমৰ জনসংখ‍্যা আজিৰ তুলনাত কম আছিল।

তেতিয়া নদ-নদীৰ পানী আজিতকৈ বহু পৰিমানে পৰিষ্কাৰ আছিল। আজিকালি অসমৰ যিখন নদীলৈকে চোৱা যায় আমি দেখিবলৈ পাওঁ যে প্ৰতিখন নদীৰ পাৰত যাবৰ-জোথৰৰ দম, পলিথিনৰ প্ৰয়োভৰ দেখা যায়। বাৰিষা পানী বাঢ়ি অহাৰ লগে লগে সেইবোৰ নদীৰ বুকুত যাহ যায়। এনেদৰে যাবৰ-জোথৰৰ ফলত পানী প্ৰদূষিত হয়। পানী প্ৰদূষণৰ ফলত পানীত থকা বহুতো প্ৰাণীৰ মৃত‍্যু হয়। জলভূমি অঞ্চলৰ অসংযত ব‍্যৱহাৰৰ ফলত ইয়াত বাস কৰা জীৱসমূহ বিপন্ন হৈছে।

এনেদৰে নদী এখন নলালৈ পৰিবৰ্তন হোৱাৰ প্ৰমাণ আমাৰ অসমতে আছে। নদী এখন যেতিয়া নলা-নৰ্দমালৈ ৰূপান্তৰিত হয় সেইখন সমাজ কিমান উন্নত এবাৰ ভাবি চাওঁকচোন! লেতেৰা পানী, আৱৰ্জনা, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব‍্য আদিয়ে আনকি বিশ্বৰ উন্নত দেশবোৰকো প্ৰদূষিত কৰিছে।

৫ জুন বিশ্ব পৰিবেশ দিৱস। এই দিৱসটি প্ৰতি বছৰে গোটেই বিশ্বতে পালন কৰা হয়। ইয়াৰ উদ্দেশ‍্য হ’ল বিশ্ববাসীক পৰিবেশৰ প্ৰতি সজাগ কৰা। সকলো মানুহে যাতে পৰিবেশ সংৰক্ষণ কৰি ৰাখি পৃথিৱীত শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰে। এই দিৱসটি প্ৰথম পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে। তেতিয়াৰপৰা ইয়াক প্ৰতি বছৰে পালন কৰি অহা হৈছে।

এতিয়া কথা হ’ল ১৯৭৩ চনত বিশ্বত পৰিবেশ যিমান সুৰক্ষিত আছিল আজি সিমান সুৰক্ষিত নহয়। কেৱল এটা দিন পৰিবেশ দিৱস বুলি গছপুলি এটা ৰুলেই পৰিবেশ সুৰক্ষিত কৰা নুবুজায়। পৰিবেশ সুৰক্ষিত কৰি ৰাখিবলৈ সকলোৱে প্ৰতিদিন অলপ হ’লেও চেষ্টা কৰিব লাগিব। অন‍্যথা পৰিবেশে ভয়ংকৰ ৰূপ লৈ মানুহৰ মৃত‍্যুৰ কাৰণ হৈ থিয় দিব। আমি বিশ্ব পৰিবেশ দিৱস সঁচা অৰ্থত পালন কৰিচোনে, এবাৰ প্ৰতিজন লোকে ভাবি চাবচোন। আমি সভ‍্যতাৰ পোচাক পিন্ধি অট্টালিকাত থকা মানুহবোৰ কিমান পৰিবেশ সচেতন এবাৰ ভাবকচোন!

যেতিয়ালৈকে প্ৰতিজন মানুহৰ মনত পৰিবেশ সুন্দৰ কৰি ৰখাৰ মনোভাব প্ৰকৃতাৰ্থত জাগ্ৰত হ’ব তেতিয়াহে পৰিবেশ পদূষণ মুক্ত হ’ব। বৰ্তমান সময়ত নিজৰ সুবিধা চাই ভবিষ‍্যত কি হ’ব কোনেও একো নাভাবে বাবেই আমাৰ পৰিবেশ বিনষ্ট হৈ দিনে দিনে ই ভয়াবহ ৰূপ ধাৰণ কৰিছে। প্লাষ্টিক ব‍্যৱহাৰ কৰি আমাৰ বৰ্তমান যিমান সুবিধা হৈছে আমি ভবিষ‍্যতে সিমানেই ধ্বংস হ’বলৈ গৈ আছোঁ। নগৰ-গাওঁ সকলোতে বৰ্তমান প্লাষ্টিকে ৰঘুমলাৰ দৰে চানি ধৰিছে।

প্লাষ্টিক ব‍্যৱহাৰে পৰিবেশৰপৰা আৰম্ভ কৰি আমাৰ শাৰীৰিক মানসিক স্বাস্থ‍্যৰ প্ৰতি তীব্ৰ প্ৰত‍্যাহ্বান সৃষ্টি কৰিছে। প্লাষ্টিক মাটিত মিহলি হ’লে মাটিৰ গুণ নাস কৰে। ই কেতিয়াও মাটিৰ লগত মিহলি হৈ নাযায়। আনহাতে প্লাষ্টিক জুইত পুৰি দিলেও তাৰ পৰা বহু বিষাক্ত কেমিকেল বায়ুত মিহলি হয়। ডাক্তৰৰ মতে এই বিষাক্ত কেমিকেলসমূহে কেন্সাৰৰ দৰে ভয়াৱহ ৰোগ সৃষ্টি কৰে।প্লাষ্টিকেৰ ব‍্যৱহাৰে কেৱল যে মানুহকেই অনিষ্ট কৰিছে এনে নহয়, জীৱ-জন্তুৰ ওপৰতো প্ৰভাৱ পেলাইছে। মানুহে ব‍্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক খাই জন্তু মৃত‍্যু মুখত পৰাও দেখা যায়।


মাটি এক প্ৰকাৰ জীৱন্ত সম্পদ। মাটি অবিহনে কোনো প্ৰাণী বা উদ্ভিদ পৃথিৱীত জীৱন ধাৰণ কৰাটো অসম্ভৱ হ’লহেঁতেন। এই মাটি বিভিন্ন কাৰণত প্ৰদূষিত হোৱাৰ ফলত প্ৰকৃতিৰ বুকুত ভীষণ সমস‍্যাই দেখা দিছে। মাটি প্ৰদূষণ সাধাৰণতে চকুৰে দেখিব নোৱাৰি। কৃষিত ব‍্যৱহিত ৰাসায়নিক পদাৰ্থ আৰু উদ‍্যোগিক ক্ষেত্ৰত হোৱা বিকাশৰ ফলত বিভিন্ন প্ৰকাৰৰে মাটি প্ৰদূষিত হৈছে বুলি ক’ব পাৰি।


সেইদৰে বায়ু প্ৰদূষণে মানুহ আৰু অন‍্যান‍্য জীৱ-জন্তুৰ স্বাস্থ‍্যৰ ক্ষতি সাধন কৰে। ৰাসায়নিক,ভৌতিক বা বাহিৰৰ পৰিবেশৰ প্ৰদূষণে বায়ুমণ্ডলৰ প্ৰাকৃতিক বৈশিষ্ট‍্য সলনি কৰে।

বায়ু প্ৰদূষণৰ ফলত মানুহৰ নানা ৰোগ, এলাৰ্জি, আনকি মৃত‍্যু হোৱাও দেখা পাইছো। মানুহৰ কাৰ্যকলাপ আৰু প্ৰাকৃতিক পৰিঘটনা দুয়োটাৰ ফলত বায়ু প্ৰদূষণ হয়।

বায়ু প্ৰদূষণৰ ফলত ক্ৰমাত বৃদ্ধি পাইছে শ্বাস- প্ৰশ্বাসজনিত সংক্ৰমণ, হৃদৰোগ,ষ্ট্ৰোক আৰু হাওঁফাওঁৰ কৰ্কত ৰোগ আদি। ইয়াৰোপৰি বায়ু প্ৰদূষণৰ ফলত উপস্থিত বুদ্ধিমত্তা হ্ৰাস, মানসিক বিকাৰ আদিয়ো বৃদ্ধি পাইছে।

বৰ্তমান সমগ্ৰ পৃথিৱীতে বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৰ্তমান সময়ত মানুহৰ কৃতকৰ্মৰ ফলত বায়ুমণ্ডল বেছিকৈ প্ৰদূষিত হৈছে। বিভিন্ন কল কাৰখানাৰ ধোৱা, যান-বাহন, উৰাজাহাজৰ ইঞ্জিনত ইন্ধনৰ দহন, কয়লা, পেট্ট’লিয়াম দহনৰ ফলত বায়ু প্ৰদূষিত হয়।

তেনেদৰে বায়ুমণ্ডলত সৃষ্টি হোৱা অপ্ৰয়োজনীয় শব্দবোৰে প্ৰদূষণৰো সৃষ্টি কৰে। যান-বাহনৰ জধে-মধে বজোৱা হৰ্ণে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে।


এই প্ৰদূষণৰপৰা বাচি থাকিবলৈ হ’লে পৃথিৱীখন অধিক স্বচ্ছ আৰু সেউজীয়া হ’ব লাগিব। সেউজীয়া উদ্ভিদসমূহে নিজে নিজে খাদ‍্যবস্তু তৈয়াৰ কৰি ল’ব পাৰে।

সেউজীয়া উদ্ভিদে খাদ‍্যবস্তু প্ৰস্তুত কৰাৰ সময়ত জীৱৰ বাবে প্ৰয়োজনীয় আন এবিধ সামগ্ৰী তৈয়াৰ কৰে, সেয়া হৈছে অক্সিজেন। গতিকে গছ-গছনিবোৰ কাটিলে আমি অক্সিজেনৰ অভাৱত মৰিব লাগিব।

এজোপা পৈনত গছ কাটি তাৰ অভাৱ এটা গছ পুলি ৰোপন কৰি পাব পৰা নাযায়। পুলিটো ৰোৱাৰপৰা এজোপা পৈনত গছ হ’বলৈ যথেষ্ট সময় লাগিব।

গতিকে গছ এজোপা ঘপহকৈ কাটি পেলোৱাৰ আগত নকটাকৈ কি ধৰণেৰে আমি কাম কৰিব পাৰিম বা অক্সিজেন লাভৰ কাৰণে কি ব‍্যৱস্থা হাতত লৈছো সেই কথাবোৰ গুৰুত্ব দিয়াটো বৰ্তমান সময়ত অতি দৰ্কাৰী কথা।


পৃথিৱীত ব‍্যাপক হাৰত পৰিবেশ প্ৰদূষণ হোৱাৰ অন‍্যতম কাৰণ এটা হ’ল বনাঞ্চল সংকোচন।


পৰিবেশ প্ৰদূষণৰ প্ৰতি জনসাধাৰণক সজাগ কৰিবলৈ চৰকাৰেও বিশেষ কিছুমান আঁচনি লৈ কাম কৰিব লাগিব। প্লাষ্টিক, পলিথিন বৰ্জন কৰিব লাগিব। যান-বাহনৰ প্ৰদূষণ ৰোধৰ বাবে ব‍্যক্তিগত যান-বাহনৰ সংখ‍্যা কমোৱাৰ ব‍্যৱস্থা কৰিব লাগিব।

বনাঞ্চল সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগিব। বৃক্ষৰোপণত চৰকাৰী ভাৱে কাৰ্যসূচী ল’ব লাগিব আৰু ৰক্ষণা-বেক্ষণৰ দায়িত্ব বহন কৰিব লাগিব। নদীসমূহ ববলৈ ব‍্যৱস্থা কৰি দিব লাগিব।


আমি যদি এখন সুস্থ সবল পৃথিৱী গঢ়ি তুলিব বিচাৰো তাৰ বাবে আমি সকলোৱে প্ৰদূষণ ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগিব।

প্ৰদূষণৰপৰা ৰক্ষা পাবলৈ গছ-গছনি ৰোপণ কৰি সেই গছ-গছনিবোৰ ভালকৈ সুৰক্ষিত কৰাটো আমাৰ দায়িত্ব বুলি ভাবি ল’ব লাগিব। ফটকা-ফুটোওৱা, বোমাবৰ্ষণ, দূষিত বায়ু নিৰ্গত কল-কাৰখানা আদি নিয়ন্ত্ৰণ কৰিব লাগে। তেতিয়াহে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰিম।


জাবৰ-জোঁথৰ আঁতৰত বিজ্ঞান সন্মতভাৱে পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব।


কল-কাৰখানাৰ পৰা ওলোৱা বিষাক্ত লেতেৰা পানীবোৰ নদী, বিল আদিত পেলোৱা বন্ধ কৰিব লাগিব। চহৰৰ নলা-নৰ্দমাৰ লেতেৰা পানী বিজ্ঞান সন্মতভাৱে শোধন কৰি নৈ, বিললৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব। নলা সদৃশ হৈ পৰা নদীবোৰ খণ্ডণ কৰি বহল আৰু দ কৰি ববলৈ ব্যৱস্থা কৰিব লাগিব।


পলিথিন, প্লাষ্টিক আদি মাটিত জধে-মধে পেলাব নালাগিব। মৰা জীৱ-জন্তু পুৰি বা পুটি ভালকৈ পেলাব লাগিব। তেতিয়াহে মাটি প্ৰদূষণ বহুত কমিব।


উন্নত বৈজ্ঞানিক পদ্ধতিৰে আমি শব্দ প্ৰদূষণ কমাব পাৰিলে আমি নিৰোগী জীৱন যাপন কৰিবলৈ সক্ষম হ’ম।


আহকচোন আমি সকলোৱে সজাগ হৈ হাতে-কামে লাগো আমাৰ এই সুন্দৰ পৃথিৱীখনক প্ৰদূষণ মুক্ত পৃথিৱী হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!