Two hundred year old Manasa Temple: ঐতিহ্যপূর্ণ দুশ বছৰীয়া সৰভোগৰ মনসা মন্দিৰ
ঐতিহ্যপূর্ণ দুশ বছৰীয়া সৰভোগৰ মনসা মন্দিৰ

DD TIMESত লিখিছে আকাশ সাহাই
অসমৰ ভূমি প্ৰাচীন কালৰ পৰাই ধৰ্মীয় বিশ্বাস, লোকাচাৰ, পূজা-পাঠ আৰু আধ্যাত্মিক চিন্তাধাৰাৰ এক পৱিত্ৰ ক্ষেত্ৰ হিচাপে পৰিচিত। এই ভূখণ্ডত বিভিন্ন যুগত গঢ় লৈ উঠা মন্দিৰ, থান, নামঘৰ আৰু উপাসনাস্থলসমূহে অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰি আহিছে। লোকবিশ্বাস আৰু আঞ্চলিক সংস্কৃতিৰ সৈতে জড়িত বহু পূজা-পাৰ্বণ আজিও সমাজ জীৱনত বিশেষ গুৰুত্ব বহন কৰি আছে।

অসমৰ বিভিন্ন প্ৰান্তত পোৱা প্ৰাচীন মূৰ্তি, শিলালিপি, ভগ্ন মন্দিৰ, স্থাপত্যৰ অৱশেষ আৰু অন্যান্য প্ৰত্নতাত্ত্বিক নিদৰ্শনে অতীতৰ ইতিহাসক আজিও জীৱন্ত কৰি ৰাখিছে। বিশেষকৈ কামাখ্যা, উমানন্দ, শিৱদৌল, হাজোৰ বিভিন্ন ধৰ্মীয় স্থান আদিয়ে অসমৰ আধ্যাত্মিক ইতিহাসক অধিক সমৃদ্ধ কৰি তুলিছে। এই ঐতিহ্যসমূহ অসমৰ মানুহৰ বিশ্বাস, ভক্তি আৰু সাংস্কৃতিক চেতনাৰ এক উজ্জ্বল প্ৰতিফলন হিচাপে আজিও বিদ্যমান। তদ্ৰূপে সৰভোগ বৰনগৰ অঞ্চলৰ বাৰেগাঁও নাথপাৰত অৱস্থিত ‘শ্রীশ্রী মা মনসা মন্দিৰ’ও এক ঐতিহাসিক আৰু জনবিশ্বাসেৰে সমৃদ্ধ ধৰ্মীয় স্থান। ২০০ বছৰ পূৰ্বে প্ৰতিষ্ঠিত এই মন্দিৰে অঞ্চলটোৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক জীৱনত বিশেষ ভূমিকা পালন কৰি আহিছে। এই মন্দিৰ প্ৰতিষ্ঠাৰ আৰত এনে বহু কাহিনী আৰু লোকবিশ্বাস জড়িত হৈ আছে, যিবোৰ অসমৰ মানুহে জনাটো অতি প্ৰয়োজন।
সময় তেতিয়া মানৰ আক্ৰমণৰ। খ্ৰীষ্টাব্দ ১৮১৭ চনৰ পৰা ১৮২৬ চনলৈকে মানসকলে একাধিকবাৰ অসম আক্ৰমণ কৰিছিল। সেই সময়ত আহোম ৰাজ্য আভ্যন্তৰীণ সংঘাতত দুৰ্বল হৈ পৰাত অসমৰ বহু অঞ্চল ধ্বংসস্তূপত পৰিণত হৈছিল। অসংখ্য লোক গাঁও এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল। এই অশান্ত সময়ছোৱাত ১৮২৬ খ্ৰীষ্টাব্দত পূৱ দিশৰ পৰা মানৰ ভয়ত পলাই অহা কৰীবৰ ঠাকুৰীয়া আৰু বিহুবৰ ঠাকুৰীয়া নামৰ দুই ভাতৃদ্বয় বৰনগৰত উপস্থিত হৈ মা মনসা দেৱীৰ পূজাৰ সূচনা কৰে বুলি জনশ্ৰুতি আছে। সেই সময়ত অৱশ্যে কোনো স্থায়ী মনসা মন্দিৰ নিৰ্মাণ হোৱা নাছিল। মাটিৰে এটি ঢিপ সাজি, মনসা পূজাৰ নামত ভোগস্বৰূপে প্রসাদ আগবঢ়াই ঘট পূজা কৰা হৈছিল বুলি মন্দিৰৰ প্ৰাক্তন সভাপতি প্ৰয়াত শ্রীধৰ্মেশ্বৰ নাথ দেৱাই তেওঁৰ এখন স্মৃতি পত্ৰিকাত উল্লেখ কৰিছে। মনসা দেৱীৰ পূজা কৰা সেই স্থানত মান সেনাই এখন তৰোৱাল পুতি থৈ গৈছিল। তৰোৱালখন এতিয়াওঁ সযতনে সংৰক্ষিত হৈ আছে।
ইয়াৰ পিছত খ্ৰীষ্টীয় উনৈশ শতিকাৰ দ্বিতীয়াৰ্ধত বৰনগৰ এলেকাত মহামাৰী ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাত বহু লোক মৃত্যুমুখত পৰে। সেই সময়ৰ শ্রীঅখৰাম নাথ নামৰ এজন মনসা সাধকে সপোনত দেখা পায় যে মান সেনাই তৰোৱাল পুতি থোৱা স্থানত শ্রীশ্রী মা মনসা দেৱীৰ পূজাৰ ব্যৱস্থা কৰিলে ৰাইজে মহামাৰীৰ পৰা পৰিত্ৰাণ পাব। পিছত তেওঁ এই কথা ৰাইজৰ মাজত প্ৰচাৰ কৰে। ইতিহাস আৰু জনবিশ্বাস মতে, তেতিয়াৰ পৰাই বৰপেটা জিলাৰ সৰভোগৰ বাৰেগাঁও নাথপাৰাত শ্রীশ্রী মা মনসা দেৱীৰ পূজা নিয়মীয়াকৈ চলি আহিছে।

লোককথা আৰু স্মৃতি-পত্ৰিকাৰ তথ্য অনুসৰি, শ্ৰীঅখৰাম নাথ দেৱ ‘অখ দেউৰী’ নামেৰে সুপৰিচিত আছিল। তেওঁ পূজাৰ সময়ত কুঁহিলাৰ সহায়ত ‘মজু’ নিৰ্মাণ কৰি দেৱীৰ আৰাধনা কৰিছিল। পৰৱৰ্তী সময়ত প্ৰয়াত শ্ৰীধৰ্মেশ্বৰ নাথ দেৱাৰ দেউতাক শ্ৰীকান্ত নাথ দেৱেও এই ‘মজু’ নিৰ্মাণৰ পৰম্পৰাক আগুৱাই লৈ যায় আৰু পূজাৰ বাবে মজু তৈয়াৰ কৰিছিল।
এই ‘মজু’ হৈছে এক বিশেষ প্ৰতীকধৰ্মী সৃষ্টিকর্ম, য’ত দেৱ-দেৱীৰ পৌৰাণিক কাহিনিসমূহ চিত্ৰৰ মাধ্যমেৰে অংকন কৰি সুন্দৰভাৱে সজোৱা হয়। এই মজু ধৰ্মীয় পৰম্পৰা আৰু লোকশিল্পৰ এক অনন্য নিদৰ্শন৷ দেৱীৰ এই পূজা-পদ্ধতিৰ এক বিশেষ বৈশিষ্ট্য হৈছে— ইয়াত ওজাপালিৰ লগতে দেওধানীৰ দ্বাৰাও দেৱীৰ আৰাধনা সম্পন্ন কৰা হয়। ওজাপালিৰ গীত-মাত, নৃত্য আৰু কাহিনিৰ উপস্থাপনে পূজাৰ আধ্যাত্মিক পৰিৱেশ অধিক গাম্ভীৰ্যপূর্ণ কৰি তোলে। একে সময়তে, দেওধানীয়ে আধ্যাত্মিক ভাবাৱেগ আৰু লোকবিশ্বাসৰ আধাৰত দেৱীৰ উপাসনা আগবঢ়ায়। এই সমন্বিত পূজা-পদ্ধতিয়ে অঞ্চলটোৰ লোক-সংস্কৃতি আৰু আধ্যাত্মিক ঐতিহ্যক বিশেষভাৱে সমৃদ্ধ কৰি আহিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বহু লোকাচাৰ বিলুপ্তিৰ পথত গ’লেও স্থানীয় ৰাইজ আৰু ভক্তবৃন্দৰ নিষ্ঠা আৰু ভক্তিৰে দুই বছৰৰ মূৰে মূৰে পাঁচ দিনীয়া কাৰ্যসূচীৰে এই পূজা মহাসমাৰোহে উদ্যাপন কৰি আজিলৈকে সজীৱ কৰি ৰাখিছে। পূজাৰ লগত জড়িত কেইবাখনো পৱিত্ৰ স্থানৰ বিশেষ গুৰুত্ব আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে মোৰ ঘৰৰ ওচৰৰ ‘কিষানচন’ নামৰ পুখুৰী; য’ৰ পৰা পূজাৰ বাবে প্রয়োজনীয় পবিত্ৰ পানী সংগ্ৰহ কৰা হয়। লোকবিশ্বাস অনুসৰি, এই পানী অত্যন্ত পৱিত্ৰ আৰু পূজাৰ এক অবিচ্ছেদ্য অংশ। পূজাৰ অন্তিম পৰ্যায়ত ‘মজু’খন এক নিৰ্দিষ্ট পৱিত্ৰ স্থানত সংৰক্ষণ কৰি ৰখা হয়। স্থানীয় লোকবিশ্বাস মতে, এই পূজাৰ নীতি-নিয়মত সামান্য উলংঘন ঘটিলে অশুভ ফল বা ভয়ানক বিপদ সংঘটিত হ’ব পাৰে বুলি আমি শুনিবলৈ পাওঁ। সেইবাবে আজিও ৰাইজে গভীৰ ভক্তি আৰু সতর্কতাৰে এই পূজা-পদ্ধতি পালন কৰি আহিছে।
প্ৰয়োজনীয় কথাটো হ’ল যে, এই মন্দিৰ ৰ ইতিহাস-সম্বলিত তথ্য তুলনামূলকভাৱে অতি কম। কিন্তু ইতিহাসৰ লিখিত সমল কম হ’লেও এই মন্দিৰৰ আধ্যাত্মিক প্ৰভাৱ আৰু জনবিশ্বাস অত্যন্ত গভীৰ। পূজাৰ সময়ত বহু দূৰ-দূৰণিৰ পৰা অগণন ভক্ত আৰু দৰ্শনাৰ্থীৰ সমাগম ঘটে। বিশেষকৈ মন্দিৰটো ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত হোৱাৰ বাবে অহা-যোৱা কৰা বহু লোকে মন্দিৰত শিৰ নত কৰি মা মনসা দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰে। স্থানীয় লোকবিশ্বাস অনুসৰি, আন্তৰিক ভক্তিৰে কৰা মনোবাঞ্ছা মা মনসা দেৱীয়ে পূৰণ কৰে। এই মন্দিৰ নিৰ্মাণৰ লগত জড়িত প্ৰমুখ ব্যক্তিসকলৰ বংশধৰসকল আজিও মন্দিৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে। সকলোৰে নাম উল্লেখ কৰাটো সম্ভৱ নহয়। তেওঁলোকৰ নিষ্ঠা আৰু একান্ত প্রচেষ্টাৰ ফলতেই অসমৰ ভূমিত শ্ৰীশ্ৰী মা মনসা দেৱীৰ এই ঐতিহ্যবাহী মন্দিৰটো ২০০ বছৰ ধৰি বুৰঞ্জীৰ পাতত অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷
মনসা দেৱীৰ পূজাৰ শাস্ত্ৰীয় ভিত্তিও বিশেষ তাৎপৰ্যপূর্ণ। যদিও বৈদিক সাহিত্যত মনসা দেৱীৰ নাম স্পষ্টকৈ পোৱা নাযায়, তথাপি সৰ্প-উপাসনা আৰু বিষ নাশৰ সৈতে জড়িত বহু উল্লেখ বৈদিক যুগৰ পৰাই দেখা যায়। বিশেষকৈ অথৰ্ববেদত সৰ্পদংশনৰ পৰা ৰক্ষা পোৱা আৰু বিষ নাশৰ উদ্দেশ্যে বহু সূক্ত ৰচনা কৰা হৈছিল। উদাহৰণস্বৰূপে, “অথৰ্ববেদৰ কাণ্ড ৫, সূক্ত ১৩ সর্পবিষ নাশঃ দেৱতা বৰুণৰ পৰা প্ৰাপ্ত অমোঘ মন্ত্ৰেৰে ঋত্বিজে সাপে খোঁটা মানুহৰ বিষ নাশ কৰিছে। মঙহ আঁতৰি যোৱা বা নোযোৱা উত্তম, মধ্যম আৰু অধম বিষ শৰীৰত যেনেকৈয়ে নোসোমাওক, সকলো বিষ মেঘৰ গাজনিৰ দৰে মতা মন্ত্ৰেৰে ঋত্বিজে টানি নিজে গ্রহণ কৰিছে। কৈৰাত, তমাত, সাত্ৰাসাহ আৰু গুলা বৃক্ষত থকা, দাসীৰ সন্তান, পানী আৰু মাটিত থকা ক’লা, ফুটফুটীয়া, ধোঁৱা বৰণীয়া— সকলো সাপৰ বিষ নাশ কৰা হৈছে”৷ ( ড° খৰ্গেশ্বৰ ভূঞা, চাৰিবেদৰ পৰিচয়, পৃষ্ঠা- ৪০৪) ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বৈদিক যুগতেই সাপক এক অলৌকিক আৰু শক্তিশালী সত্তা হিচাপে গণ্য কৰা হৈছিল। পৰৱৰ্তী সময়ত মহাভাৰত আৰু বিভিন্ন পুৰাণত নাগ-সংস্কৃতি অধিক বিস্তৃত ৰূপ লাভ কৰে। দেৱী ভাগৱত আৰু ব্রহ্ম বৈৱৰ্ত পুৰাণ আদিত মনসা দেৱীক বিষহৰী আৰু নাগদেৱী হিচাপে বৰ্ণনা কৰা হৈছে।
এনেদৰে, সৰভোগ বৰনগৰৰ বাৰেগাঁও নাথপাৰত অৱস্থিত ‘শ্ৰীশ্ৰী মা মনসা মন্দিৰ’ অসমৰ ধৰ্মীয়, লোকবিশ্বাস, সংস্কৃতি আৰু ঐতিহাসিক পৰম্পৰাৰ এক জীৱন্ত স্মাৰক। ২০০ বছৰ ধৰি প্ৰজন্মৰ পিছত প্ৰজন্মই ভক্তি, নিষ্ঠা আৰু আস্থাৰে এই পূজা-পৰম্পৰাক জীয়াই ৰাখিছে। আধুনিকতাৰ প্ৰভাৱত বহু লোকসংস্কৃতি বিলুপ্তিৰ পথত আগবাঢ়ি যোৱাৰ সময়তো এই পূজা-পৰম্পৰাৰ চর্চা অসমীয়া সমাজ-সংস্কৃতিৰ বাবে বিশেষ তাৎপৰ্যপূর্ণ। সেয়ে এই ঐতিহ্যৰ সঠিক সংৰক্ষণ, গবেষণা আৰু প্রচাৰ-প্ৰসাৰ অতি প্রয়োজনীয়, যাতে ভৱিষ্যৎ প্রজন্মইও অসমৰ এই গৌৰৱোজ্জ্বল আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰে।

