GUWAHATI: ‘নিৰ্বাক’ৰ প্ৰশিক্ষাৰ্থী ৰাজদীপ গোস্বামীলৈ চিচিআৰটিৰ সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তি
মূকাভিনয়ৰ অন্যতম শিক্ষানুষ্ঠান ‘নিৰ্বাক’ৰ প্ৰশিক্ষাৰ্থী ৰাজদীপ গোস্বামীলৈ চিচিআৰটিৰ (২০২৫-২৬) সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তি

DD TIMES গুৱাহাটী, ২০ এপ্ৰিলঃ গুৱাহাটী মহানগৰী নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰাজদীপ গোস্বামীক ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ Centre for Cultural Resources and Training (CCRT)ৰ Cultural Talent Search Scholarship Scheme (২০২৫–২৬)ৰ বাবে আঞ্চলিক নিৰ্বাচনী সমিতিয়ে মনোনীত কৰিছে।
ৰাজদীপ গোস্বামী হৈছে গল্পকাৰ-শিশু নাট্যকাৰ তথা ৰাজ্যিক বঁটা প্ৰাপক কৃৰ্তী শিক্ষক উপেন গোস্বামী আৰু হিমাশ্ৰী দেৱীৰ পুত্ৰ।
তেওঁ মূকাভিনয় (Mime) শিল্পত NEZCCৰ Young Mime Artist Awardee মিনাংক ডেকাৰ অধীনত প্ৰশিক্ষণ লৈ আছে।

ৰাজদীপ গোস্বামীয়ে বিগত বৰ্ষসমূহত মূকাভিনয়ৰ বিভিন্ন সজাগতাৰ অনুষ্ঠানত অংশ লোৱাৰ লগতে অধ্যয়নৰত বিদ্যালয়ৰ সাংস্কৃতিক কাৰ্যসূচী আৰু চি চি আৰ টি ৰ অধীনত অনুষ্ঠিত হোৱা কৰ্মশালা আদি অংশ গ্ৰহণ কৰি আহিছে। এই সফলতাই কম বয়সতেই তেওঁৰ নিষ্ঠা আৰু প্ৰতিভাৰ প্ৰমাণ বহন কৰে।
এই সাফল্যই তেওঁৰ পৰিয়াল, বিদ্যালয় আৰু অসমৰ সাংস্কৃতিক সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। টীম ‘নিৰ্বাক’ আৰু শুভাকাংক্ষীসকলে তেওঁলৈ আন্তৰিক অভিনন্দন আৰু আগন্তুক দিনসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

