অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: কংগ্ৰেছ চৰকাৰ গঠন হ’লে তিনিমাহৰ ভিতৰতে জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ কৰা হ’বঃ গৌৰৱ গগৈ

Spread the love

▪️গহপুৰ, বিহপুৰীয়া, ৰঙানদী সমষ্টিত প্ৰাৰ্থী শংকৰজ্যোতি কুটুম, নাৰায়ণ ভূঞা, জয়ন্ত খাউণ্ডক লগত লৈ গৌৰৱ গগৈৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
▪️কংগ্ৰেছ চৰকাৰ গঠন হ’লে তিনিমাহৰ ভিতৰতে জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ কৰা হ’বঃ গৌৰৱ গগৈ
▪️অধিসূচনা জাৰিৰ পিছতে পশ্চিমবংগত ডিচি-এছপিক আয়োগে বদলি কৰিলে, অসমত বিষয়াসকলক কেতিয়ালৈ বদলি কৰিব বুলিও প্ৰশ্ন

DD TIMES গুৱাহাটী, ১৬ মাৰ্চঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছতে সাংগঠনিক কাম-কাজৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে গৌৰৱ গগৈয়ে গুৱাহাটীৰ পৰা সাংগঠনিক যাত্ৰা আৰম্ভ কৰি ডিমৰীয়া, ৰহা, নগাঁও, চামগুৰি, তেজপুৰ, ঢেকীয়াজুলি আদি বিধানসভা সমষ্টিত ১৫ মাৰ্চৰ দিনটোত জিলা আৰু ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ ৰাইজৰ সৈতে মত-বিনিময় কৰে।

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সভাপতি গৌৰৱ গগৈয়ে সময় পৰিৱৰ্তনৰ শীৰ্ষক যাত্ৰাৰে ইতিমধ্যে ঘোষণা হোৱা কংগ্ৰেছৰ প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি নিজৰ বিজয় সুনিশ্চিত কৰিবলৈ সংকল্প ল’বলৈ আহ্বান জনায়। সভাপতি গগৈয়ে আজি উত্তৰ অসমত নিজৰ সাংগঠনিক তৎপৰতা অব্যাহত ৰাখে। আজি পুৱা গহপুৰ, বিহপুৰীয়া আৰু ৰঙানদী সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়।

গহপুৰত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, প্ৰাৰ্থী শংকৰজ্যোতি কুটুম, বিহপুৰীয়াত প্ৰাৰ্থী নাৰায়ণ (ৰাম) ভূঞা আৰু ৰঙানদী সমষ্টিত প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ লগতে জ্যেষ্ঠ উপ-সভাপতি ঘন বুঢ়াগোহাঁই, এপিচিচিৰ সাধাৰণ সম্পাদক জয়প্ৰকাশ দাস আৰু উদিত ভানু দাসক লগত লৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰে সভাপতি গৌৰৱ গগৈ।

গহপুৰত সমষ্টিটোৰ প্ৰাৰ্থী শংকৰ কুটুম, বিহপুৰীয়াত প্ৰাৰ্থী নাৰায়ণ (ৰাম) ভূঞা আৰু ৰঙানদী সমষ্টিত প্ৰাৰ্থী জয়ন্ত খাউণ্ডক লগত লৈ চলোৱা প্ৰচাৰ অভিযানত বিপুল জনসমাগম ঘটা দেখা যায়। যাত্ৰাৰ মাজতে গৌৰৱ গগৈয়ে ভিন্ন স্থানত স্থানীয় সাংবাদিকসকলৰে বাৰ্তালাপ কৰে। এই বাৰ্তালাপত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কেবাটাও বিষয়ক লৈ নিজৰ মতামত দাঙি ধৰে। প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছতে টিকট প্ৰত্যাশী একাংশ নেতাই দলত্যাগ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ”দলৰ পৰা যিসকলে পদত্যাগ কৰিছে সেই পদত্যাগ পত্ৰ আমি আজিলৈ গ্ৰহণ কৰা নাই৷ আমাৰ যদি প্ৰাৰ্থী তালিকা চাই দেখিব যে নতুন মুখক প্ৰাথমিকতা আৰু গুৰুত্ব দিছো৷

যিসকলে ইয়াৰ পূৰ্বে কেতিয়াও নিৰ্বাচনত ভাগ লোৱা নাই তেনে নেতা-কৰ্মীয়ে প্ৰাৰ্থিত্ব পাইছে৷ আমি বিচাৰো যে কংগ্ৰেছ দলত এক নতুনত্ব আহক৷ অসমৰ জনসাধাৰণে এখন নতুন বৰ অসমত এটা নতুন কংগ্ৰেছ দল দেখা পাওক তেনে এক উদ্দেশ্যে লৈ আমি আগবাঢ়ি গৈছো৷ আজি দেখিছো যে মানুহৰ মাজত নতুন উৎসাহ৷ যুঁজ এখন হ’ব৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আতৰাম৷’’ অগপ আৰু বিজেপি দলে টিকট ঘোষণা নকৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয় যে আমি ইতিমধ্যে দুখনকৈ তালিকা প্ৰকাশ কৰিলো৷

আমি তৃতীয় তালিকা প্ৰকাশ কৰিম৷ কিন্তু কিছুমান কাৰ্ড গোপনে ৰাখিব লাগিব৷ আমি সকলো কাৰ্ড খুলি দিব নোৱাৰো৷ আমাৰ তৃতীয় তালিকা প্ৰস্তুত হৈ আছে৷ কিন্তু আমি অলপ চাই লও৷ আমি ইতিমধ্যে আধাতকৈয়ো বেছি আসনত প্ৰাৰ্থী ঠিক কৰিছো৷ ক’ত আমি খেলিম, ক’ত বিৰোধী দল খেলিব সকলো ঠিক হৈ আছে৷ মিত্ৰতা সন্দৰ্ভতো গৌৰৱ গগৈয়ে মন্তব্য কৰে।

তেওঁ কয় যে মিত্ৰতা সন্দৰ্ভত সকলো কথা কেন্দ্ৰীয় নেতৃত্বই জানে৷ মিত্ৰতা সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই যি নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা প্ৰদেশ কংগ্ৰেছে মানি ল’বলৈ প্ৰস্তুত হৈ আছে বুলিও কয় গগৈয়ে। যাত্ৰাৰ সময়ত জুবিন ক্ষেত্ৰৰ নাজল-নাথল অৱস্থাক লৈয়ো মন্তব্য কৰে গগৈয়ে। তেওঁ কয়, ”আজি জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনিক লৈ বহু মানুহৰ অভিযোগ আছে৷ কংগ্ৰেছ চৰকাৰ গঠন হ’লে মাথো তিনিমাহৰ ভিতৰত আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হ’ব৷’’ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় বুলিও গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে প্ৰদ্যুৎ বৰদলৈয়ে হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভত গগৈয়ে কয়, ”আমাৰ সংগঠনৰ ভিতৰত সকলোৱে মুকলিকৈ কথা কোৱাৰ পৰিৱেশ আছে৷

কিন্তু আজি বিজেপিত সৰ্বানন্দ সোণোৱালৰ এখন ফটোও নাথাকে৷ সৰ্বানন্দ সোণোৱালে এষাৰ কথা ক’বলৈ সুবিধা পাইছে জানো? সৰ্বানন্দ সোণোৱাল এজন জনজাতীয় লোক৷ কিন্তু আজি সোণোৱালৰ চেহেৰাই নাই৷ সোণোৱাল এজন সোণোৱাল জনগোষ্ঠীৰ লোক৷ সোণোৱালক গুৰুত্ব নিদিলে, ফটো ব্যৱহাৰ নকৰে৷ সোণোৱালক মছি পেলাব খোজা হৈছে৷ সৰ্বানন্দ সোণোৱালৰ দিনত দুৰ্নীতি হোৱা বুলিও কোৱা হৈছে৷’’ আনহাতে, এটা পৰ্যায়ত যে নিৰ্বাচন অনুষ্ঠিত হ’ব সেই কথা আমি আগতে জানো বুলিও কয় গগৈয়ে।

তেওঁ কয় যে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰাৰ্থী থিয় কৰোৱা হৈছে৷ গগৈয়ে আৰু কয়, ”কংগ্ৰেছ দল প্ৰস্তুত হৈ আছে৷ এটা পৰ্যায়ত হওক বা দুটা পৰ্যায়ত হওক আমি সাজু৷ আমি নিৰ্বাচন আয়োগক এটাই আহ্বান জনাও যে নিৰ্বাচন আয়োগে পশ্চিমবংগৰ দৰে অসমত ডিজিপিকে ধৰি বিভিন্ন আৰক্ষী বিষয়া, প্ৰশাসনিক বিষয়াক বদলি কৰক৷ পশ্চিমবংগত বিজেপি চৰকাৰ নাই বাবে এইবোৰ কৰা হৈছে৷

উচ্চপদস্থ বিষয়াক বদলি কৰিলে৷’’ কিন্তু অসমত এছপি-ডিচিকে ধৰি বিভিন্ন বিষয়াৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছিল সেইসকলক এতিয়ালৈ কিয় বদলি কৰা হোৱা নাই বুলিও প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!