Khring Khring Baitho Puja: খ্ৰীং খ্ৰীং বাইথ’ পূজাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ আধ্যাত্মিক শিক্ষাৰ অবিহনে মানুহে কেতিয়াও শৃঙ্খলাবদ্ধতা আয়ত্ত কৰিব নোৱাৰে
পাঁচ হাজাৰ বছৰ পুৰণি ভাৰতীয় সনাতন সংস্কৃতিৰ আধাৰতে আজি ভাৰতবৰ্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিশ্বৰ বুকুত মৰ্যাদাসহকাৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
খ্ৰীং খ্ৰীং বাইথ’ পূজা উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ৰ জকাইত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ
আধ্যাত্মিক শিক্ষাৰ অবিহনে মানুহে কেতিয়াও শৃঙ্খলাবদ্ধতা আয়ত্ত কৰিব নোৱাৰেঃ সোণোৱাল

DD TIMES ডিব্ৰুগড়, ২ মাৰ্চ, ২০২৬ঃ অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ পৰম্পৰাগত পাৰ্ৱণ খ্ৰীং খ্ৰীং বাইথ’ পূজা (Khring Khring Baitho Puja) উপলক্ষে আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ জকাইত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

সোণোৱালে কয়, “কৃষিভিত্তিক এই ধৰ্মীয় উৎসৱে আমাৰ ঐতিহ্য-পৰম্পৰা, একতা সুদৃঢ় কৰি কঢ়িয়াই আনক শস্যসম্ভৱা বতৰা আৰু সকলোৰে জীৱনত বিৰাজমান কৰক অফুৰন্ত সুখ-শান্তি, সমৃদ্ধিৰ অমিয়া বতৰা।”

এই সময়ছোৱাত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপু ডেকা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “সোণোৱাল কছাৰী সম্প্ৰদায়ৰ আধ্যাত্মিক পৰিচয় খ্রীং খ্রীং বাইথ’ পূজাৰ যোগেদি প্রকাশ পায়। তাহানি কালৰে পৰা আমাৰ উপৰিপুৰুষসকলে আমাক এই শক্তিশালী আধ্যাত্মিক পৰম্পৰা উপহাৰ দি গৈছে।

আজি এই শুভক্ষণত সেইসকল মহান মনীষী, উপৰি পুৰুষ, দেৱতাসকললৈ মই মোৰ গভীৰ প্ৰণিপাত যাচিছোঁ। খ্রীং খ্রীং বাইথ’ দেৱতাৰ চৰণত কোটি কোটি প্ৰণিপাত যাচি সকলোৰে কুশল-মংগলৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। যদি আমি সকলোৱে জীৱনৰ বাটত শৃঙ্খলাবদ্ধভাৱে অগ্ৰগতি লাভ কৰিব বিচাৰোঁ, তেতিয়াহ’লে আধ্যাত্মিক চিন্তা-চৰ্চাৰে সমাজক প্ৰাণৱন্ত কৰি তুলিব লাগিব।

আধ্যাত্মিক শিক্ষাৰ অবিহনে মানুহে কেতিয়াও শৃঙ্খলাবদ্ধতা আয়ত্ত কৰিব নোৱাৰে। গতিকে সেইকাৰণে তাহানি কালৰ পৰা আমাৰ গুৰুসকলেও বিভিন্ন শতিকাত এই কথাবিলাক আমাৰ সমাজ ব্যৱস্থা শক্তিশালী কৰাৰ নিমিত্তে, সমাজখন শৃঙ্খলাবদ্ধ কৰি তুলিবৰ বাবে শক্তিশালী আধ্যাত্মিক পৰম্পৰা প্ৰৱৰ্তন কৰি থৈ গৈছে। পাঁচ হাজাৰ বছৰ পুৰণি ভাৰতীয় সনাতন সংস্কৃতিৰ বিষয়ে আপোনালোক সকলোৱে অধ্যয়ন কৰিছে।

সেই সনাতন সংস্কৃতিৰ পৰাই যিটো সংস্কাৰ আমি লাভ কৰিছোঁ, সেই পৰম্পৰাৰ আধাৰতে আজি ভাৰতবৰ্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিশ্বৰ বুকুত মৰ্যাদাসহকাৰে নিজৰ বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক চিন্তা-চৰ্চাৰে সুখ্যাতিৰে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ যথেষ্ট শক্তিশালী। আৰু এই শতিকাটো প্ৰতিযোগিতাৰ শতিকা। গতিকে এই শতিকাত যদি এটা জনগোষ্ঠীয়ে নিজৰ স্বকীয় বৈশিষ্ট্য অটুট ৰাখি নিজৰ শক্তিশালী পৰিচয় যদি দিব বিচাৰে, তেতিয়াহ’লে আধ্যাত্মিক আৰু সাংস্কৃতিকভাৱে সেই জনগোষ্ঠীটো বিশেষভাৱে শক্তিশালী হ’ব লাগিব।

গতিকে মই ভাবোঁ যে আজি আমাৰ সোণোৱাল কছাৰী সম্প্ৰদায়টোক একবিংশ শতিকাত পৃথিৱীৰ অন্যতম শক্তিশালী সম্প্ৰদায় হিচাপে গঢ়ি তুলিব লগা হ’লে শিক্ষা, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান, কৃষি, উদ্যোগ, বাণিজ্য, মহাকাশ বিজ্ঞান, গৱেষণা, মহাসাগৰ বিজ্ঞান আৰু গৱেষণা আদি সকলো স্তৰতে নতুন প্ৰজন্মক শক্তিশালী কৰিব লাগিব যাতে তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব পাৰে। আৰু পাৰদৰ্শিতা দেখুৱাব লগা হ’লে শৃঙ্খলাবদ্ধ যাত্ৰাৰে আগুৱাই যোৱাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব।”

