অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Maghi Purnima Festival: মাঘী পূৰ্ণিমা উৎসৱত হৰিনামেৰে মুখৰ বাক্সাৰ সুৱনশ্ৰী

Spread the love

মাঘী পূৰ্ণিমা উৎসৱত হৰিনামেৰে মুখৰ বাক্সাৰ সুৱনশ্ৰী

DD TIMES মুছলপুৰ, ১ ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত মধ্য সুৱনশ্ৰী নামঘৰ সমিতিৰ উদ্যোগত ৭৬ সংখ্যাক প্ৰতিষ্ঠা দিৱস আৰু মাঘী পূৰ্ণিমা উৎসব আজি দিনজোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয়। আজি দিনজোৰা কৈ অনুষ্ঠিত এই উৎসৱক লৈ সমগ্ৰ সুৱনশ্ৰীৰ আকাশ-বতাহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে আৰু এক উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰে।

এই লৈ ৰাতিপুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰি নামঘৰ সমিতিৰ সভাপতি উৎপল কুমাৰ কলিতাই আজিৰ সমাজৰ অবক্ষয়ত আধ্যাত্মিকতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে কোনো ধৰ্মই আন ধৰ্মক ঘৃণা কৰিব শিকোৱা নাই বুলি কয়।

ইয়াৰ পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সুৱনশ্ৰী আঞ্চলিক শিৱ পূজা মহোৎসৱ সমিতিৰ সম্পাদক তাৰিণী কলিতাই আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে নামঘৰ পৰিচালনা সমিতিৰ উপ-সভাপতি বসন্ত মেধিয়ে।পুৱা দহ বজাত উলিওৱা হয় ভাগৱত শোভাযাত্ৰা।

এই ভাগৱত শোভাযাত্ৰাত অঞ্চলটোৰ পুৰুষ-মহিলা, যুবক-যুৱতী সকলোৱে অংশগ্ৰহণ কৰি হৰিনামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে। এই ভাগৱত ভ্ৰমণ তিনি কিলোমিটাৰ পথ সামৰি লোৱা হয়। ভাগৱত ভ্ৰমণৰ শেষত চক্ৰধৰ কলিতাই ভাগৱত পাঠ কৰে।

দুপৰীয়া ভক্তপ্ৰাণ ৰাইজৰ মাজত মাহ-প্ৰসাদ বিতৰণ কৰাৰ লগতে এক প্ৰীতি ভোজনৰ আয়োজন কৰা হয়। য’ত অঞ্চলটোৰ কেইবাশ লোকে একেলগে বহি অন্ন গ্ৰহণ কৰি সামূহিক একতাৰ পৰিচয় দিয়ে।

সন্ধিয়া সমাজৰ মঙ্গল কামনা কৰি সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীত শ শ বন্তিৰে এক আলোকসজ্জাৰ সৃষ্টি কৰা হয়। এই অনুষ্ঠানে অঞ্চলটোৰ ৰাইজৰ মাজত আধ্যাত্মিকতাৰ সৃষ্টি কৰাৰ লগতে একতা আৰু ভাতৃত্ববোধ দৃঢ় কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!