Santosh Trophy Football Tournament: ঢকুৱাখনা, চিলাপথাৰত আৰম্ভ ৭৯ সংখ্যক সন্তোষ ট্ৰফী, বেংগল, ৰাজস্থান আৰু তামিলনাডুৰ জয়েৰে আৰম্ভণি
ঢকুৱাখনা, চিলাপথাৰত আৰম্ভ ৭৯ সংখ্যক সন্তোষ ট্ৰফী, বেংগল, ৰাজস্থান আৰু তামিলনাডুৰ জয়েৰে আৰম্ভণি

DD TIMES ঢকুৱাখনা আৰু চিলাপথাৰ, ২১ জানুৱাৰীঃ আজিৰে পৰা ঢকুৱাখনা আৰু চিলাপথাৰত ৭৯ সংখ্যক সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ আৰম্ভণি হয়। প্ৰতিযোগিতাৰ প্ৰথমটো দিনত অনুষ্ঠিত হোৱা খেলত ডিফেণ্ডিং চেম্পিয়ন পশ্চিমবঙ্গ, তামিলনাডু আৰু ৰাজস্থান বিজয়ী হয়।

চিলাপথাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, অসম চৰকাৰৰ মন্ত্ৰী ৰনোজ পেগু আৰু নন্দিতা গাৰ্লোচা, বিধায়ক তথা অসম ফুটবল সন্থাৰ সভাপতি নব দলে আৰু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে অল ইণ্ডিয়া ফুটবল আৰু অসম ফুটবলৰ প্ৰতিনিধি আৰু দৰ্শকৰ উপস্থিতিত প্ৰতিযোগিতাৰ শুভাৰম্ভনি কৰে।

চিলাপথাৰত অনুষ্ঠিত হোৱা অসম বনাম তামিলনাডুৰ খেলখনত তামিলনাডুয়ে অসমক ১–০ গ’লত পৰাস্ত কৰে। মেচৰ তৃতীয় মিনিটতেই দেৱদত্ত এছ-এ একমাত্ৰ গ’লটো কৰে। অসমে ক্ষমতা স্থাপনৰ চেষ্টা চলালেও তামিলনাডুৰ সুশৃঙ্খল ৰক্ষণে অসম দলক বাধা দি ৰাখিবলৈ সক্ষম হয়।

আনহাতে অন্য দুখন গ্ৰুপ এৰ খেলত পশ্চিমবঙ্গে দলে নাগালেণ্ডক ৪–০ গ’লত পৰাস্ত কৰে। ৰবি হান্সদাই খেলৰ ২ মই গ’ল কৰি দলক আগুৱাই দিয়ে।

সায়ন বন্দ্যোপাধ্যায়, আকাশ হেমৰাম আৰু আকিব নৱাবেও গ’ল কৰি পশ্চিমবঙ্গৰ সহজ জয় নিশ্চিত কৰে। উল্লেখ্য যে বৃহৎ গ’ল ব্যৱধানৰ বাবে পশ্চিমবঙ্গ তালিকাৰ শীৰ্ষস্থানত উপনীত হয়।

দিনৰ প্ৰথমখন খেলত ৰাজস্থানে উত্তৰাখণ্ডক ৩–২ গ’লত পৰাস্ত কৰে। ৰাজস্থানৰ হৈ অমিত কুমাৰে প্ৰথম মিনিটতেই গ’ল কৰে আৰু মুকেশ কুমাৰে দুটা গ’ল কৰি দলক বিজয়ৰ মুখলৈ লৈ যায়।

২২ জানুৱাৰীত গ্ৰুপ বিৰ খেলত চিলাপথাৰত মণিপুৰ বন পাঞ্জাৱ, ৰাতিপুৱা ৯বজা আৰু দুটা বজাৰ পৰা ওৰিষ্যা বনাম মেঘালয়ৰ খেল অনুষ্ঠিত হ’ব।

আনহাতে ঢকুৱাখনাত দিনৰ ২ বজাত চাৰ্ভিছেছ বনাম ৰে’লৱে দলৰ খেল আৰম্ভ হ’ব।

