অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Assam Congress: বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ গুৰুতৰ অভিযোগ

Spread the love

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ গুৰুতৰ অভিযোগ


সমষ্টিত ৫ৰ পৰা ১০ হাজাৰ বহিঃৰাজ্যৰ ভোট অন্তৰ্ভুক্তিৰ নিৰ্দেশ

DD TIMES গুৱাহাটী, ৬ জানুৱাৰীঃ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অসম চুক্তিৰ আধাৰত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ভোটাৰ তালিকাৰ ‘এছআৰ’ বা বিশেষ সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে ভয়াৱহ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই প্ৰক্ৰিয়াৰ দ্বাৰা আচলতে অসমৰ জনগাঁথনি সলনি কৰি দিয়াৰ এক কৌশল বুলি দাবী কৰিছে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই৷

বহিঃৰাজ্যৰ লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বিস্ফোৰক প্ৰমাণ পোহৰলৈ অহাৰ পিছতে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই আজি সাংবাদিকৰ সন্মুখত ভোটাৰ বৃদ্ধিৰ বাবে শাসকীয় দলৰ ফালৰ পৰা গোপন নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰে৷ একেবাৰে অন্তিম মুহূৰ্তত ৫ৰ পৰা ১০ হাজাৰকৈ অচিনাকী মানুহৰ নাম প্ৰতিটো বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ’ব লাগে বুলি নিৰ্দেশ দিয়াৰ অভিযোগ আনি শইকীয়াই কয় যে যাতে ভাড়াতীয়া বা অনা-অসমীয়া ভোটাৰৰ যোগেদি অসম চুক্তিক নস্যাৎ কৰি বিজেপিৰ সম্ৰাজ্যবাদী-ফেচিবাদী চৰকাৰখন আৰু ৫ বছৰলৈ আনিবলৈ পাৰে৷

গুৱাহাটীৰ মাজ-মজিয়াত অসম চুক্তিক আঘাত হনাৰ প্ৰমাণ পোৱা গৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষতে তৈয়বুল্লা পথৰ ঘৰত বিহাৰ-উত্তৰ প্ৰদেশৰ মানুহক ভোটাৰ কৰা হৈছে৷ ৪৪ নং ঘৰ আৰু ২নং ঘৰত ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ ৪৪ নং ঘৰত চাৰিজন লোকৰ সৈতে অতিৰিক্ত চাৰিজন বিহাৰী আৰু হিন্দীভাষী মানুহৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে৷ ২নং ঘৰত কাজি নেকিব থাকে৷

তেওঁৰ ঘৰৰ সদস্য দুজন৷ তাৰ ঠাইত অতিৰিক্ত ৩ জন লোকৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷ আমি বিধানসভাত বিহাৰ, উত্তৰ প্ৰদেশৰ মানুহ যদি অসমৰ ভোটাৰ তালিকাত নাম সোমাই তেতিয়া কি হ’ব বুলি আমি প্ৰশ্ন কৰিছিলো৷

অসম চুক্তি কেনেকৈ ৰক্ষণা-বেক্ষণ হ’ব, অসমৰ ৰাজনীতি-অৰ্থনীতি কেনেকৈ মুক্ত হৈ থাকিব, অসম চুক্তিৰ ছয় নং দফাৰ অস্তিত্ব কেনেকৈ ৰক্ষা কৰিব বুলি প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে তাৰ উত্তৰ দিব নোৱাৰিলে৷ এতিয়া স্পষ্ট প্ৰমাণ পোৱা গৈছে বিজেপি দলে এতিয়া অচিনাকী ভোটাৰ আনি অসমৰ ৰাজনীতিত প্ৰভাৱ চলাব বিচাৰিছে৷

আমাৰ ৰাজ্যৰ জনগাঁথনি সলনি কৰি মূল হিন্দীবলয়ৰ আধিপত্য বিস্তাৰ কৰিবলৈ খুব বেয়া প্ৰচেষ্টা লৈছে৷ হিন্দী সকলোৱে বুজি পায়৷ অসম নাগালেণ্ড, অৰুণাচলতো বুজি পায়৷ হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়৷ আমাৰ নিজৰ নিজৰ আত্ম গৌৰৱ আছে৷

কিন্তু বিজেপিয়ে হিন্দুত্ববাদী, হিন্দী, এক দেশ এক ধৰ্মৰ আধিপত্য বিস্তাৰ কৰিবলৈ খুব বেয়া প্ৰচেষ্টা লৈছে৷ ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ আমি কৰিব লাগিব৷ আমি প্ৰতিবাদ কৰিম৷ কৰ্ণাটক, হাৰিয়ানা, মহাৰাষ্ট্ৰ, বিহাৰ আদি ৰাজ্যৰ প্ৰসংগ উল্লেখ কৰি দেৱব্ৰত শইকীয়াই কয় যে আমি অসমত গৰু চোৰ, গৰু চোৰ বুলি উৎপাত লগাই আছিলো৷

আমাৰ নেতা ৰাহুল গান্ধীয়ে কৰ্ণাটক, হাৰিয়ানা, মহাৰাষ্ট্ৰ, বিহাৰ আদি ৰাজ্যত এটা এটা সৰু কোঠালিত ৮০ জনলৈ মানুহৰ থকাৰ তথ্য দেখুৱাই ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ কথা কৈছিল৷ যিটো কোঠালিত চাৰিজন মানুহ থাকিব নোৱাৰে৷

ঘৰৰ নাম নোহোৱা, শূন্য ঘৰৰ নম্বৰটো ভোটাৰক অন্তৰ্ভুক্ত কৰি বিজেপিয়ে কিছুমান অচিনাকী মানুহক ভোট দিয়াৰ ব্যৱস্থা কৰিছিল৷ আনকি ব্ৰাজিলিয়ান মডেলৰ নাম হাৰিয়ানাৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছিল৷ সেই কথা আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰমাণ সহকাৰে উদঙাই দিছিল৷ আমি অসমত কৈ আছিলো যে অসমত এছআৰ, এছআইআৰ নালাগে৷

আমাক এনআৰচিখন চূড়ান্ত কৰি দিয়ক৷ এনআৰচিত বহুতৰ নাম আহিছে৷ বিভিন্ন কাৰণত বহুতৰ নাম অহা নাই৷ যিসকলৰ নাম অহা নাই তেখেতসকলক এটা সুযোগ দিয়ক৷ কিবা যদি কাগজ-পত্ৰ আছে তাক দিবলৈ সুযোগ দিয়ক৷ অসম চুক্তিত অসমখন বিদেশীমুক্ত হ’ব লাগে বুলি উল্লেখ থকাৰ কথা উল্লেখ কৰি শইকীয়াই লগতে কয় যে এনআৰচিখন হ’লে বিদেশি আছে নেকি সেই কথাটো গম পাম৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আইএমডিটি এক্ট বাতিল কৰি জাতীয় নায়কৰ খিতাপ ল’বলৈ সক্ষম হৈছিল৷ কিন্তু তেওঁলোকে আজি এনআৰচি কৰিবলৈ সাহস কৰা নাই৷ কিন্তু কংগ্ৰেছে একমাত্ৰ দল যিটো দলে কৈ আছো যে এনআৰচিখন সম্পূৰ্ণ কৰক আৰু বিদেশীমুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰক আৰু বিদেশী বহিস্কাৰ কৰক৷ আমি এই স্থিতিত অটল হৈ আছো৷

এতিয়া মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন বক্তব্য দিয়ে৷ কেতিয়াবা শৰাইঘাটৰ শেষ ৰণ, কেতিয়াবা কয় মোগলৰ আক্ৰমণ, বিদেশীৰ আক্ৰমণৰ কথা কয়৷ শেহতীয়াকৈ তেওঁ কৈ আছে ‘অচিনাকি’ লোকৰ কথা৷ যোৱা ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে৷ খচৰাখন প্ৰকাশ কৰাৰ আগতে প্ৰতিটো বুথতে বিএলঅ’সকলে নাম অন্তৰ্ভুক্তিৰ কাৰণে সক্ৰিয় হৈছিল৷

এই কাম কৰিবলৈ ইমানে হেঁচা দিছিল যে ৩০ জন বিএলঅ’ৰ প্ৰাণ গৈছে৷ তেওঁলোকক কাম কৰিবলৈ শ্ব’কজ কৰা হয়৷ গাফিলতি নকৰিবলৈ ভাবুকি দিয় হয়৷ শুদ্ধ ভোটাৰ তালিকা লাগে বুলি চৰকাৰৰ হেঁচা দিয়া হয়৷ কিন্তু প্ৰকৃততে বিজেপিয়ে গোপনে নিৰ্দেশ দি ৫ৰ পৰা ১০ হাজাৰ ভোট অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!