অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Goddess Kamakhya Cultural Festival: গুৱাহাটীত সপ্তম বাৰ্ষিক ‘দেৱী কামাখ্যা সাংস্কৃতিক সমাৰোহ’

Spread the love

গুৱাহাটীত সপ্তম বাৰ্ষিক ‘দেৱী কামাখ্যা সাংস্কৃতিক সমাৰোহ’

গুৱাহাটী- সপ্তম বাৰ্ষিক “দেবী কামাখ্যা সাংস্কৃতিক সমাৰোহ” খনি ৫ জানুৱাৰী তাৰিখে কামাখ্যা মন্দিৰ প্ৰাঙ্গণত সফলতাৰে অনুষ্ঠিত হৈ যায়।

দেবী কামাখ্যাৰ বিবাহ বাৰ্ষিকী “পুহন বিয়া”ৰ আড়ম্বৰপূৰ্ণ উদযাপনৰ উদ্দেশ্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান কল্পবৃক্ষ আৰু মুক্তিমঙ্গলে যুটীয়াভাৱে আয়োজন কৰা এই শাস্ত্ৰীয় সংগীত সমাৰোহে ইতিমধ্যে গুণগ্ৰাহী দৰ্শকসমাজ আৰু পৰ্যটক সকলৰ যথেষ্ট সমাদৰ লাভ কৰিছে।

ৰাষ্ট্ৰীয় আৰু আন্তৰ্ৰাস্ত্ৰীয় পৰ্য্যায়ৰ সুখ্যাতিসম্পন্ন শাস্ত্ৰীয় সংগীত শিল্পী সকলৰ আন্তৰিক সহযোগিতা এই সমাৰোহৰ মূল আকৰ্ষণ হৈ পৰিছে।

কল্পবৃক্ষৰ অধ্যক্ষা সংগীতা ঘোষ আৰু মুক্তিমঙ্গলৰ অধ্যক্ষা ডাঃ মীড়নন্দা বৰঠাকুৰে জনোৱা মতে এইবাৰ সংগীত নাটক অকাডেমী বটা আৰু পদ্মশ্ৰী সন্মানপ্ৰাপক অৰুণা মহান্তিয়ে ওড়িছি, সংগীত নাটক অকাডেমী বটা আৰু পদ্মশ্ৰী সন্মানপ্ৰাপক গীতা চন্দ্ৰণে ভাৰতনাট্যম আৰু দিব্যা ৱাৰিয়াৰে মোহিনীঅট্টম নৃত্য পৰিবেশন কৰে৷

অনুষ্ঠানৰ আৰম্ভণিতে কামাখ্যা মন্দিৰৰ দলৈ কবীন্দ্ৰ শৰ্মা, হিমাদ্ৰী শৰ্মা, কামাখ্যা বৰদেউৰী সমাজৰ সম্পাদক জ্ঞাননাথ শৰ্মা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, শালিনী শ্ৰীবাস্তৱ আৰু বিশিষ্ট কথক নৃত্য শিল্পী বিপুল দাসে বল্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷

চেতন কুমাৰ শ্ৰীবাস্তৱে তেওঁৰ চমূ ভাষণত কয় যে এনে আধ্যাত্মিক অনুষ্ঠানে ভক্তপ্ৰাণ ৰাইজক আধ্যাত্মিক ভাৱেৰে উদ্বুদ্ধ কৰিব৷ এনে এটি অনুষ্ঠানৰ আয়োজন কৰা বাবে তেওঁ আয়োজকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷

সমাৰোহৰ অন্তত আয়োজক সমিতিৰহৈ ডাঃ মীড়নন্দা বৰঠাকুৰে সকলো সংস্কৃতি প্ৰেমী ৰাইজক অনুষ্ঠানটোত
উপস্থিত থাকি সংগীতৰ এই সন্ধিয়াটি সাফল্যমণ্ডিত কৰাৰ বাবে শলাগৰ শৰাই আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!