অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

COTTON UNIVERSITY: ​কটন বিশ্ববিদ্যালয় আৰু আৰ্য বিদ্যাপীঠ কলেজৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

Spread the love

​কটন বিশ্ববিদ্যালয় আৰু আৰ্য বিদ্যাপীঠ কলেজৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

​DD TIMES গুৱাহাটী, ৩ জানুৱাৰীঃ শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগ আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) গণিত বিভাগৰ মাজত এক কৌশলগত অংশীদাৰিত্বৰ বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয়।

​গাণিতিক বিজ্ঞানৰ ক্ষেত্ৰত ধাৰাবাহিক শৈক্ষিক সহযোগিতা আৰু গৱেষণাৰ প্ৰসাৰৰ লক্ষ্যৰে স্বাক্ষৰিত এই চুক্তিখন উভয় প্ৰতিষ্ঠানৰে বাবে এক বিশেষ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। কটন বিশ্ববিদ্যালয়ৰ হৈ এই চুক্তিত পঞ্জীয়ক ড° হীৰেণ ডেকা আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ ড° প্ৰদীপ কুমাৰ ভট্টাচাৰ্যই স্বাক্ষৰ কৰে।


চুক্তিত স্বাক্ষৰ কৰা সময়ত কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপিকা ড° কল্পনা শৰ্মা আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ড° বিৰেন দাস উপস্থিত থাকে।

​এই উপলক্ষে আয়োজিত অনুষ্ঠানত উভয় প্ৰতিষ্ঠানৰে বিভাগীয় মুৰব্বীসকলে এই সহযোগিতাক লৈ আশাবাদ ব্যক্ত কৰে।

তেওঁলোকে উল্লেখ কৰে যে এই বুজাবুজি চুক্তিয়ে অভিজ্ঞতাৰ আদান-প্ৰদান, জ্ঞানৰ বিনিময় আৰু যৌথ শৈক্ষিক তথা গৱেষণাৰ কাম-কাজ চলাই নিয়াৰ বাবে এক সুসংগঠিত পৰিৱেশ সৃষ্টি কৰিব।

​এই অংশীদাৰিত্বই দুয়োটা প্ৰতিষ্ঠানৰে পাৰস্পৰিক বিকাশ আৰু উৎকৰ্ষতাত গুৰুত্বপূৰ্ণ অৱদান যোগাব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত গণিত বিষয়ৰ শিক্ষাদান, অধ্যয়ন আৰু গৱেষণাৰ ফলাফল অধিক উন্নত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!