অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

New Books: কুলদীপ মেধিৰ কবিতাঃ নতুনৰ আশাত

Spread the love

নতুনৰ আশাত


DD TIMESৰ আজিৰ কবি কুলদীপ মেধি

বিলৰ পাৰত চৰাইবোৰ আহি বহিছে
প্ৰচণ্ড শীতত ঠৰঙা লাগিছে গছবোৰ
মানুহৰ মুখৰপৰা শব্দবোৰ ধোৱা হৈ উৰিছে
বিশ্ৰী যন্ত্ৰণাত।


জুইকুৰাই সেকি আছে
দুখনি হাত
দুখৰ ভৰ সহি সহি সোত-মোচ খোৱা
ছালখনৰ বিন্ধাইদি তাপ সোমাই উম দিছে
ক্লান্ত জীৱনটিক।


বছৰ বাগৰিল
বছৰ আহিল
শুভ্ৰতাই ধুৱাই নিয়া ধৰিত্ৰীৰ কপালত
ৰঙালৈ বেলি উজলি উঠিছে
নতুনৰ আশাত।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!