অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: দৰঙৰ সমাজ-সংস্কৃতি-সাহিত্যৰ আলোচনাৰে জীপাল অসম গ্ৰন্থমেলা, মঙলদৈ

Spread the love

দৰঙৰ সমাজ-সংস্কৃতি-সাহিত্যৰ আলোচনাৰে জীপাল অসম গ্ৰন্থমেলা, মঙলদৈ

দৰঙৰ লোক-সংস্কৃতিয়ে অসমৰ সমাজ-জীৱনক অতীজৰে পৰা নেতৃত্ব দি আহিছেঃ ড° বিজয় কুমাৰ শৰ্মা

অসমৰ কলা-কৃষ্টি, সাহিত্য-সংস্কৃতিক চহকী কৰিছে দৰঙীয়া সমাজেঃ তৰুণ আজাদ ডেকা

DD TIMES মঙলদৈ, ১৫ ডিচেম্বৰঃ ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি, শিশুৰ দিন উদযাপন আদি কাৰ্যসূচীৰে আকৰ্ষণীয় হৈ পৰিছে অসম গ্ৰন্থমেলা, মঙলদৈ ৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ গান্ধী ময়দানত যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আজি বিয়লি আয়োজন কৰা হয় “দৰঙৰ সমাজ-সংস্কৃতি-সাহিত্যঃ অতীত আৰু বৰ্তমান” শীৰ্ষক এটি বিশেষ অনুষ্ঠান ৷

বিয়লি ২-৩০ বজাত এই অনুষ্ঠান সঞ্চালনা কৰে মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, লোক-সংস্কৃতিৰ গৱেষক ড° বিজয় কুমাৰ শৰ্মাই ৷ তেওঁ কয় যে মঙলদৈত অসম গ্ৰন্থমেলা আয়োজন কৰি অঞ্চলটোৰ প্ৰতি প্ৰকাশন পৰিষদে যি আন্তৰিকতাপূৰ্ণ আগ্ৰহ দেখুৱালে এয়া আদৰণীয় ৷

দৰঙৰ সমাজ-সংস্কৃতি-সাহিত্য বুলিলে এটা বৰ দীঘলীয়া বিষয় ৷ পুৰণি দৰঙে এক বৃহত্তৰ অঞ্চলক সামৰি লয় ৷ ইয়াৰ লোক-সংস্কৃতিয়ে অসমৰ সমাজ-জীৱনক অতীজৰে পৰা নেতৃত্ব দি আহিছে ৷ ইয়াত আলোচক হিচাপে উপস্থিত থাকে সাহিত্যিক, লোক-সংস্কৃতিৰ গৱেষক তৰুণ আজাদ ডেকা ৷ তেওঁ কয় যে সংস্কৃতিয়ে আমাৰ সমাজখনকে প্ৰতিনিধিত্ব কৰে ৷

দৰঙৰ সংস্কৃতিয়ে অসমীয়া সমাজখনক জিলিকাই ৰাখিছে ৷ এই অঞ্চলৰ লোক-কথা, লোক-সাহিত্যৰ সমৃদ্ধ বুৰঞ্জী আছে ৷ এই সমলবোৰে আধুনিক অসমীয়া সাহিত্যলৈ অতুলনীয় অৱদান আগবঢ়াইছে ৷ অসমৰ মানুহৰ ইতিহাস প্ৰব্ৰজন আৰু সহাৱস্থানৰ ইতিহাস ৷ দৰঙৰ সমাজ-জীৱনো এনে প্ৰক্ৰিয়াৰে গঢ়ি উঠিছে ৷

অষ্ট্ৰিক, মংগোলীয়, আৰ্য সকলোৱে মিলি অসমৰ সমাজ গঢ়িছে ৷ গতিকে সকলোৰে নীতি-পৰম্পৰাৰে সংস্কৃতিয়ে এটা ৰূপ পাইছে , লোক-কথাবোৰ প্ৰচলিত হৈছে আৰু ক্ৰমশঃ ইয়াৰ বিকশিত ৰূপটোৱে আগবাঢ়ি আজিৰ এই পৰ্যায়ত উপনীত হৈছে ৷ অতীজৰে পৰা আজিলৈ অব্যাহত থকা এই যাত্ৰাৰে অংশীদাৰ দৰঙৰ সমাজ-জীৱনো ৷

আন এগৰাকী আলোচক, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বৰাই কয়— “ অসমৰ কলা-কৃষ্টি, সাহিত্য-সংস্কৃতিক চহকী কৰিছে দৰঙীয়া সমাজে ৷ ইয়াৰ আচাৰ-আচৰণ, খাদ্য সম্ভাৰ, মাত কথা সকলোতে এক সুকীয়া পৰিচিতি বিৰাজমান ৷ সুকনান্নী আৰু ব্যাসৰ ওজাপালি, নাঙেলী গীত, দেউল উৎসৱ আৰু আন বিভিন্ন পৰম্পৰাৰ স্বকীয় বৈশিষ্ট্য আছে ৷

দৰঙৰ মানুহৰ মৰম-আতিথ্য একেবাৰে নিভাঁজ ৷ ৰজা ধৰ্মনাৰায়ণৰ দিনৰ পৰাই ইয়াত সম্প্ৰীতিৰ পৰম্পৰা অব্যাহত আছে ৷” অনুষ্ঠানটি আকৰ্ষণীয়ভাৱে পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক ৰাজেন্দ্ৰনাথ হাজৰিকা আৰু মুকুটৰাজ শৰ্মাই ৷

এই অনুষ্ঠানৰে সংগতি ৰাখি উন্মোচন কৰা হয় প্ৰণৱ নাৰায়ণ কোঁৱৰে ৰচনা কৰা “দেউতাৰ অসুখ” আৰু ড° মুনমনি দেৱীয়ে ৰচনা কৰা “পৰম্পৰাগত জ্ঞানঃ লোক-চিকিৎসা” শীৰ্ষক গ্ৰন্থ দুখন ৷

ইপিনে সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বৰনৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, দেওমৰনৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু ডাঁহী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!