অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

MLA Akhil Gogoi’s innovative protest: ছয় জনজাতিকৰণ সম্পৰ্কত বিধায়ক অখিল গগৈৰ অভিনৱ প্ৰতিবাদ

Spread the love

বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোতবিধায়ক অখিল গগৈৰ অভিনৱ প্ৰতিবাদ

DD TIMES গুৱাহাটী, ৩০ নৱেম্বৰঃ শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ পঞ্চম তথা অন্তিমটো দিন আছিল। বিধানসভা অধিৱেশনৰ অন্তিমটো দিনত ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাৱস্ত্য কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে।

আহোমৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি বিধানসভালৈ আহিল বিধায়ক অখিল গগৈ। সদনত প্ৰৱেশৰ পূৰ্বে বিধায়ক গগৈয়ে বিধানসভা চৌহদত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

হাতত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সম্বলিত বেনাৰ লৈ অখিল গগৈয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। বিধানসভাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বিধায়ক অখিল গগৈয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ।বিধায়ক গগৈয়ে কয়,”চৰকাৰখনে ছয় জনগোষ্ঠীক মিছা কথা কৈ আহিছে।

আচলতে আজি মই হেংদাং লৈ আহিব লাগিছিল । কিন্তু বিধানসভালৈ হেংদাং লৈ আহিব নোৱাৰি। আজি মই আহোমৰ সাজ লগাই আহিছো। আমি এই সাজ এৰি অসমীয়া হৈ গ’লোঁ। আমি টাই ভাষা এৰি অসমীয়া হৈ গ’লোঁ। আমি নিজৰ ধৰ্ম বেলেগৰ ওপৰত জাপি নিদিও। আমি হিন্দু হৈ গ’লোঁ।”

গগৈয়ে কয়, “আমি ৰজা আছিলোঁ, ৰজাৰ বংশৰ। ইচ্ছা কৰা হ’লে টাই ভাষা প্ৰচলন কৰিব পাৰিলোহেতেন। কিন্তু চাওলুং চুকাফাই সকলোকে লগত লৈ একেলগে থাকিল। আমি সদায় জনজাতি আছিলোঁ। কিন্তু আমাৰ উন্নয়ন হোৱা নাই। ছটা জনগোষ্ঠীৰ উন্নয়ন হোৱা নাই।

ছয় জনগোষ্ঠীক অসমীয়া হৈ থাকিবলৈ দিয়ক। আমাক বাৰম্বাৰ প্ৰতাৰণা কৰি নাথাকিব। বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি মনত পেলাওক।’

ৰাজ্যসভাত প্ৰস্তাৱিত বিধেয়কৰ প্ৰসংগ উল্লেখ কৰি অখিল গগৈয়ে কয়, “বিজেপি চৰকাৰে বিধেয়ক আনিছিল যদিও নকৰিলে। আজি কংগ্ৰেছৰ দিনৰ প্ৰস্তাৱৰ কথা কয়। সেই বিধেয়কখন এতিয়াও ৰাজ্যসভাত পৰি আছে।

সাধাৰণ কাম ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাটো। অসম বিধানসভাত মন্ত্রীগোটৰ প্ৰতিবেদনখন ২৫ তাৰিখে দিয়াৰ কথা ক’লে। তাৰ পাছত ২৭ তাৰিখে দিম বুলি ক’লে যদিও নিদিলে। ২৮ তাৰিখে সদনত উঠাইছিল যদিও আলোচনা কৰিব নিদিলে।”

গগৈয়ে কয়,”আজি শেষৰটো বিষয় হৈছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। প্ৰস্তাৱটো উত্থাপন কৰি আলোচনা নকৰাকৈ অধিৱেশন সমাপ্ত কৰিব। বিজেপি চৰকাৰখনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নিবিচাৰে। চৰকাৰখনে ছয় জনগোষ্ঠীক জাপি পিন্ধাইছে।”

শেষত গগৈয়ে কয়, “এতিয়া চৰকাৰখনে সংবিধানত নথকা এছ টি ভেলি উলিয়াইছে। এনে জনজাতি নাই। এইটো আন্দোলনকাৰীসকলক মেনেজ কৰাৰ বাবে কৰিছে। ছয় জনগোষ্ঠীৰ উপৰি চাংদাং জনগোষ্ঠীক অন্তৰ্ভূক্ত কৰিব লাগিব। আমি আন্দোলন কৰিলে একো নাপাও।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!