অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Satriya Culture Center: সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ সমাৱৰ্তন অনুষ্ঠান

Spread the love

সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ সমাৱৰ্তন অনুষ্ঠান

DD TIMESত লিখাছে তিলোত্তমা গোস্বামীয়ে

অসমৰ সমাজ আৰু সংস্কৃতিৰ ইতিহাসত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ আছিল অন্যতম উজ্জ্বল নক্ষত্ৰ। তেখেতসকলে অসমীয়া সমাজক সকলোতকৈ উচ্চত মূৰ তুলি থাকিব পৰাকৈ সাংস্কৃতিক এখন বিশাল ক্ষেত্ৰ দি থৈ গৈছে, যাৰ বাবে বিশ্বই আমাক চিনি পাব পাৰিব। সেইখিনি অনুধাৱন কৰি ভালদৰে চৰ্চা কৰিলে অসমীয়া জাতিটোৱে সুকীয়া মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আমাৰ বিশ্বাস।


মহাপুৰুষ গুৰুজনাৰ নীতি আদৰ্শত ক’তো বিভেদৰ মত নাই। সকলো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ আদৰ্শ তেখেতসকলে দেখুৱাই গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰম উপাস্য দেৱতা বিৰাট পুৰুষ বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ গৰাকী দৈৱকীনন্দন বসুদেৱৰ তনয় শ্ৰীকৃষ্ণ। সেইজনা পৰম দেৱতা ‘কৃষ্ণ’ক নিৰ্মল হৃদয়ত স্থাপন কৰি কেনেকৈ নিষ্কামভাৱে এই মায়াময় সংসাৰত নিজৰ কৰ্ম কৰি পৰম পুৰুষৰ সেই মহা শক্তিত মিলি যাব পাৰি তাৰ সুন্দৰ আৰু সৰল পথ গুৰুজনাই দেখুৱাই গৈছে। এই পথ সাংস্কৃতিময়, সাংগীতিময়,পৰিশিলীত আৰু পৰিমাৰ্জিত।


ভাৰতীয় দৰ্শন তথা চিন্তাৰ সৈতে অসমৰ যোগসূত্ৰ প্ৰতিষ্ঠা কৰাটোৱেই আছিল মহাপুৰুষ গুৰুজনাৰ উদাৰতাত্তিক ভাবাদৰ্শৰ মূল উপজীব্য। গুৰুদুজনাৰ আদৰ্শক সাৰোগত কৰি তেৰাই সৃষ্টি কৰি যোৱা সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন অংগসমূহ এটা সময়লৈকে পৰিচয়বাহক সত্ৰসমূহৰ মাজতেই আৱদ্ধ আছিল। পৰৱৰ্তী সময়ত এইসমূহ অমূল্য ৰতন যে অসমীয়া জাতিৰ জীৱন আয়ূস ৰেখা সেইকথা মানুহে বুজিবলৈ লৈছিল। এয়াই অসমীয়া জাতিৰ বাবে ভাল চিন্তা।


এইক্ষেত্ৰত অসমৰ অগ্ৰণী অনুষ্ঠান অসম সত্ৰমহাসভাই উদ্যোগ হাতত লৈ অসমৰ বিভিন্ন স্থানত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰৰ অধীনত বিদ্যালয়, মহাবিদ্যালয় স্থাপন কৰিছে। বৰ্তমান এই বিদ্যালয়, মহাবিদ্যালয়ৰ সংখ্যা তিনিশৰো অধিক হৈছেগৈ আৰু অসমৰ বাহিৰতো এই বিদ্যালয় প্ৰতিষ্ঠা কৰি সত্ৰীয়া সংস্কৃতিৰ শিক্ষা প্ৰদান কৰি থকা হৈছে। এই শিক্ষা প্ৰতিষ্ঠানসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অসম সত্ৰ মহাসভাৰ অধীনত এখন ‘পৰীক্ষা পৰিষদ’ আছে। এই পৰিষদৰ সচিবৰ দায়িত্ব গ্ৰহণ কৰো ২০২৫ চনৰ আগষ্টৰ পৰা। দায়িত্ব গ্ৰহণ কৰি অনুস্থানটো কেনেকৈ আগবঢ়াই নিব পাৰি তাৰ চিন্তা কৰি মাননীয় শিক্ষা মন্ত্ৰী মহোদয়ক এখন আবেদন দিছিলো। ডঃ বুলজিৎ বুঢ়াগোহাঁইয়ে এটা লেখাৰ জড়িয়তে আমাক জনাইছিল এই ক্ষেত্ৰত কেনেকৈ শিক্ষা গ্ৰহণ কৰিলে ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব।

এই পৰীক্ষা পৰিষদৰ অধীনত গীত, বাদ্য, নৃত্য, চিত্ৰকলা, মুখাশিল্প আদিৰ শিক্ষা গ্ৰহণ কৰি প্ৰতিবছৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিশাৰদ আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আহিছে। এই বিশাৰদ আৰু স্নাতকোত্তৰ ডিগ্ৰীটো প্ৰদান কৰাৰ সময়ত “সমাৱৰ্তন” অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীক একোটা সত্ৰীয়া সংস্কৃতিৰ পৰিচয় বহন কৰা ট্ৰফি আৰু একোখন প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। এই সমাৱৰ্তন অনুষ্ঠান প্ৰতিবছৰে বিভিন্ন স্থানত অনুস্থিত কৰি অহা হৈছে।


এই বছৰ ‘চতুৰ্থ সমাৱৰ্তন’ অনুষ্ঠান অনুষ্ঠিত হৈছিল গুৱাহাটীস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ “শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত”। দিনযোৰা কাৰ্যসূচীৰ অনুষ্ঠানটোত ২৯৭ খন বিদ্যালয়, মহাবিদ্যালয়ৰ চাৰিশ ছাত্ৰ-ছাত্ৰীক আমি বিশাৰদ ডিগ্ৰী প্ৰদান কৰোঁ।


অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষসকলক, শিক্ষকসকলক আৰু অনান্য বিশিষ্ট অতিথিৰ লগতে বিশেষ ভাবে নিমন্ত্ৰণ জনোৱা হৈছিল পদ্মভূষণ শ্ৰীযুত যতীন গোস্বামী একাডেমী ৰত্ন, ড. অমলেন্দু চক্ৰৱৰ্তী প্ৰাক্তন উপাচাৰ্য ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ প্ৰাঞ্জল শইকীয়া, সঞ্চালক পৰিৱেশ ক’লা আৰু অসমৰ মাননীয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু মহোদয়ক।


পুৱা ধৰ্ম ধ্বজা উত্তোলন কৰি এটি মধুৰ ভাষণ প্ৰদান কৰে অসম সত্ৰ মহাসভাৰ মাননীয় সভাপতি শ্ৰীযুত জিতেন্দ্ৰ নাথ প্ৰধানী, সত্ৰাধিকাৰ প্ৰভুজনায়। অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান শ্ৰীযুত কুসুম কুমাৰ মহন্ত, সত্ৰাধিকাৰ প্ৰভুজনায়ো চমু ভাষণেৰে আজিৰ অনুষ্ঠানটোত উপস্থিত সকলোকে সম্ভাষণ জনায়।

নিমন্ত্ৰিত অতিথিসকলক মঞ্চত আসন গ্ৰহণ কৰোৱাৰ পাছত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ পাছত সংগীতাচাৰ্য কৃষ্ণ গোস্বামীৰ নেতৃত্বত বৰগীত পৰিৱেশন কৰে শ্ৰীযুতা নলিনী মহন্ত আৰু বৰ্ণালী কলিতাই। ইয়াৰ পাছতেই অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান শ্ৰীযুত কুসুম কুমাৰ মহন্ত, সত্ৰাধিকাৰ প্ৰভুজনাই আদৰণি ভাষণ প্ৰদান কৰে। সমাৱৰ্তনৰ মূল অনুষ্ঠানটো উদ্বোধন কৰি ভাষণ প্ৰদান কৰে মাননীয় শিক্ষাবিদ সঞ্চালক পৰিৱেশ ক’লা, গুৱাহাটী বিশ্ববিদ্যালয় ডঃ প্ৰাঞ্জল শইকীয়াই মহোদয়ে। তেখেতে ভাষণ প্ৰসংগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া নিজেই এজন গুৰু হিচাপে শিক্ষা প্ৰদান কৰিব তেওঁলোকৰ কেনে আচৰণ হ’ব লাগিব সেই সম্পৰ্কেও কিছু কথা অৱগত কৰে। গুৰু শব্দৰ বিশালতাৰ কথা বুজাই দিয়ে।


তাৰ পাছতেই সন্মানীয় অতিথি অসমৰ মাননীয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু দেৱে বক্তৃতা প্ৰদান কৰে। তেখেতৰ বক্তব্যত ঘোষণা কৰে যে- “স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব সত্ৰীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগসমূহ। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ঐচ্ছিক বিষয় হিচাপে শিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্য, বৰগীত, গায়ন-বায়ন অধ্যয়নৰ সুবিধা লাভ কৰিব। স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে মনৰ পছন্দ অনুসৰি ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব। অসম সত্ৰ মহাসভাৰ লগত এখন বুজাবুজিৰ চুক্তি কৰা হ’ব। অহা শিক্ষা বৰ্ষৰ পৰা সত্ৰীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগসমূহ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব।” পৰীক্ষাসমূহ কোনে কেনেকৈ পাতিব, নম্বৰসমূহ কেনেধৰণেৰে প্ৰেৰণ কৰিব লাগিব সেই সম্পৰ্কে স্পষ্টকৈ ঘোষণা কৰে।

সত্ৰীয়া সংস্কৃতিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো সঁচাকৈয়ে এটা ভাল পদক্ষেপ বুলি উপস্থিত সকলোৱে হাতচাপৰিৰে সমৰ্থন জনালে।


ইয়াৰ পাছত দীক্ষান্ত ভাষণ আগবঢ়াই একাডেমী ৰত্ন বঁটাৰে সন্মানীত হোজাইৰ ৰবিন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমলেন্দু চক্ৰৱৰ্তী দেৱে। তেখেতে ভাৰতীয় সংস্কৃতি অনুযায়ী পৃথিৱীৰ সাৰবস্তু আৰু সংগীতৰ সাৰবস্তুৰ বিষয়ে বিশদভাৱে বুজাই দিয়ে। গুৰুজনাই আমাক জীৱনত চলিবলৈ দেখুৱাই যোৱা সহজ পথটোৰ কথাও তেখেতে সাৱলীল বক্তব্যৰ মাজতে বুজাই দিলে।

সেইদিনা মহাপুৰুষ গুৰু দুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰচাৰ প্ৰসাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে অতি সুন্দৰ বক্তব্য প্ৰদান কৰে। গুৰু দুজনাৰ মহান সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ চেষ্টা কৰা সমূহ ছাত্ৰ-ছাত্ৰীক তেখেতে আন্তৰিক অভিনন্দন জনাইছে।


ইয়াৰ পাছতে মুখ্য অতিথিৰ ভাষণ প্ৰদানত পদ্মভূষণ সন্মানেৰে সন্মানিত শ্ৰীযুত যতীন গোস্বামী দেৱে কয়- এই সভাত হয়তো ময়েই যুৱক। কাৰণ মোৰ বয়স ৯২ বছৰ, গতিকে মই বহি থাকিয়েই ভাষণ প্ৰদান কৰিম। এইবুলি তেখেতে সমাৱৰ্তন কি, আৰু স্নাতক কি, এইবোৰ কথা অতি সুন্দৰকৈ ব্যাখ্যা কৰি বুজাই দিয়ে।

ছাত্ৰ-ছাত্ৰীয়ে আধ্যাত্মিক জ্ঞান লাভ কৰিব পৰা সুন্দৰ ভাষণ কেইটাৰ পাছতেই শ্ৰেষ্ঠ মহাবিদ্যালয় আৰু শ্ৰেষ্ঠ সংগীতাচাৰ্য উপাধি প্ৰদান কৰা হয়। তাৰ পাছত ছাত্ৰ-ছাত্ৰীক সমাৱৰ্তন দিয়া হয়। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যিহেতু অধিক, আমাৰ ঘোষক প্ৰভাৱ গোস্বামীয়ে অতি তীব্ৰতাৰে ছাত্ৰ-ছাত্ৰীৰ নামসমূহ ঘোষণা কৰিব লগীয়া হয়। এই অনুষ্ঠানটোৰ পাছতে গুৰুজনাৰ পৰিশীলিত জীৱন ভিত্তিক এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাননীয় সচিব শ্ৰীযুত সূদৰ্শন ঠাকুৰ দেৱে।

নগাওঁ সূত্ৰধাৰ বিদ্যালয়ৰ সৰু সৰু ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰিছিল “খোলবাদন”। অতি সুন্দৰ ভাৱে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰে। ইয়াৰ পাছত বৰপেটাৰ কলাংগন সংগীত বিদ্যালয়ৰ পৰা দশৱতাৰ নৃত্য পৰিৱেশন কৰে। এই নৃত্যটোৰ লগত অভিনয় সংযোগ কৰাত আমি অনুষ্ঠানটোক নৃত্যাভিনয় বুলি ভাবি উপভোগ কৰিলোঁ। শিল্পীসকলে দশৱতাৰৰ সুন্দৰ মূখা পৰিধান কৰিছিল আৰু চাৰিগৰাকী শিল্পীয়ে নৃত্য কৰিছিল। শ্ৰীশ্ৰী অনন্ত দেৱ সংগীত মহাবিদ্যালয়, মৰিগাঁৱৰ পৰা পৰিবেশন কৰিছিল গুৰু ভটিমা নৃত্য।

গীত, বাদ্য, নৃত্যৰ সমাহাৰৰ এটি সুন্দৰ নৃত্য। শেষত সলাগৰ শৰাইৰ দায়িত্ব আমাৰ আছিল। অনুষ্ঠানটোত যোগদান কৰা, সহায়-সহযোগিতা আগবঢ়োৱা আৰু কলাক্ষেত্ৰৰ সচিবকে প্ৰমুখ্যে কৰি সকলোকে আমাৰ তৰফৰপৰা আন্তৰিক শলাগ আগবঢ়াই অনুষ্ঠানৰ সামৰণি এফাঁকি প্ৰাৰ্থনা ঘোষাৰে কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!