অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Dulung-Subansiri Festival: চিঁয়া নাহৰৰ দেশত ১১-১৪ ডিচেম্বৰত দুলুং-সোৱণশিৰি মহোৎসৱ

Spread the love

চিঁয়া নাহৰৰ দেশত ১১-১৪ ডিচেম্বৰত দুলুং-সোৱণশিৰি মহোৎসৱ

দুঃসাহসিক নদী ৰাফ্‌টিং-জংঘল ট্ৰেকিং-ক্ৰীড়া-সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হ’ব লখিমপুৰৰ নাহৰণি

DD TIMES গোগামুখ, ২৭ নৱেম্বৰঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী দুলুং বনাঞ্চলক কোৱা হয় চিঁয়া নাহৰৰ দেশ ৷ পৃথিৱীৰ পৰা বিলুপ্ত হ’বলৈ  ধৰা  তালিকাত থকা এই বিপুল ঔষধী গুণ সম্পন্ন গছ চিঁয়া নাহৰ  দুলুং বনাঞ্চলত  পৰ্যাপ্ত পৰিমাণে পোৱা যায় ৷

ওখ ওখ চিঁয়া নাহৰ গছেৰে সেউজীয়াৰে আকাশ চুমী থকা দুলুঙত থকা চিঁয়া নাহৰৰ বাবে দুলুং বনাঞ্চলক কোৱা হয় চিঁয়া নাহৰৰ দেশ ৷ এছিয়া মহাদেশৰ ভিতৰত একমাত্ৰ দুলুং বনাঞ্চলতে পোৱা যায় ঔষধী চিঁয়া নাহৰ গছ ৷ দুলুং বনাঞ্চল,  চিঁয়া নাহৰৰ উপৰিও জৈৱ-বৈচিত্ৰৰে ভৰপুৰ এই দুলুং ৷ দুলুঙৰ অভ্যন্তৰত পোৱা যায়  ভিন্ন ৰঙী দুস্প্ৰাপ্য পখিলা, চৰাই-চিৰিকটি, জীৱ-জন্তু, ভিন্ন প্ৰজাতিৰ  মাছ-কাছ ৷

দুলুঙৰ পুৱে বৈ থকা সোণালী সোৱণশিৰি নদীয়ে দুলুঙক চিৰসেউজ কৰি ৰখাৰ লগতে দুলুঙৰ বুকুৱেদি অবিৰাম গতিত বৈ থকা সৰু-বৰ নৈ, জান-জুৰিয়েও দুলুঙৰ বিচিত্ৰ জৈৱ-বৈচিত্ৰৰ ভঁৰাল টনকিয়াল কৰি আহিছে ৷ সম্প্ৰতি পৰ্যটন ক্ষেত্ৰলৈ আগবাঢ়ি যোৱা দুলুঙৰ বিচিত্ৰময় জৈৱ-বৈচিত্ৰক বিশ্বৰ বুকুত তুলি ধৰিবলৈ আৰু বিশ্ব পৰ্যটন ক্ষেত্ৰলৈ পৰিবৰ্তন কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদ, পৰিষদৰ ইক’টুৰিজিম ডেভলপমেণ্ট চ’ছাইটিৰ উদ্যোগত আৰু বগীনদী বাসীৰ সহযোগত বিগত দুটা বৰ্ষ ধৰি দুলুং-সোৱণশিৰি মহোৎসৱ অনুষ্ঠিত কৰি আহিছে ৷

বিগত বৰ্ষৰ দৰে এইবছৰো লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বগীনদীৰ ওখমাটিস্থিত নাহৰণিত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে তৃতীয় সংখ্যক দুলুং-সোৱণশিৰি মহোৎসৱ-২০২৫ ৷ ১১-১২-১৩-১৪ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা দুলুং-সোৱণশিৰি মহোৎসৱৰ বাবে ইতিমধ্যে শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰিছে আৰু মহোৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ ব্যাপক প্ৰস্তুতি চলোৱাৰ লগতে গাঁৱে গাঁৱে সজাগত সভা অনুষ্ঠিত কৰি আছে ৷

আজি বৃহস্পতিবাৰে দুলুং-সোৱণশিৰি মহোৎসৱ আৰু জৈৱ-বৈচিত্ৰৰ ওপৰত দুলুং বনাঞ্চলৰ কাষৰীয়া গাঁও কণা নদী আৰু নাহৰণিত সজাগত সভা অনুষ্ঠিত কৰা হয় ৷ আজিৰ সজাগতা সভাত বিশিষ্ট প্ৰকৃতিবিদ, নেচাৰ্চ বেকনৰ সঞ্চালক, গৱেষক সৌম্যদীপ দত্তই অংশগ্ৰহণ কৰে ৷

দুয়োখন সজাগতা সভাতে সাধাৰণ জনসাধাৰণৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক জৈৱ-বৈচিত্ৰ আৰু প্ৰাকৃতিক ভাৰসাম্যৰ ওপৰত বক্তব্য ৰাখে ৷ তেওঁ কয়- প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু জীৱ-জন্তুৰ সংৰক্ষণ সন্দৰ্ভত আমেৰিকা, ইংলেণ্ড, স্পেইন পৰ্যন্ত ঘুৰিছোঁ ৷

কিন্তু প্ৰকৃতি বিষয়ত এইবোৰ দেশৰ বিজ্ঞানী বা জীৱ বিজ্ঞানী, ভূ-বিজ্ঞানী, প্ৰকৃতিবিদসকলৰ পৰা আমাৰ ভাৰতীয়সকলে তেনে বিশেষ শিকিবলগা নাই ৷ বৰং আমাৰ ভাৰতীয়সকলৰ পৰাহে এই বিষয়বোৰৰ ওপৰত বিদেশী ৰাষ্ট্ৰই শিকিবনগা আছে ৷

আনকি গছৰো যে প্ৰাণ আছে তাক বিদেশী প্ৰকৃতিবিদসকলে জনা নাছিল ৷ আমাৰ পৰাহে তেওঁলোকে শিকিবলগা হৈছে ৷ দুলুং-সোৱণশিৰি মহোৎসৱ সন্দৰ্ভত তেওঁ লগতে কয়- দুলুং-সোৱণশিৰি মহোৎসৱ হৈছে প্ৰকৃতি-জৈৱ-বৈচিত্ৰ, দুলুঙক সুৰক্ষা দিয়াৰ মহোৎসৱ ৷

ইয়াত পৰম্পৰাগত লোক ৰীতি, লোক সংস্কৃতি, পৰম্পৰাগতা খাদ্যমেলা উপলব্ধ হোৱাৰ লগতে বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব ৷ এই সকলোবোৰ জনসাধাৰণ আৰু পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে আয়োজন কৰা হৈছে ৷

এই ঐছিক বিষয়বোৰ থাকিলেও এই মহোৎসৱৰ মূল উদ্দেশ্যই হৈছে দুলুং বনাঞ্চলক সুৰক্ষা দিয়া, পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা, প্ৰকৃতিৰ বিষয়ে জনসাধাৰণৰ মাজত  সজাগত সৃষ্টি কৰা আদি বুলি তেওঁ মন্তব্য দিয়ে ৷ আজিৰ এই সজাগতা সভা দুখন নেতৃত্ব দুলুং-সোৱণশিৰি মহোৎসৱৰ উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনিল পায়েং, সম্পাদক বুলটন বৰাই ৷

সভাত উপস্থিত থাকে প্ৰচাৰ সম্পাদক তথা জেষ্ঠ সাংবাদিক কুশল শইকীয়া, বিত্ত সম্পাদক মজিন সোনোৱাল প্ৰমূখ্যে শতাধিক লোক ৷

উল্লেখ্য দুলুং-সোৱণশিৰি মহোৎসৱৰ লগত সংগতি ৰাখি জংঘল ট্ৰেকিং নদী ৰাফ্‌টিঙৰ লগতে  প্ৰাইজমাণি ভলীবল(পুৰুষ), কাবাদী(মহিলা) ৰছী টনা, হাফ মাৰথান(পুৰুষ-মহিলা), টেকেলি ভঙা, চকী খেল, পৰম্পৰাগত সাজ-পাৰেৰে ফেশ্বন শ্ব’ দুলুং সুন্দৰী, দেহশ্ৰী প্ৰতিযোগিতাও আয়োজন কৰিছে ৷

মহোৎসৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকগীত-লোকনৃত্য প্ৰদৰ্শন কৰাৰ লগতে পৰম্পৰাগত খাদ্য-মেলা, হস্ত-তাঁত বস্ত্ৰমেলা, কৃষকৰ বিপনী মেলা আদিও সংযোগ কৰা হৈছে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!