‘Constitution Day’ celebrated at Khagarijan College: খাগৰিজান মহাবিদ্যালয়ত ‘সংবিধান দিৱস’ উদযাপন
খাগৰিজান মহাবিদ্যালয়ত ‘সংবিধান দিৱস’ উদযাপন
চাইবাৰ অপৰাধ নিৰ্মূলকৰণ, যৌন নিৰ্যাতন, শিশুৰ সুৰক্ষা আইন সম্পৰ্কত আলোকপাত

DD TIMES বেবেজীয়া, ২৬ নৱেম্বৰঃ নগাঁৱৰ উচ্চ শিক্ষাৰ অনুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত, মহাবিদ্যালয়ৰ এন.এচ. এচ আৰু এন চি চি গোটৰ সহযোগত , নগাঁও আইন মহাবিদ্যালয়ৰ সৌজন্যত আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকৰনৰ তৎপৰতাত আজি বুধবাৰে সংবিধান দিৱস উদযাপন কৰা হয়।
সম্বৰ্ধনা অনুষ্ঠানেৰে মুকলি কৰা অনুষ্ঠানটিত উদ্বোধনী ভাষণ আগবঢ়াই খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে সংবিধান দিৱসৰ তাৎপৰ্য আৰু গুৰুত্বৰ দিশটোত বিশেষভাৱে আলোকপাত কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ন্যায়াধীশ তথা নগাঁও জিলা আইন সেৱা প্ৰাধিকৰনৰ সচিব মুনমী নেওগ।
তেখেতৰ ভাষণত চাইবাৰ আইনৰ প্ৰসংগত বিশেষকৈ চাইবাৰ অপৰাধ নিৰ্মূলকৰণৰ পদক্ষেপ গ্ৰহণত ল’বলগা সাৱধানতা, যৌন নিৰ্যাতন, শিশু সুৰক্ষা আইন, ডিজিটেল সুৰক্ষা আদি বিভিন্ন আইনসমূহৰ প্ৰয়োগ আৰু সজাগতাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।
অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নগাঁও আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ত্ৰৈলোক্য হাজৰিকা। তেখেতে ভাষণ প্ৰসংগত নাৰী আৰু শিশুৰ নিৰাপত্তাজনিত আইনৰ দিশৰ ওপৰত বিশেষভাৱে বিশ্লেষণ কৰে।
উক্ত অনুষ্ঠানত খাগৰিজান মহাবিদ্যালয়ৰ যৌন নিৰ্যাতন বিৰোধী কোষেও সক্ৰিয় সহযোগিতা আগবঢ়ায়।
খাগৰিজান মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ঝৰ্ণা মৰাঙে আঁত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকাৰ লগতে সৰ্বমুঠ ১০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

