অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

The Chutia People: বিধায়কক স্মাৰক পত্ৰ প্ৰদান চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ

Spread the love

বিধায়ক নৱ কুমাৰ দলেক স্মাৰকপত্ৰ প্ৰদান চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ

DD TIMES ঢকুৱাখনা, ২০ নৱেম্বৰঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত সমৰ্থন আগবঢ়াবৰ বাবে আজি ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেক ঢকুৱাখনা
সমষ্টিৰ চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে লগ কৰি এখন স্মাৰক পত্ৰ দিয়ে।

উল্লেখ্য যে অহা ২৫ নৱেম্বৰত অসম বিধান সভাৰ শীতকালীন অধিৱেশনত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো উপস্থাপনৰ বেলিকা সমৰ্থন জনাব বাবে আজি বিধায়ক নৱকুমাৰ দলেক স্মাৰকপত্ৰ প্ৰদান কৰা হয় ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ নেতৃত্বত।

অসমৰ অন্যতম আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী কৰি অহাৰ পিছতো এই দাবী পূৰণ হোৱা নাই। অসম চৰকাৰে বিধানসভাৰ শীতকালীন অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আলোচনালৈ আনিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে চুতীয়াসকলৰ জনজাতিকৰণৰ বাবে বিধান সভাত মাত দিবলৈ আহ্বান জনাই আজি ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলেক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ঢকুৱাখনা চুতীয়া জাতি সন্মিলনে।

এই কাৰ্যসূচীত সদৌ অসম চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা তুলসী প্ৰসাদ শইকীয়া, ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ উপদেষ্টাত্ৰয়- সোণেপুৰ চুতীয়া, দিগেন্দ্ৰনাথ হাজৰিকা, উত্তম বৰুৱা, সভাপতি দিব্য খনিকৰ, সাধাৰণ সম্পাদক গৌৰৱ বৰুৱা, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য চিত্ৰৰঞ্জন দাস, চুতীয়া যুৱ সন্মিলন, অসমৰ ঢকুৱাখনা জিলাৰ সভাপতি পুলিন চুতীয়া,সাধাৰণ সম্পাদক অজিত বৰুৱা, চুতীয়া মহিলা সন্মিলনৰ সদস্যা লক্ষী বৰুৱাৰ লগতে বিভিন্ন আঞ্চলিক সমূহৰ সভাপতি/সম্পাদকে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!