অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW DRAMA: পশ্চিমবংগত অভিনৱৰ শিশু নাটক ‘স্বদেশ’ মঞ্চস্থ

Spread the love

পশ্বিম বংগত অভিনৱৰ শিশু নাটক ‘স্বদেশ’ মঞ্চস্থ


DD TIMES ঢকুৱাখনা, ১৩ জুলাইঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ অগ্ৰণী নাট‍্য গোষ্ঠী ‘অভিনব থিয়েটাৰ’ৰ দ্বাৰা প্ৰযোজিত শিশু নাটক ‘স্বদেশ’ পশ্চিমবংগৰ পশ্চিম বৰ্ধমান জিলাৰ সাতকাহানিয়া গাঁৱৰ ‘তেপান্তৰ নাট্য গ্ৰামত’ মঞ্চস্থ কৰা হয়।

৮ জুলাইৰ পৰা ১১ জুলাইলৈ অনুষ্ঠিত হোৱা ‘বংগ নাট্য ৰং উৎসৱ’ৰ ৮ জুলাইৰ দিনা এই নাটকখনি প্ৰৰ্দশন কৰা হয়।

বোলপুৰ নৃত্যনিকেতন নৃত্য গোষ্ঠীৰ দ্বাৰা আয়োজিত ৪ দিনীয়া নাট‍্য উৎসৱত মঞ্চস্থ কৰা নাটখনৰ ৰচনা আৰু পৰিচালক দয়াল কৃষ্ণ নাথৰ।


স্বদেশ নাটকৰ সহ পৰিচালিকা দক্ষিণা নাথ, পোহৰ পৰিচালনা সুজয় পালৰ আৰু মঞ্চ ব‍্যৱস্থাপনা প্ৰণৱ মহন্তৰ।

নাটকখনত অভিনয় কৰিছে ক্ৰমে খ্যাতিপ্ৰিয়া দত্ত, প্ৰাণজিৎ ভাগৱতী, পবিত্ৰ শইকীয়া, অৰ্চনা নাথ, দেৱজিৎ বৰা, গোপাল শইকীয়া, কংকনমণি শণ্ডিল্য, দেৱাং ভূষণ মহন্ত, মানৱীক মহন্ত, ভাগ্যশ্ৰী ভাগৱতী, হৰ্ষিতা বৰা, নিৰ্মালী বৰা, জীতু শইকীয়া আৰু দীনেশ কলিতাই।

অসমৰ লোক সংস্কৃতি আৰু ভাৰতীয় দেশপ্ৰেম অংকিত কৰা এই শিশু নাটকখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে বুলি দৰ্শকে মত পোষণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!