অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

National Institute of Electronics and Information Technology: গুৱাহাটীত চাইবাৰ অপৰাধ, চাইবাৰ সুৰক্ষা আৰু ডিজিটেল ফৰেনছিকবিষয়ক ৰাষ্ট্ৰীয় সন্মিলন

Spread the love

গুৱাহাটীত ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ উদ্যোগত চাইবাৰ অপৰাধ, চাইবাৰ সুৰক্ষা আৰু ডিজিটেল ফৰেনছিক বিষয়ত দ্বিতীয় বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ


DD TIMES গুৱাহাটী, ২০ নৱেম্বৰঃ শেহতীয়াভাৱে চাইবাৰ জনিত অপৰাধে সমাজৰ সকলো খণ্ডৰ লোককে প্ৰভাৱিত কৰি বহু সময়ত বহু লোকক শলঠেকত পেলাই ধন, জন, মান সন্মান বিনষ্ট কৰি আহিছে।

আৰক্ষী বিভাগকে ধৰি প্ৰশাসন তন্ত্ৰটোকো বিমোৰত পেলাই অহাৰ সময়ত বিষয়টোৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত বিশদ আলোচনা আৰু সমাধান আগবঢ়োৱাৰ উদ্দেশ্যৰে আৰক্ষী, প্ৰশাসন, শিক্ষানুষ্ঠান তথা বিশ্বজনীন সংস্থা সমূহক একত্ৰিত কৰি এই বিষয়ত আলোচনাৰ এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)ৰ অধীনস্থ ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, চমুকৈ নাইলিট, NIELIT)ৰ উদ্যোগত আৰু অসম আৰক্ষী, গুৱাহাটী বিশ্ববিদ্যালয় তথা অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগ আৰু ভাৰতীয় ইউনাইটেড চাৰ্ভিচ ইনষ্টিটিউচনৰ সহযোগত “Cyber Secure Bharat: Fortifying India’s Digital Future” অৰ্থাৎ ” চাইবাৰ সুৰক্ষিত ভাৰত আৰু ভাৰতৰ ডিজিটেল ভৱিষ্যতৰ অনুধাৱন ” শীৰ্ষক দ্বিতীয় বাৰ্ষিক ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা, ডিজিটেল ফৰেনছিক আৰু চোৰাংচোৱা সন্মিলনৰ (NCCDFI 2025) শুভাৰম্ভ কৰা হয়।

স্মৰ্তব্য যে নাইলিটে ডিজিটেল দক্ষতা, চাইবাৰ সুৰক্ষা, ডিজিটেল ফৰেনছিক আৰু ক্ৰমাগত ভাৱে উন্নত প্ৰযুক্তি আৰু কাৰিকৰী শিক্ষাৰ জৰিয়তে ভাৰতৰ ডিজিটেল পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে।

উত্তৰ-পূবৰ ২২টাকে ধৰি দেশজুৰি ৫৬টা কেন্দ্ৰ আৰু ৭০০ৰো অধিক সংযুক্ত প্ৰতিষ্ঠানৰ সৈতে নাইলিটে নিজৰ ডিজিটেল বিশ্ববিদ্যালয় প্লেটফৰ্মৰ জৰিয়তে ৰাষ্ট্ৰীয় দক্ষতা পদক্ষেপ, ডিজিটেল ইণ্ডিয়া ৰূপায়ণ, চাইবাৰ সুৰক্ষাৰ সমৰ্থন আৰু প্ৰসাৰন তথা উন্নত প্ৰযুক্তি শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা ভূমিকা পালন কৰি আহিছে।

শেহতীয়াকৈ ডিমড-টু-বি বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান লাভ কৰা নাইলিটে শেহতীয়াভাৱে এনইপি ২০২০ৰ সৈতে মিল থকা প্ৰাথমিক পৰ্য্যায়ৰ ডিজিটেল দক্ষতাৰ পৰা পি এইচ ডি পৰ্যায়ৰ গৱেষণালৈকে সকলো অঞ্চল আৰু সমগ্ৰ দেশজুৰি চাইবাৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে এক বিশেষ মঞ্চ আৰু এটা নিৰৱচ্ছিন্ন শিক্ষণ প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিছে।

সন্মিলনখনৰ আজিৰ উদ্বোধনী অনুষ্ঠানত নাইলিট অসম আৰু নাগালেণ্ডৰ সঞ্চালক এল লানুৱাবাঙ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ মুখ্য সচিব, কে এছ গোপীনাথ নাৰায়ণ, অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰ, মাইক্ৰচফ্টৰ ৰাজহুৱা খণ্ডৰ মুৰব্বী কেশৰী কুমাৰ আস্থানা আৰু উইপ্ৰৰ গ্লোবেল ডাটা প্ৰাইভেচী বিষয়া সন্দেশ যাদৱ উপস্থিত থাকে।

আদৰণি ভাষণ প্ৰদান কৰি মেইটি আৰু নাইলিটৰ সঞ্চালক এল লানুৱাবাঙে সন্মিলন খনৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰথমে নাগালেণ্ডৰ কহিমাত শুভাৰম্ভ কৰা নাইলিটৰ কাম কাজ পৰৱৰ্তী সময়ত গুৱাহাটীলৈ সম্প্ৰসাৰিত হৈ শেহতীয়াভাৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিস্তাৰিত হৈছে।

তেওঁ অঞ্চলটোৰ ডিজিটেল ভৱিষ্যত সুৰক্ষিত কৰিবলৈ উন্নত চাইবাৰ প্ৰশিক্ষণ, ডিজিটেল ফৰেনছিক লেবৰেটৰী, সমন্বিত চাইবাৰ অপৰাধ জনিত বিষয়ত তদন্ত আৰু আন আন সংস্থা সমূহৰ সহযোগিতাৰ জৰিয়তে বিষয়টোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

লানুৱাবাঙে লগতে মন্তব্য প্ৰদান কৰি কয় যে, “চাইবাৰ ছিকিউৰ ভাৰত কেৱল এটা ধাৰণা নহয়, ই এক মিছন । এক নিৰাপদ ভাৰত হৈছে এক শক্তিশালী ডিজিটেল ভৱিষ্যতৰ ভেটি।” প্ৰসঙ্গত মাইক্ৰছফ্ট পাব্লিক ছেক্টৰৰ চিটিঅ’ কেশ্ৰী কুমাৰ আস্থানাই মন্তব্য প্ৰদান কৰি কয় যে ভাৰতত যোৱা বছৰ ১৩ লাখতকৈ অধিক চাইবাৰ কাণ্ড সংঘটিত হৈছিল, যিটো আৰক্ষীৰ গোচৰৰ সংখ্যাৰ প্ৰায় দুগুণ।

তেওঁ লগতে চাইবাৰ সুৰক্ষা সমাধানৰ জৰুৰী প্ৰয়োজনীয়তা আৰু ৰাষ্ট্ৰীয় চাইবাৰ সামৰ্থ্য শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নাইলিটৰ সৈতে বিশ্ববিদ্যালয়ৰ অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰি এআই, চাইবাৰ সুৰক্ষা, চাইবাৰ অপৰাধ তদন্ত আৰু ছেমি কণ্ডাক্টৰ প্ৰযুক্তিৰ শৈক্ষিক কাৰ্যসূচী প্ৰৱৰ্তনৰ প্ৰসংগ দাঙি ধৰে আৰু ইয়াৰ জৰিয়তে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতৰ বাবে সাজু হোৱাকৈ দক্ষতা আহৰণ কৰিব পাৰিব বুলি মন্তব্য প্ৰদান কৰে।


মুকলি দিনটোত আৰম্ভণিতে মুখ্য অতিথি আৰু বিশিষ্ট ব্যক্তিসকলে দুদিনীয়া চাইবাৰ ছিকিউৰিটি এণ্ড ডিজিটেল ফৰেনছিক প্ৰদৰ্শনীখন প্ৰদৰ্শন কৰে আৰু বিষয় বস্তুৰ বুজ লয়। প্ৰদৰ্শনীখনত অত্যাধুনিক তদন্তমূলক সঁজুলি, উন্নত ফৰেনছিক হাৰ্ডৱেৰ, এআই-সক্ষম চাইবাৰ সুৰক্ষা প্লেটফৰ্ম, মোবাইল ফৰেনছিক ব্যৱস্থা, ডিপফেক ধৰা পেলোৱা প্ৰযুক্তি, ৰেনছমৱেৰ বিশ্লেষণ সমাধান আৰু শেহতীয়া অত্যাধুনিক ডিজিটেল প্ৰমাণ নিয়ন্ত্ৰণ ছুইট প্ৰদৰ্শন কৰা হৈছে।

প্ৰদৰ্শনীখনত বিশ্বৰ শীৰ্ষ স্থানীয় অ’ইএম আৰু ভাৰতীয় চাইবাৰ সুৰক্ষা কোম্পানীসমূহে বিশ্বজুৰি আইন প্ৰয়োগকাৰী সংস্থা, প্ৰতিৰক্ষা, চোৰাংচোৱা সংস্থা আৰু ফৰেনছিক পৰীক্ষাগাৰসমূহে ব্যৱহাৰ কৰা প্ৰযুক্তিসমূহ উপস্থাপন কৰিছে, প্ৰতিনিধিসকলক চাইবাৰ তদন্তৰ ভৱিষ্যত গঢ় দিয়া অত্যাধুনিক সমাধানৰ হাতে কামে প্ৰদৰ্শন আগবঢ়াইছে।

সন্মিলনখনত চৰকাৰী বিভাগ, আৰক্ষী বিভাগ, ন্যায়িক সংস্থা, শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ বিশেষজ্ঞ, আৰু নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰা ৪০০ৰো অধিক প্ৰতিনিধিয়ে এই অংশগ্ৰহণ কৰি অঞ্চলটোত চাইবাৰ সুৰক্ষাৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানৰ শেহত শলাগৰ শৰাই আগবঢ়ায় নাইলিট, গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক শান্তনু বৰগোহাঁয়ে।

সন্মিলনৰ বৃহস্পতিটাৰে দ্বিতীয় দিনটোত কাৰিকৰী অধিবেশন, বিশেষজ্ঞ ব্যক্তিৰ আলোচনা, অ’ইএম উপস্থাপন আৰু শেহতীয়া চাইবাৰ ভাবুকি, চাইবাৰ অপৰাধৰ ধাৰা, ডিজিটেল তদন্ত পদ্ধতি আৰু ৰাষ্ট্ৰীয় চাইবাৰ স্থিতি সম্পৰ্কীয় ভালেমান বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!