অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Products are made from water grass: নগাঁৱৰ সমবায় বিভাগৰ উদ্যোগত পানী মেটেকাৰ পৰা সামগ্ৰী প্ৰস্তুত

Spread the love

নগাঁৱৰ সমবায় বিভাগৰ উদ্যোগত পানী মেটেকাৰ পৰা সামগ্ৰী প্ৰস্তুত কৰণ কাৰ্যসূচী

DD TIMES বেবেজীয়া, ২০ নৱেম্বৰঃ নিখিল ভাৰত ৭২ সংখ্যক সমবায় সপ্তাহ উপলক্ষে নগাঁও শ্বহীদ ভৱনত ১৪ নবেম্বৰৰ পৰা ১৭ নবেম্বৰলৈ অনাদৃত পানী মেটেকাৰ পৰা হস্তশিল্প প্ৰশিক্ষণৰ সফল সামৰণি পৰে।

সমবায় বিভাগৰ পঞ্জীয়ক নাৰায়ণ কোঁৱৰৰ উদ্যোগত আৰু নগাঁও জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক মৰমী ভকতৰ প্ৰচেষ্টাত অনাদৃত পানী মেটেকাৰ পৰা বিভিন্ন হস্তশিল্পৰ পৰা তৈয়াৰী মেট, বাস্কেত, দলিছা, পেন ষ্টেণ্ড, বেণীগঠা বেগ আদিকে ধৰি বিভিন্ন হস্তশিল্প প্ৰশিক্ষণ প্ৰদান কৰা হয়।

জিলাখনৰ সমবায় বিভাগৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা পানী মেটেকাৰ পৰা সামগ্ৰী প্ৰস্তুতকৰণ প্ৰশিক্ষণটোত নগাঁও, মৰিগাঁও জিলা আৰু কলিয়াবৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ ৮৬গৰাকী মহিলা আৰু ৪ জন পুৰুষে অংশ গ্ৰহণ কৰে।

প্ৰথম দিনা প্ৰশিক্ষণটিৰ শুভাৰম্ভ কৰে নগাঁও জিলাৰ উন্নয়ন আয়ুক্ত দেৱজানী চৌধুৰীয়ে। উক্ত অনুষ্ঠানৰ দিনা অতিৰিক্ত জিলা আয়ুক্ত মনোৰমা মৰাং, মুখ্য কাৰ্য্যালয়ৰ উপ পঞ্জীয়ক ডঃ কণ কুমাৰ শৰ্মা, নাবাৰ্ডৰ ডি ডি এম ৰাজু প্ৰেৰনা, কামৰূপৰ উপ-পঞ্জীয়ক ডঃ পৰেশ সাহা, নগাঁও সমবায় সমিতিৰ উপ-পঞ্জীয়ক মৰমী ভকত আৰু নগাঁও মহকুমাৰ সহকাৰী পঞ্জীয়ক হিমাংশু কলিতাই উপস্থিত থাকি মহিলা সৱলীকৰণ সম্পৰ্কীয় ভাষণ প্ৰদান কৰে।

নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰবন্ধক ৰাজু প্ৰেৰণাই সমবায়ৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা মহিলাসকলক নিজৰ ভাষণত উৎপাদিত সামগ্ৰী সমূহ ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে উন্নত প্ৰশিক্ষণ আৰু প্ৰয়োজন সাপেক্ষে অন্যান্য সুবিধা প্ৰদানৰ বিষয়ে অৱগত কৰে।

প্ৰায় তিনিদিন ধৰি পুৱাৰ পৰা সন্ধ্যা লৈকে প্ৰশিক্ষণ অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে দলংঘাট হেণ্ডীক্ৰাফ্ট সমবায় সমিতিৰ হৈ প্ৰশিক্ষণ প্ৰদান কৰে চন্দ্ৰ প্ৰভা বৰদলৈ, মুনমী দেউৰজা আৰু কনকলতা বৰদলৈয়ে।

উল্লেখ্য যে প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত মহিলা সকলক মানপত্ৰ প্ৰদান কৰে জিলা উপ-পঞ্জীয়ক মৰমী ভকত, জেষ্ঠ পৰিদৰ্শক ৰাহুল গোস্বামী, আনুৱাৰ চাহদাত, মুকুন্দ মজুমদাৰ আৰু গীতাঞ্জলি দাসে । জিলা উপ-পঞ্জীয়ক মৰমী ভকতে মহিলা সকলক স্বাৱলম্বীতাৰে সমাজত প্ৰতিষ্ঠা লভিবলৈ আহবান জনায়।

অন্যহাতে ৰহা মীন মহাবিদ্যালয়তো মীন সমবায় সমূহক অত্যাধুনিক পদ্ধতিৰে মস্য পালনৰ দ্বাৰা অৰ্থনৈতিক ভাৱে সবলিকৰণ কৰাৰ বাবে এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইয়াৰ লগতে দুৱাৰবাগৰি সমবায় সমিতিত গাঁও পঞ্চায়ত সমবায় সমিতি সমূহৰ ব্যৱসায় সম্প্ৰসাৰণ সন্দৰ্ভত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাক লৈ অন্য এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!