অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Mamoni Raisom Goswami: মামণি ৰয়ছম গোস্বামীয়ে কলমৰ শক্তি সামাজিক ন্যায়ৰ বাবে ব্যৱহাৰ কৰিছিলঃ লেঃজেনঃ কলিতা

Spread the love

মামণি ৰয়ছম গোস্বামীয়ে কলমৰ শক্তি সামাজিক ন্যায়ৰ বাবে ব্যৱহাৰ কৰিছিলঃ লেঃজেনঃ কলিতা

DD TIMES গুৱাহাটী, ১৫ নৱেম্বৰঃ ৰামায়ণী সাহিত্যৰ বিশিষ্ট পণ্ডিত, প্ৰথিতযশা সাহিত্যিক তথা জ্ঞানপীঠ বঁটা বিজয়ী ড° ইন্দিৰা (মামণি ৰয়ছম) গোস্বামীৰ ৮৩ সংখ্যক ওপজা দিন শুকুবাৰে মহানগৰীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত পালন কৰা হয়।

দক্ষিণ পূব এছিয়া ৰামায়ণী গৱেষণা কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু বিশিষ্ট অতিথি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, শিক্ষাবিদ ড° প্ৰদীপ জ্যোতি মহন্তই অংশগ্ৰহণ কৰে।

বহু গণ্য-মান্য ব্যক্তি উপস্থিত থকা এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্য অতিথি তথা অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কয় যে যেতিয়া সমাজত অসমতাৰ সৃষ্টি হয়, যেতিয়া সমাজত মহিলাই নিজৰ অধিকাৰৰ স্বীকৃতিৰ বাবে সংগ্ৰাম কৰিব লগা হয়, যেতিয়াই অসহিষ্ণুতাই বাক স্বাধীনতাত কুঠাৰঘাত কৰে, তেতিয়াই মামণি ৰয়ছম গোস্বামীৰ লিখনিয়ে  সহনাভূতিৰ শক্তি সন্দৰ্ভত মনত পেলাই দিয়ে।

মামণি বাইদেউৱে সকলোকে শিকাই থৈ গৈছে যে সাহিত্য কেবল ভাষাৰ সৌন্দৰ্য নহয়, বৰঞ্চ ই  হৈছে সত্যৰো সৌন্দৰ্য। ভাষণ প্ৰসংগত কলিতাই কয়- ‘মামণি বাইদেউ আজি জীয়াই থকা হ’লে নিশ্চিতভাবে সমাজত হোৱা অন্যায়ৰ বিৰুদ্ধে মাত মাতিলে হেতেন। মামণি বাইদেউৱে আমাক সকিয়াই দিলে হেতেন যে সহানুভূতি অবিহনে কোনো সভ্যতা আগবাঢ়িব নোৱাৰে আৰু সমতা অবিহনে শান্তি বিৰাজ কৰিব নোৱাৰে।’

ভাষণ প্ৰসংগত সেনা বাহিনীৰ প্ৰাক্তন শীৰ্ষ বিষয়া গৰাকীয়ে কয় যে মামণি ৰয়ছম গোস্বামীয়ে নিজৰ কলমটোক তৰোৱাললৈ ৰূপান্তৰ কৰি সাহসেৰে সমাজৰ বাবে লিখি গৈছিল।

এইগৰাকী বিশিষ্ট সাহিত্যিকৰ সৃষ্টি, লেখনি সমূহ আগবঢ়ায় লৈ যোৱাৰ বাবে কলিতাই সকলোৰে প্ৰতি আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশলৈ বিশিষ্ট শিক্ষাবিদ ড° প্ৰদীপ জ্যোতি মহন্তই কয় যে মামণি ৰয়ছম গোস্বামীয়ে ওৰেটো জীৱন সৃষ্টিৰ সাধনাত উৎসৰ্গা কৰিছিল। সৃষ্টিক উপাসনাৰ ৰূপত গ্ৰহণ কৰিছিল সাহিত্যিকগৰাকীয়ে।

মামণি ৰয়ছম গোস্বামীৰ কালজয়ী উপন্যাসসমূহৰ লগতে ৰামায়ণী সাহিত্যৰ সন্দৰ্ভত সন্দৰ্ভত সাৰগৰ্ভ ভাষণ প্ৰদান কৰি ড° মহন্তই কয়, “ৰামায়ণী সাহিত্যৰ মাজত থকা শান্তিৰ বাৰ্তা, মুক্তিৰ বাৰ্তাই হয়তো মামণি বাইদেউক অনুপ্ৰাণিত কৰিছিল। সেই অনুপ্ৰেৰণাকে আত্মস্থ কৰি বাইদেউৱে পৰৱৰ্তী সময়ত নানা সৃষ্টিত হাত দিছিল। উপন্যাসসমূহৰ জৰিয়তে তেওঁ মানুহৰ, সমাজৰ ছবি তেওঁ অংকন কৰিছিল।

যন্ত্ৰনাক মুক্তিৰ স্বপ্নৰ জৰিয়তে মামণি বাইদেউৱে জীৱনৰ জয়গান গাইছিল, মানৱতাৰ জয়গান গাইছিল।  একেদৰে, নাৰী মুক্তিৰ গানো তেওঁৰ উপন্যাসত প্ৰতিফলিত হৈছে। কিন্তু সেয়া প্ৰতিফলিত হ’লেও মামণি বাইদেউৱে কেতিয়াও নাৰীবাদী লেখিকা হিচাপে পৰিচয় দিয়া নাছিল।” ভাষণ প্ৰসংগত ড° মহন্তই কয় যে মামণি ৰয়ছম গোস্বামীৰ প্ৰতিখন উপন্যাসেই বহল আলোচনাৰ বিষয়।

সেই অনুসৰি মামণি ৰয়ছম গোস্বামীৰ বিষয়ে দুই, তিনিদিনীয়াকৈ আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ বাবে দক্ষিণ পূব এছিয়া ৰামায়ণী গৱেষণা কেন্দ্ৰক ড° মহন্তই আহ্বান জনায়।

উল্লেখযোগ্য যে, শিল্পী বৰ্ণালী দাসৰ মংগলাচৰণৰ মাজেদি জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড° মামণি ৰয়ছম গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে ওপজা দিনৰ অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। ইয়াৰ পিছতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।

অনুষ্ঠানত উত্তৰ পূব এছিয়া ৰামায়ণী গৱেষণা কেন্দ্ৰৰ সঞ্চালক সবিতা শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰি মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিগত জীৱনৰ বিষয়ে সদৰী কৰে। অনুষ্ঠানত মামণি ৰয়ছম গোস্বামীৰ পৰিয়ালৰ লোকসকলে পৰিবেশন কৰে সমবেত সংগীত।

ইয়াৰ পিছতে শিল্পী নম্ৰতা গোস্বামীয়ে এটি সুন্দৰ নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। একেদৰে, অভিনেত্ৰী জেৰিফা ৱাহিদে মামণি ৰয়ছম গোস্বামীৰ দুটাকৈ কবিতা পাঠ কৰি সকলোকে আনন্দ দিয়ে।

সুকণ্যা কাশ্যপ মহন্তই আঁত ধৰা আজিৰ এই অনুষ্ঠানত দক্ষিণ পূব এছিয়া ৰামায়ণী গৱেষণা কেন্দ্ৰৰ সভাপতি জ্যোৰ্তিময় গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!