অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

PRAGJYOTISHPUR LITFEST: প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’ ২০২৫ শুভাৰম্ভ

Spread the love

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’ ২০২৫ শুভাৰম্ভ

DD TIMES গুৱাহাটী, ১৪ নৱেম্বৰঃ শুক্ৰবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’ ২০২৫ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিৰ হয়।

উদ্বোধনী সত্ৰৰ মূল বক্তা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাহিত্যিক শেফালী বৈদ্যই প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’ ২০২৫ৰ তৃতীয় বৰ্ষত সাহিত্যৰ মাজেৰে শিপাৰ সন্ধানৰ অভিলাষী যাত্ৰাৰ কথা উল্লেখ কৰে।

অসমীয়াৰে নিজৰ বক্তব্য আৰম্ভ কৰি, ভূপেন হাজৰিকা দেৱৰ গীতৰ মাজেৰে অসমীয়াক এক সমৰ্দ্ধ ভাষা বুলি কয়।

সাহিত্য চৰ্চাৰ মাজেৰে উত্তৰ প্ৰজন্মক নিজৰ ঐতিহ্য তথা গৌৰৱময় বৌদ্ধিক বুনিয়াদৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ উদ্বোধনী সত্ৰত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক,আৰক্ষী বিষয়া নন্দ সিং বৰকলাই তৃতীয় বৰ্ষত ভৰি দিলে।

বৰকলাই ভাষণ প্ৰসংগত ভাৰতবৰ্ষক সমগ্ৰ দেশবোৰে সন্মান কৰাৰ কথা দোহাই, ভাৰতীয় ঐতিহ্য, সংস্কৃতিৰ এক বিশেষ দুৰ্লভ চিত্ৰ দৰ্শকৰ দাঙি ধৰে।

শিপাৰ সন্ধান কৰিবলৈ ভূপেন হাজৰিকাৰ “কাৰ্বি আংলং অতি নুমলীয়া” গীততিৰে প্ৰাক শংকৰীৰে যুগলৈ আগুৱাই গৈ কৰবাত হেৰাই যোৱা সাহিত্যক বিচাৰি অনাৰ কথা কৈছে।

ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহৰ সন্মুখত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, প্ৰানৰ শিল্পী জুবিন গাৰ্গ আৰু বাঁহীৰ যাদুকৰ দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

প্ৰথম দিনৰ দ্বিতীয় সত্ৰৰ “অসমীয়া গীতি সাহিত্যৰ পৰিবৰ্তন আৰু পৰিবৰ্দ্ধনঃ নব্বৈ দশকৰ পৰা বৰ্তমানলৈ” শীৰ্ষক আলোচনা চক্ৰখনি বিশিষ্ট গীতিকাৰ, সুৰকাৰ গৌতম শৰ্মাই পৰিচালনা কৰে।

আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অসমৰ বহুকেইগৰকী গীতি সাহিত্যৰ গৱেষক ক্ৰমে দিগন্ত ভাৰতী, তৰুণ কলিতা আৰু ইবচন লাল বৰুৱাই। শেষৰ সত্ৰত মুঠ ১৪ গৰাকী ন-পুৰণি কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’ ২০২৫ৰ উদ্বোধনী সত্ৰত “প্ৰাগজ্যোতি” শীৰ্ষক এখন মুখপত্ৰ আলোচনী উন্মোচন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!