অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

MV SCHOOL: পি এম শ্ৰী গোবিন্দপুৰ এম ভি স্কুলৰ মহাৰজত জয়ন্তীৰ উপলক্ষে লাইখুঁটা স্থাপন

Spread the love

পি এম শ্ৰী গোবিন্দপুৰ এম ভি স্কুলৰ মহাৰজত জয়ন্তীৰ উপলক্ষে লাইখুঁটা স্থাপন

শিক্ষাসদীৰ প্ৰাণোচ্ছল পৰিবেশত সমজিলা আয়ুক্তৰ লাই খুঁটা স্থাপন

DD TIMES ঢকুৱাখনা, ১৪ নৱেম্বৰঃ ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলত জ্ঞানৰ গৰিমা বিলাই অহা এখন নামজ্বলা শিক্ষানুষ্ঠান পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়।

১৯৫০ চনৰ ১৪ নৱেম্বৰত প্ৰাণ প্ৰতিষ্ঠা হোৱা হাৰ্হি অঞ্চলৰ এইখন বাটকতিয়া শিক্ষানুষ্ঠানে গৰকিলে ৭৫টা গৌৰৱোজ্জ্বল বর্ষ।

অলেখ উৎকৃষ্ট মানৱ সম্পদৰ স্ৰষ্টাকাৰী এই বিদ্যাৰ মন্দিৰৰ স্বৰ্ণিল ইতিহাস ৰোমন্থন আৰু সমুজ্জল বৰ্তমানক অধিক গৰিমাময় কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে ৭৫ বছৰ অতিক্ৰমা গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী উৎসৱৰ।

অহা ২০২৬ বর্ষৰ ৩০ আৰু ৩১ জানুৱাৰী আৰু ১ফেব্ৰুৱাৰীত ৩ দিনীয়াকৈ প্ৰায় ২৫ লক্ষাধিক পুঁজি ব্যয়ৰে অনুষ্ঠিত হব লগা মহাৰজত জয়ন্তী মহোৎসৱৰ উদযাপন সতে সংগতি ৰাখি শুক্ৰবাৰে অনুষ্ঠিত কৰা হয় এক অনুষ্ঠান।

বিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই মহাৰজত জয়ন্তী মহোৎসৱৰ “শুভাৰম্ভন” অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰাৰম্ভিক কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। এই “শুভাৰম্ভন” অনুষ্ঠান ভাগি পুৱা ৯ বজাত গছপুলি ৰোপণ, ১০ বজাত অসম গৌৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

জ্যেষ্ঠ নাগৰিক যতীন বৰুৱাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত খেল পথাৰত মূল মণ্ডপৰ লাই খুঁটা স্থাপন কৰে ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত সংস্কৃতি ছুমানীয়ে।

ঢকুৱাখনাৰ শিক্ষানুৰাগী শুভাকাংক্ষী ৰাইজ, উদযাপন সমিতি, বিদ্যালয় পৰিয়ালৰ উপস্থিতিত আয়তীৰ উৰুলি আৰু গায়ন বায়নৰ মাজত এই পবিত্ৰ কাৰ্য সম্পন্ন হয়। উদযাপন সমিতিৰ এখন বিশেষ সভা অনুষ্ঠিত হয়।

ঢকুৱাখনা সমজিলাবাসীৰ লগতে বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ সকলো শিক্ষাব্ৰতী ৰাইজ, অভিভাৱক, প্ৰাক্তন শিক্ষক শিক্ষাৰ্থীক মহোৎসৱৰ এই প্ৰথম মাংগলিক কাৰ্যসূচী ভাগিত উপস্থিত থাকি উৎসাহপূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে উদযাপন সমিতিয়ে কৃতজ্ঞতা জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!