অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

POEM: শোকাতুৰ

Spread the love

শোকাতুৰ
(দেউতাৰ স্মৃতিত)

DD TIMESৰ আজিৰ কবি কুলদীপ মেধি

নিজম ৰাতি
শোৱনি কোঠাৰ লাইটতো নুমাই
মই অকলে কান্দো।


জ্বলি থকা চিতাৰ জুইকুৰাৰ দৰে
এমূৰৰ পৰা বিছনাখন জ্বলি উঠে।


ধোঁৱাৰ মাজেৰে তেওঁ নাও মেলি দিয়ে
ক’ত তেওঁৰ ঘৰ?


তুলসীৰ তলত জ্বলি থকা চাকি গচিৰ দৰে
জ্বলি জ্বলি নুমাই যোৱা ধূপকাঠিৰ ছাইৰ দৰে
একো নাই, সকলো শূণ্য।


দুটি চকু যেন দুটি নক্ষত্ৰ
ওৰেৰাতি কাণত বাজে
সেই কৰুণ বিননি – “বৰ কষ্ট পাইছো অ’!”
হুমুনিয়াহৰ প্ৰচণ্ড আঘাতত
মোৰ বুকুৰ কামিহাড় মৰমৰকৈ ভাঙে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!