অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

BOOK FAIR WRITERS’ SEMINAR: অসম গ্ৰন্থমেলা, লখিমপুৰত লেখক-পাঠক সল্মিলনত ড° অমিয়া ৰাজবংশীঃ লেখকৰ সৃষ্টিক পাঠকে প্ৰাণ দিয়ে

Spread the love

অসম গ্ৰন্থমেলা, লখিমপুৰত লেখক-পাঠক সল্মিলনত ড° অমিয়া ৰাজবংশীঃ লেখকৰ সৃষ্টিক পাঠকে প্ৰাণ দিয়ে

লেখক-পাঠকৰ সন্মিলন বৰ প্ৰেৰণাদায়কঃ ড° ধৰণী লাহন

পাঠকেই ভাল লেখক সৃষ্টি কৰেঃ ড° বিমান চন্দ্ৰ চেতিয়া

DD TIMES লখিমপুৰ, ৭ নৱেম্বৰঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি লখিমপুৰত অনুষ্ঠিত হোৱা ২০২৫-২৬ৰ দ্বিতীয়খন অসম গ্ৰন্থমেলা সাহিত্য-সংস্কৃতি, নাট্যকলা-ইতিহাস আদি বিভিন্ন বিষয়ৰ চৰ্চাৰে আকৰ্ষণীয় হৈ পৰিছে ৷


অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্‌প্লেক্সত দহদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাই আজি সপ্তম দিন অতিক্ৰম কৰে ৷

আজি বিয়লি গ্ৰন্থমেলা প্ৰাংগণৰ জুবিন গাৰ্গ সোৱঁৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘সাহিত্য-আলচ’ শীৰ্ষক লেখক-পাঠক সন্মিলন ৷ এই আকৰ্ষণীয় অনুষ্ঠানটি উদ্বোধন কৰে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ, বিশিষ্ট বিজ্ঞান লেখিকা ড° অমিয়া ৰাজবংশীয়ে ৷

তেওঁ কয় যে গ্ৰন্থমেলা মানেই লেখক-পাঠক মুখামুখি হোৱা সুন্দৰ ঠাই ৷ গ্ৰন্থবিহীন গৃহক দাৰ্শনিক-পণ্ডিতসকলে আত্মাবিহীন শৰীৰ বুলি উল্লেখ কৰিছে ৷ গ্ৰন্থ ৰচনা বা প্ৰনয়ণ কৰে গ্ৰন্থকাৰ বা লেখকসকলে ৷ গ্ৰন্থ লিখা আৰু প্ৰকাশ কৰা হয় পাঠকক উদ্দেশ্য কৰি ৷ পাঠকেই গ্ৰন্থৰ মূল লক্ষ্য ৷

অৰ্থাৎ লেখক-পাঠকৰ মাজত এক সহযোগী সম্পৰ্ক আছে ৷ লেখকে সৃষ্টি কৰে আৰু সেই সৃষ্টিক পাঠকে প্ৰাণ দিয়ে ৷ গতিকে লেখক আৰু পাঠক উভয়ে মুখামুখি হোৱটো ডাঙৰ কথা ৷

ইয়াৰ ফলত উভয়ে সমৃদ্ধ হ’ব পাৰে ৷ ইয়াত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, বিশিষ্ট শিক্ষাবিদ ড° বিমান চন্দ্ৰ চেতিয়াই ৷ তেওঁ কয় যে এই কাৰ্যসূচী গ্ৰন্থমেলাৰ এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান ৷ লেখক আৰু পাঠক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি সদৃশ ৷

পাঠকেই ভাল লেখক সৃষ্টি কৰিব পাৰে ৷ মানৱ সভ্যতা থকালৈকে গ্ৰন্থ জীয়াই থাকিব আৰু তেতিয়ালৈ পাঠক সমাজো থাকিব ৷ এটা সমীক্ষাত প্ৰকাশ পাইছে যে ক’ভিড মহামাৰীৰ পাছত বিশ্বত ৪০ শতাংশ পঢ়ুৱৈ বৃদ্ধি পাইছে ৷ অৱশ্যে পঢ়াৰ মাধ্যম কিছু পৰিমাণে সলনি হৈছে ৷

Oplus_131072

লেখক-পাঠক সন্মিলন অনুষ্ঠানটি আকৰ্ষণীয় ৰূপত সঞ্চালনা কৰে বিশিষ্ট লেখক, গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° ধৰণী লাহনে ৷ তেওঁ কয় যে লেখক-পাঠকৰ সন্মিলন বৰ প্ৰেৰণাদায়ক অনুষ্ঠান ৷

অসম গ্ৰন্থমেলাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন ক্ষেত্ৰৰ লেখকসকলক লগপোৱাটো সুন্দৰ অভিজ্ঞতা ৷ সমান্তৰালভাৱে পাঠকসকলৰ মনৰ খবৰো ইয়াত ল’ব পাৰি ৷ লেখকসকলে পাঠকৰ মনৰ চাহিদা প্ৰত্যক্ষভাৱে জানিবলৈ এই অনুষ্ঠান অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ পাঠকেই লেখকৰ সৃষ্টিৰ সফলতা নিৰ্ণয় কৰে ৷ ইয়াৰ ওপৰতে সাহিত্যৰো মূল্যায়ণ কৰা হয় ৷

কবি-লেখক নৱজ্যোতি পাঠকে আঁত ধৰা লেখক-পাঠক সন্মিলনত অংশগ্ৰহণ কৰে চন্দ্ৰ হাজৰিকা, ড° কেশৱ হাজৰিকা, ফাৰহানা আহমেদ, নিৰণ কুমাৰ বৰা, চুইটশ্ৰী বৰা মহন, ড° প্ৰশান্ত বাৰিক, বিপ্লৱ বৰা, ৰাজীৱ বৰুৱা, প্ৰাণজিৎ কুমাৰ শইকীয়া, বিউতি বৰা, পল্লৱী বৰা নেওগ, জোনমণি শইকীয়া, নিপণ পাংগিং, জীৱন্ত শইকীয়াই ৷

ইয়াৰ পাছতে প্ৰবোধ দাসে আঁত ধৰা অসম লখিমপুৰৰ আজিৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে কিষাণ বিদ্যাপীঠ, এছিয়ান পাব্লিক স্কুল আৰু ব্ৰিলিয়েন্ট একাডেমীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!