NEW BOOKS KAZIRANGAR RAMEN BHAI: শিশু সাহিত্যিক নিৰু নেওগ বৰাৰ ‘কাজিৰঙাৰ ৰমেন ভাই’ উন্মোচন
শিশু সাহিত্যিক নিৰু নেওগ বৰাৰ ‘কাজিৰঙাৰ ৰমেন ভাই’ উন্মোচন

DD TIMES তেজপুৰ, ৬ নৱেম্বৰঃ ২০০১ চনত তিনিখন শিশু নাটক সংকলন ‘ভোকাতুৰ মইনা’ৰে সাহিত্য জগতত খোজ পেলোৱা নিৰু নেওগ বৰাই হাইস্কুলত পঢ়ি থাকোতেই নিজে নাটক লিখি অভিনয় কৰি প্ৰথম পুৰস্কাৰ লাভ কৰি লেখাৰ অনুশীলন আৰম্ভ কৰিছিল।
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৫০ বছৰীয়া প্ৰতিষ্ঠা দিৱসত আজি তেজপুৰ গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কাৰ্য্যসূচীৰ মাজতে নিৰু নেওগ বৰাৰ দ্বাদশখন গ্ৰন্থ ” কাজিৰঙাৰ ৰমেন ভাই ” উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা আৰু তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চাৰু চহৰীয়া নাথে।
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুৱৰ্ণ শইকীয়া বৰদলৈ সভাপতিত্বত আৰু প্ৰধান সম্পাদিকা মনোমতীকুৰ্মীয়ে আঁত ধৰা অনুষ্ঠানত শিশু গল্প খন উন্মোচন হয়।
লেখিকা গৰাকীৰ শিশু গল্প সংকলন পাঁচ খন, ৭খন শিশু উপন্যাসৰ সংকলিত গ্ৰন্থ দুখন, চুটি গল্প সংকলন দুখন , ৭খন শিশু একাংকিকা, দুখৰ পূৰ্ণাংগ নাটক, দুখন মহিলাৰ বাবে লিখা নাটকেৰে তেওঁৰ সাহিত্যকৃতিৰ পূর্ণ প্ৰকাশ পোহৰলৈ আনিছে। তেওঁ নিৰলস সাহিত্য সাধনাৰ বিপৰীতে ৰাজহুৱা স্বীকৃতিও লাভ কৰিছে।
২০১৫ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনত চুটি গল্পত ৩য় পুৰস্কাৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ টিহু অধিৱেশনত ” সাবিত্রী বৰগোহাঁই সোঁৱৰণী ” চুটি গল্প প্ৰতিযোগিতাত “বন্ধন মুক্তি “ত ৩য় পুৰস্কাৰ, অসম লেখিকা সংস্থাৰ টেঙাখাত অধিৱেশনত শিশু গল্পত ২য় পুৰস্কাৰ,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধেমাজি অধিৱেশনত ” নিপ বৰুৱা সোঁৱৰনী “শিশু সাহিত্য প্ৰতিযোগিতাত ” এখন নতুন পৃথিবীৰ সন্ধানত” শিশু উপন্যাস সংলনৰ বাবে প্ৰথম পুৰস্কাৰ, তেজপুৰ লেখিকা সমাৰোহ সমিতিৰ ” ফুল বৰা সোঁৱৰনী ” গল্প প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছিল।
মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী অধ্যাপিকাই “অসমৰ মহিলা নাট্যকাৰ ” বিষয়ত গৱেষণা কৰোতে বৰাৰ সাত খন নাটকো সামৰি লৈছিল।
তেজপুৰৰ বাণ ৰংগমঞ্চত সদৌ অসম ভিত্তিত ” আয়না জীৱনৰ নাটক প্ৰতিযোগিতাত ” তেওঁৰ এখন নাটক ” সংকল্প লওঁ আহক ” মঞ্চস্থ হৈছিল। এইটো এটা আশাব্যঞ্জক বতৰা।
শ্ৰীমতী বৰা অসম সাহিত্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, সদৌ অসম মইনা পাৰিজাত, অসম নাট্য সন্মিলন, সৰ্বভাৰতীয় কবি সন্মিলন, সাহিত্য মঞ্চ আদি অনুষ্ঠানৰ লগতো ওতপ্রোতভাবে জৰিত হৈ আছে।

