অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GOLD MEDAL: ৰাষ্ট্ৰীয় স্কুল বক্সিঙত নেহা শ্ৰেষ্ঠ, অসমৰ এটা সোণসহ পাঁচটা পদক লাভ

Spread the love

ৰাষ্ট্ৰীয় স্কুল গেমছ বক্সিঙত নেহা শ্ৰেষ্ঠ, অসমৰ এটা সোণসহ পাঁচটা পদক লাভ

DD TIMES গুৱাহাটী, ৩ নৱেম্বৰঃ অৰুনাচলত অনুষ্ঠিত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ বক্সিং প্ৰতিযোগিতাত অসমে অনবদ্য প্ৰদৰ্শন কৰি এটা সোণসহ মুঠ পাঁচটা পদক অৰ্জন কৰিছে৷

আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ নেহা পাউডেলে ছোৱালীৰ ৬৬ কিলোগ্ৰাম শাখাত সোণ অৰ্জন কৰে৷ নেহা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বক্সাৰৰূপেও সন্মানিত হয়৷

ইফালে, নেহাৰ লগতে অসমৰ মনিকা দলে ছোৱালীৰ ৪৪ কেজি শাখাত তথা জয়শ্ৰী ডেকাই ৮০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও আজি পৰাস্ত হৈ ৰূপ অৰ্জন কৰে৷

আনহাতে, ছেমিফাইনেলত অভিযান সামৰা অসমৰ ধান্তি শইকীয়াই ছোৱালীৰ ৬৩ কেজি শাখাত ব্ৰঞ্জ লাভ কৰাৰ বিপৰীতে একমাত্ৰ ল’ৰা হিচাপে মহম্মদ আয়নে ৫৪ কেজি শাখাত ব্ৰঞ্জ অৰ্জন কৰে৷

পদকজয়ী আটাইকেইগৰাকী বক্সাৰে আসন্ন খেলো ইণ্ডিয়া যুৱ ক্ৰীড়ালৈ যোগ্যতা অৰ্জন কৰাটোও নিশ্চিত হৈছে৷

অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই পদকজয়ী ৰাজ্যৰ পাঁচোগৰাকী নৱাগত খেলুৱৈক শুভেচ্চা জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!