অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

PEACE AND ASSAM: ভয় আৰু শংকামুক্ত এখন অসম গঢ়াৰ সংকল্প

Spread the love

হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ, পাকিস্তান সংযোগৰ এছআইটিৰ তদন্তৰ তথ্য ৰাজহুৱা কৰক


২০২৬ৰ নিৰ্বাচনৰ পিছত অসম এৰিব লাগিব জনজাতি বিৰোধী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

DD TIMES গুৱাহাটী, ৩ নৱেম্বৰঃ ভয় আৰু শংকামুক্ত এখন অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। সেইবাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিজেপি দল আৰু চৰকাৰে ৰাইজক ভয় দেখুৱাই থকাৰ বিৰুদ্ধে জনজাগৰণ আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

কাৰ্বি আংলঙৰ হামৰেণত আজি এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে বিজেপি দলৰ ভয়-ভাবুকি, হিমন্ত বিশ্ব শৰ্মাৰ ৰঙাচকু আৰু তুলিৰাম ৰংহাঙৰ ভাবুকিৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ৰাইজ ওলাই আহিছে। সেইটো ভাল খবৰ।

আমি ভয় আৰু শংকামুক্ত এখন অসম গঢ়িবৰ বাবে চেষ্টা অব্যাহত ৰাখিছো। হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত পৰিৱৰ্তন আনিব নোৱাৰিলে। জাতি, মাটি, ভেটি সুৰক্ষিত কৰিব নোৱাৰিলে।

তেওঁ নতুন পদ্ধতি আৰম্ভ কৰিলে। সেয়া হ’ল ৰাজত্ব। কাৰ্বি আংলঙৰ ভিতৰত তেওঁ ৰাজত্ব চলাবলৈ দিছে তুলিৰাম ৰংহাঙক। কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙৰ সম্পৰ্কীয় ভাই-ভনী, আত্মীয়-স্বজন ধনী হ’ল, সুৰক্ষিত হ’ল। সাধাৰণ ৰাইজৰ উন্নয়ন কিন্তু নহ’ল।

উদ্যোগীকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি গগৈয়ে কয় যে বিগত ১০ বছৰত অসমৰ চাহ উদ্যোগ প্ৰায় ধ্বংসপ্ৰাপ্ত হৈছে। চাহ খেতি কৰিবলৈ খেতিয়কসকলে বাদ দিবলগীয়া হৈছে।

ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচাপাতৰ মূল্য নোপোৱাত থলুৱা খেতিয়কসকলৰ লগতে শ্ৰমিকসকলৰ হাহাকাৰ হৈছে। কেঁচা চাহপাতৰ মূল্য ৯-১০ টকা হৈছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে চৰকাৰখনৰ অসমৰ চাহ উদ্যোগৰ বাবে কোনো নীতি নাই, কাৰ্বি আংলঙৰ বাঁহ খেতিৰ ক্ষেত্ৰতো চৰকাৰৰ সাংঘাতিক অনীহা দেখা গৈছে।

সৰ্থেবাৰীৰ কাঁহ শিল্প আজি বন্ধ হৈ পৰিছে। উদ্যোগ মানেই বিজেপি চৰকাৰে টাটা, আম্বানি, আদানিয়ে কৰা বৃহৎ উদ্যোগক বুজাব খুজিছে। ৰাৱণৰ লংকা যিদৰে সাধাৰণ বানৰ সেনাই ধ্বংস কৰি দিলে ঠিক তেনেকৈ তুলিৰাম ৰংহাঙৰ ৰাজত্ব, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্ব অসমৰ সাধাৰণ ৰাইজে ২০২৬ত নস্যাৎ কৰিব।

কাৰ্বি আংলঙৰ পশ্চিমাঞ্চলৰ ভ্ৰমণ সামৰি সাংসদ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক জনজাতি বিৰোধী নেতা বুলি বিস্ফোৰক অভিযোগ কৰে। গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই তুলিৰাম ৰংহাঙক ছিংগাপুৰলৈ ছ্যুটকেছ দাঙিবলৈ লৈ গৈছিল আৰু ছ্যুটকেছৰ ভিতৰত কি আছে তেওঁ নাজানে।

তিৱা জনগোষ্ঠীৰ নেতা, বিধায়ক ৰমাকান্ত দেউৰীক মুখ্যমন্ত্ৰীজনে পুতলাৰ দৰে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে এগৰাকী জনজাতীয় নেতাক যথোচিত সন্মানৰ পৰিৱৰ্তে তেওঁ অভদ্ৰোচিত ব্যৱহাৰ কৰিছে।

এজন জনজাতীয় নেতাক সমুখৰ ফালৰ পৰা ছুৰী মাৰি নিজেই মুখ্যমন্ত্ৰী হোৱা বুলি উল্লেখ কৰি গগৈয়ে কয় যে অসমৰ ৰাইজে এইবোৰ কথা দেখি আছে যে কেনেদৰে তেওঁ এতিয়া হাগ্ৰামা মহিলাৰীকো ভয় খুৱাই ৰিমোট কন্ট্ৰ’লৰ দ্বাৰা পৰিচালিত কৰিব বিচাৰিছে।

বড়ো জনগোষ্ঠীৰ নেতা প্ৰমোদ বড়োৰ ৰাজনৈতিক কেৰিয়াৰ হিমন্ত বিশ্ব শৰ্মাই ধ্বংস কৰি দিয়া বুলিও গগৈয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰজা বুলি ভাবি স্বায়ত্ব শাসিত পৰিষদৰ জনপ্ৰতিনিধিসকলক সৰু সৰু ৰজাৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে।

কাৰ্বি আংলঙত তুলিৰাম ৰংহাং, ডিমা হাছাওত দেৱলাল গাৰ্লোছাক তেওঁ তলতীয়া ৰজাৰ দৰে ব্যৱহাৰ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছতে ৰজাৰ দৰে জনজাতিৰ মাটি দখল কৰিছে মন্ত্ৰী অশোক সিংঘালে।

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ কাষত মন্ত্ৰী অশোক সিংঘালে জনজাতীয় লোকৰ মাটি দখল কৰাৰ বাতৰি উদ্বেগজনক বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ আজিলৈকে ৰাইজক জনাব নোৱাৰিলে।

আজি তেওঁ হত্যাকাণ্ড হোৱা বুলি কৈছে, কিন্তু কেনেকৈ হ’ল, কিয় হ’ল সেই কথা ৰাইজক জনোৱা নাই। ১০ ছেপ্টেম্বৰৰ ভিতৰত গগৈৰ পাকিস্তানৰ সংযোগ সন্দৰ্ভত তথ্য ৰাজহুৱা কৰিব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে সেই কথা ৰাইজক জনাব নোৱাৰিলে। গগৈয়ে কয় যে আমি ৰাজনৈতিক ব্যক্তি, আদালতত নহয়, ৰাইজৰ মাজত আমাৰ বিৰুদ্ধে অনা অভিযোগৰ তথ্য মুকলি হ’ব লাগে। লগতে আদালতলৈ যাবলৈ পৰামৰ্শ নিদিবৰ বাবেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই গগৈয়ে আজি কয় যে এছআইটিয়ে কৰা তদন্ত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক। যদি ইমানেই গুৰুত্বপূৰ্ণ অভিযোগ মই অসমৰ ভিতৰতে আছো, অভিযোগ প্ৰমাণ কৰক আৰু মোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক।

হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ পিছত অসম এৰিব লাগিব বুলি উল্লেখ কৰি গগৈয়ে কয় যে তেওঁ জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে পাকিস্তানী এজেণ্ট সজাব বিচৰা তথ্যসমূহ শীঘ্ৰে ৰাজহুৱা কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!