অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG’S ROI ROI BINALE: বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত জুবিন গাৰ্গৰ ন্যায় যাত্ৰা অনুষ্ঠান

Spread the love

বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত জুবিন গাৰ্গৰ ন্যায় যাত্ৰা অনুষ্ঠান

গৰিমা বৌলৈ দিব্যাঙ্গ শিক্ষাৰ্থীৰ বিশেষ আহ্বান

DD TIMES বঢ়মপুৰ, ৩১ অক্টোবৰঃ নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত ৩০ অক্টোবৰৰ সন্ধিয়া ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেচনৰ উদ্যোগত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় যাত্রাৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জুবিন গাৰ্গৰ সহযোগী শিল্পী ৰাজা বৰুৱাই।


অনুষ্ঠানৰ আঁত ধৰে অন্ধ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰাই। ইয়াৰ পিছতে অঞ্চলৰ গণ্য-মান্য ব্যক্তি, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰীসকলে ‘মায়াবিনী…’ শীৰ্ষক গীতটি সমবেত কন্ঠৰে পৰিৱেশন কৰে। ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেচনৰ সঞ্চালক বিভূতি ভূষণ বৰঠাকুৰৰ পৰিচালনাত সম্পন্ন হোৱা অনুষ্ঠানটোৰ অন্তত বৰঠাকুৰে সাংবাদিকৰ আগত কয় যে আমি এখন কটকটীয়া পানী নসৰকা অভিযোগনামা আৰু ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া চলাবৰ বাবে আহ্বান জনাওঁ।

আনহাতে অহা ৩০ নৱেম্বৰত যোৰহাটত জুবিন গাৰ্গে আয়োজন কৰা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ অনুষ্ঠান সময়মতে নহ’লেও পলমকৈ হ’লেও জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত কৰা হ’ব। তেওঁ এই সম্পৰ্কত আৰু কয় যে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে যোৰহাটত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰা উদ্দেশ্য এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল।

সেইদৰে, জুবিন গাৰ্গৰ সপোনৰ এই অনুষ্ঠান তেওঁ পৰিকল্পনা কৰাৰ দৰে হ’ব বুলি উল্লেখ কৰে জুবিন গাৰ্গৰ বন্ধু শিল্পী ৰাজা বৰুৱাই।

ইফালে, আবেগবিহ্বল হৈ পৰা দিব্যাঙ্গ শিক্ষাৰ্থীসকলে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই কয় যে আমাক জুবিন দাদাই ‘কাঞ্চনজংঘা’ ছবিখনৰ লগতে দাদাৰ বহু ছবি চাবলৈ লৈ গৈছিল।

সেয়ে আমি গৰিমা বৌক অনুৰোধ জনালোঁ, আমাৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক ‘ৰৈ ৰৈ বিনালে’ ছবিখন উপভোগ কৰিবৰ বাবে সুবিধা কৰি দিয়ে যেন।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!