অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

National Unity Day 2025: ‎নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

Spread the love

‎নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

DD TIMES নগাঁও, ৩১ অক্টোবৰঃ মধ্য অসমৰ বাণিজ্য শিক্ষাৰ এক অগ্ৰণী শিক্ষনুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত আজি বিভিন্ন কাৰ্যসূচীৰে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে উদযাপন কৰা হয়।

এই উপলক্ষে পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় একতাৰ বিষয় বস্তু লৈ এখনি আকস্মিক বক্তৃতা প্ৰতযোগিতা আয়োজন কৰে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী গোটে।

ইয়াৰ পিছতে মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱসৰ সংগতি ৰাখি এক বক্তৃতা অনুষ্ঠান। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত কাৰ্যসূচীৰ আঁত ধৰে মহাবিদ্যায়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিষয়া ড° পূজা নেওঁগে।

অধ্যক্ষ ড° মৃগাংক শইকীয়াই ভাৰতবৰ্ষৰ একতা আৰু অখণ্ডতা নিৰ্মাণৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদানক অতি শ্ৰদ্ধাৰ সোঁৱৰণ কৰে।

স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত থকা প্ৰায় ৫৬২ খন সৰু সৰু ৰাজ‍্যক একত্ৰিত কৰি ভাৰত যুক্ত ৰাষ্ট্ৰ গঠন কৰাত চৰ্দাৰ বল্লভ ভাই পেটেলে কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল সেই বিষয়ে অধ্যক্ষ ড° মৃগাংক শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ‍্যি বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

অধ্যক্ষৰ ভাষণৰ পিছতেই সভাকক্ষত উপস্থিত থকা সকলোৱে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত গ্ৰহণ কৰে আৰু এই শপত বাক্য পাঠ কৰোৱাই অধ্যক্ষ ড° মৃগাংক শইকীয়া দেৱে।

ইয়াৰ পিছতে এই অনুষ্ঠানলৈ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনোৱা অধ্যাপক কৃষ্ণ কমল দাসে তেখেতৰ তত্ত্ব গধুৰ ভাষণ আগবঢ়াই।

অধ্যাপক দাসে এই ৰাষ্ট্ৰীয় একতা দিৱসৰ তাৎপৰ্য্য সম্বন্ধে ছাত্ৰ ছাত্ৰী সকলে বুজাকৈ ব‍্যাখ‍্যা দাঙি ধৰে। চৰ্দাৰ বল্লভভাই পেটেলৰ বহুবোৰ কঠোৰ সিদ্ধান্ত বাবেই তেখেতক লৌহ মানৱ হিচাপে জনাযায় সেইকথা তেওঁ ছাত্ৰ ছাত্ৰী সকলক জনায়।

লগতে তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ যে কেন্দ্ৰীয় চৰকাৰ গুজৰাটত নিৰ্মাণ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ সু উচ্চ প্ৰতিমূৰ্তিৰ বিষয়েও ছাত্ৰী-ছাত্ৰীসকলক অৱগত কৰে।

মহাবিদ্যালয়ৰ উপাধ্যক্ষা, অধ্যাপক, অধ্যাপিকা আৰু প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত এই অনুষ্ঠানৰ সামৰণি পৰে অধ্যাপিকা ড° পূজা নেওগৰ শলাগৰ শৰাই প্ৰদানেৰে। ‎

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!