GHAZAL SANDHYA: পহিলা নৱেম্বৰত নগাঁও ছোৱালী মহাবিদ্যালয় ‘গজল-সন্ধ্যা’
১ নৱেম্বৰত নগাঁও ছোৱালী মহাবিদ্যালয় ‘গজল-সন্ধ্যা’ৰ আয়োজন
DD TIMES নগাঁও, ২৯ অক্টোবৰঃ বিগত বৰ্ষ সমূহৰ দৰে এই বছৰো সামাজিক-সাংস্কৃতিক অনুষ্ঠান মাসাগৰিনাৰ ব্যৱস্থাপনাত তথা সদৌ অসম কবি সম্মিলন, সোণাইপৰীয়া শাখা কবি সম্মিলন আৰু সোণাইপৰীয়া শিল্পী মঞ্চৰ সৌজন্যত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ কুশীলৱ প্রেক্ষাগৃহত অহা ১ নৱেম্বৰৰ সন্ধ্যা ‘গজল-সন্ধ্যা’ শীৰ্ষক এক বৰ্ণাঢ্য সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে।

প্রাণকণ্ঠ জুবিন গাৰ্গলৈ উৎসর্গিত এই গজল-সন্ধ্যাত ৰাজ্যখনৰ কেইবাগৰাকীও নবীন-প্রবীণ কণ্ঠশিল্পীয়ে কণ্ঠ নিগৰোৱাৰ লগতে অন্য কেইবাগৰাকীও নিপুণ বাদ্যশিল্পীয়ে বাদ্য সংগত কৰিব।
সুনীল শইকীয়া সংগীত মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, ষ্টাৰলেব ডায়েগ্ন’ষ্টিকছ আৰু ডুগডুগীৰ সহযোগত সন্ধ্যা ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগা গজল-সন্ধ্যা অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে

