অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NORTHEAST: নৌ-পৰিবহণ খণ্ডত নৱপ্ৰভাতঃ উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াতৰ নতুন মাধ্যম হিচাপে নদীপথৰ বিকাশ

Spread the love

নৌ-পৰিবহণ খণ্ডত নৱপ্ৰভাতঃ উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াতৰ নতুন মাধ্যম হিচাপে নদীপথৰ বিকাশ

লিখিছে সৰ্বানন্দ সোণোৱালে
(লেখক কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী)

অসমান ভৌগোলিক গঠন আৰু দুৰ্গম সংযোগৰ বাবে দশক দশক ধৰি উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ অন‍্য প্ৰান্তৰ জনসাধাৰণৰ মনত বাস্তৱ আৰু কল্পনাৰ সংগমস্থলীত অৱস্থান গ্ৰহণ কৰি আহিছিল। প্ৰকৃতিৰ অপাৰ সম্পদেৰে সমৃদ্ধ হোৱাৰ পাছতো এই সমৃদ্ধিশালী বৃহৎ অঞ্চলটো সংযোগৰ ক্ষেত্ৰত ভাৰতৰ অন‍্যতম পিছপৰা অঞ্চল হিচাপে পৰিগণিত আছিল। ইমান দিনে অসমান ভূমি, ঘন জংঘল আৰু ভগ্ন বাট-পথে এই অঞ্চলৰ সমৃদ্ধিক বাধাগ্ৰস্ত কৰি আহিছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষ‌ই উন্নয়নৰ নতুন যুগত প্ৰৱেশ কৰাৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বৃদ্ধিৰ চালিকাশক্তি হিচাপে গঢ়ি তোলাৰ কাহিনী এতিয়া কেৱল ইয়াৰ সুগম স্থলপথ বা ৰে’লপথৰ মাধ্যমেৰেই নহয়, ইয়াৰ প্রাচীনতম নদীপথসমূহৰ জৰিয়তেও বৰ্ণিত হৈছে।

২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বই দেশৰ নদীসমূহক প্ৰগতি, সমৃদ্ধি আৰু সুযোগৰ প্ৰতীক হিচাপে পুনৰ আৱিষ্কাৰ কৰিছে। এইক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা বৰাক নদীলৈ আৰু তাৰ শাখা-প্ৰশাখালৈকে, এই অঞ্চলৰ জলপথসমূহক বহনক্ষম, বহুমুখী সংযোগৰ নতুন মডেল হিচাপে গঢ়ি তোলা হৈছে।

শতিকাজুৰি আমাৰ নদীসমূহে পাহাৰ আৰু ভৈয়ামৰ অৰ্থনীতিক বিশ্বৰ সৈতে সংযোগ কৰা এক শক্তিশালী মাধ্যমৰ ভূমিকা পালন কৰি আহিছে। অসমত ৰে’লপথ বা পকীপথ নিৰ্মাণ কৰাৰ আগতেই আহোমসকলে নদীপথসমূহক বেপাৰ-বাণিজ্য, সৈন্যৰ চলাচল আৰু কূটনীতিৰ বাবে দক্ষতাৰে ব্যৱহাৰ কৰিছিল। আজি এই ঐতিহ্যমণ্ডিত ব‍্যৱস্থাক বৃহৎ মাত্ৰাত পুনৰ্জাগৰণ কৰি থকা হৈছে।

ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (IWAI) কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ নোডেল সংস্থা। টাৰ্মিনেল নিৰ্মাণ বা নদীপথৰ খনন কৰাৰ বাহিৰেও ই অভ্যন্তৰীণ জল পৰিবহণক আঞ্চলিক সংহতি, অৰ্থনৈতিক বৃদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ এক অনুঘটক হিচাপে ত্বৰান্বিত কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ বিশাল নদী প্ৰণালীয়ে এক প্ৰাকৃতিক, মিতব‍্যয়ী আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যম নিশ্চিত কৰে। ২০১৬ চনৰ ৰাষ্ট্ৰীয় জলপথ আইনৰ অধীনত এই অঞ্চলৰ বিশখন নদীক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২), বৰাক (ৰাষ্ট্ৰীয় জলপথ-১৬), আৰু নতুনকৈ স্বীকৃত ধনশিৰি (ৰাষ্ট্ৰীয় জলপথ-৩১) আৰু কপিলী (ৰাষ্ট্ৰীয় জলপথ-৫৭) সৰ্বাধিক গুৰুত্বপূৰ্ণ।

ব্ৰহ্মপুত্ৰৰ ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ শদিয়া–ধুবুৰী খণ্ডই এতিয়া সম্ভাৱনাক বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ পদ্ধতিগত গুৰুত্ব লাভ কৰিছে। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে জলপথৰ সুৰক্ষা, খনন আৰু আধুনিক টাৰ্মিনেল নিৰ্মাণৰ জৰিয়তে মালবাহী আৰু যাত্ৰী পৰিবহণৰ অত্যাধুনিক সুবিধা প্ৰদান কৰিছে। পাণ্ডু, ধুবুৰী, যোগীঘোপা আৰু বগীবিলত আৰচিচি জেটীসমূহ শক্তিশালীভাৱে নিৰ্মাণ কৰা হৈছে, আনহাতে মূল স্থানসমূহত ভাসমান জেটী স্থাপন কৰা হৈছে, যিয়ে লজিষ্টিক আৰু বাণিজ্যৰ এক আধুনিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছে। এই টাৰ্মিনেলসমূহক স্থলপথ আৰু ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ কামো চলি আছে, যিয়ে বহুমুখী সংযোগ ব‍্যৱস্থাৰ সৃষ্টি কৰিব।

বৰাক আৰু ভাৰত-বাংলাদেশ প্ৰট’কল (IBP) জলপথত অসমৰ বদৰপুৰ আৰু কৰিমগঞ্জত আৰু ত্ৰিপুৰাৰ সোণামূৰাত টাৰ্মিনেলসমূহ উন্নীত আৰু কাৰ্যকৰী কৰা হৈছে। মায়া টাৰ্মিনেল এতিয়া কাৰ্যকৰী কৰা হৈছে। এই প্ৰকল্পসমূহে সীমান্তৰ বাহিৰতো বাণিজ্য আৰু পৰিবহণৰ বাবে অভূতপূৰ্ব সুযোগ সৃষ্টি কৰিছে। শিলৰ টুকুৰা, কয়লা, চূণ আৰু চিমেণ্টৰ দৰে পণ্য— যিবোৰ স্থলপথেৰে পৰিবহণ কৰাটো ব্যয়বহুল আৰু জটিল, এতিয়া জলপথৰ জৰিয়তে মসৃণ আৰু কাৰ্যকৰীভাৱে পৰিবহণ কৰা হৈছে। প্ৰতি বছৰে প্ৰায় ৬,০০,০০০ টন এনে পণ্য ব্ৰহ্মপুত্ৰ, বৰাক আৰু ভাৰত-বাংলাদেশ প্ৰট’কল (IBP) জলপথৰ জৰিয়তে পৰিবহণ কৰা হয়। শেহতীয়াকৈ কপিলী নৈত এটা পৰীক্ষামূলক পৰিবহণৰ জৰিয়তে চন্দ্ৰপুৰৰ পৰা দক্ষিণ শালমাৰালৈ ৩০০ মেট্ৰিক টন চিমেণ্ট পৰিবহণ কৰা হৈছে, ই এক প্ৰচুৰ সম্ভাৱনাৰ ইংগিত বহনকাৰী পদক্ষেপ।

অভ্যন্তৰীণ জল পৰিবহণৰ সৰ্ববৃহৎ সুবিধা হৈছে ভাৰত-বাংলাদেশ প্ৰট’কল জলপথৰ জৰিয়তে বাংলাদেশ আৰু বংগোপসাগৰৰ সৈতে প্ৰত্যক্ষ সংযোগ, যিয়ে সংকীৰ্ণ শিলিগুৰি কৰিড’ৰৰ সীমাবদ্ধতাৰ সমস‍্যা সমাধান কৰে। ব্ৰহ্মপুত্ৰ, বৰাক আৰু সুন্দৰবন মোহনা অতিক্ৰমি যোৱা এই স্থলপথে দূৰত্ব আৰু ভিৰযুক্ত স্থলপথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে।

পৰিৱেশৰ দৃষ্টিকোণৰ পৰাও নদী পৰিবহণে কেৱল ন্যূনতম পৰিমাণৰ গ্ৰীণহাউছ গেছ নিৰ্গমন কৰে। ইয়াত শক্তিৰ দক্ষতা অধিক, পৰিস্থিতিতন্ত্ৰৰ বাবে ই নিৰাপদ আৰু জনসমাজৰ বাবে কম বাধাপ্ৰাপ্ত। লগতে ই আমাৰ চৰকাৰৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ, য’ত আন্তঃগাঁথনিৰ বৃদ্ধি ‘পঞ্চামৃত পৰিকাঠামো’ৰ অধীনত বহনক্ষমতাৰ সৈতে সামঞ্জস্য ৰাখি কৰা হৈছে।

অভ্যন্তৰীণ জল পৰিবহণৰ আমাৰ প্ৰতিশ্ৰুতিৰ সফলতাৰ এক প্ৰমাণ হৈছে- ১৮টা অতিমাত্ৰিক/বৃহৎ ওজনৰ কাৰ্গ’ই (১১,৯৫০ মেট্ৰিক টন ওজনৰ) নদীপথেৰে কলকাতাৰ ডাইমণ্ড হাৰ্বাৰৰ পৰা অসমৰ নুমলীগড়লৈ সফলতাৰে যাত্ৰা সম্পূৰ্ণ কৰিলে। ই আমাৰ জল পৰিবহণ দক্ষতাৰ শেহতীয়া নিদৰ্শন।

আগন্তুক পাঁচ বছৰত উচ্চাভিলাষী বিনিয়োগ পৰিকল্পনাই এই সমগ্ৰ অঞ্চলক বাণিজ্য, পৰ্যটন আৰু নিয়োগৰ নদীকেন্দ্ৰিক প্ৰাণকেন্দ্ৰ হিচাপে ৰূপান্তৰিত কৰাৰ লক্ষ্য ৰাখিছে।

আনহাতে, এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে অসমৰ ৮৫টা কমিউনিটী জেটীৰ নিৰ্মাণ, যিবোৰে স্থানীয় বাণিজ্য আৰু যাত্ৰী চলাচলৰ জীৱনৰেখা হিচাপে কাম কৰিব। পাণ্ডুত এটা জাহাজ মেৰামতি কেন্দ্ৰ স্থাপনৰ ফলত আঞ্চলিক লজিষ্টিকৰ সহযোগিতাৰ লগতে নিয়োগৰ বহু সুযোগ সৃষ্টি হ’ব। পাণ্ডু বন্দৰক ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা এটা বিকল্প পথ নিৰ্মাণৰ কাম চলি আছে, যিয়ে মালবাহী পৰিবহণৰ বহুমুখী সুবিধা নিশ্চিত কৰিব।

মিজোৰামৰ খাওথলাংটুইপুই–টুইচাওং কৰিড’ৰত থাওং আৰু চাইমটুইপুই নদীত অভ্যন্তৰীণ জল পৰিবহণৰ বিকাশৰ বাবে বিশদ প্ৰকল্প প্ৰতিবেদন (DPR) প্ৰস্তুত কৰা হৈছে। নাগালেণ্ডৰ দৈয়াং হ্ৰদত অভ্যন্তৰীণ জল পৰিবহণ আৰু নৌনে তথা শ্বিল্লোই হ্ৰদত জলক্ৰীড়া আৰু পৰ্যটনৰ বাবে একেধৰণৰ অধ্যয়ন চলি আছে। ত্ৰিপুৰাত গোমতী–মেঘনা সংযোগৰ লগতে বাংলাদেশৰ সৈতে জলপথৰ সুচল উন্নয়ন, ঘাটৰ সুৰক্ষা, নটা ভাসমান টাৰ্মিনেল, নৌ-পৰিচালনা সহায়ক সঁজুলি আৰু ডুম্বুৰ হ্ৰদত হাইব্ৰিড জাহাজ চলাচলৰ পৰিকল্পনা কৰা হৈছে। বৰাক আৰু তাৰ উপনৈ ইম্ফল আৰু নাম্বুলত নৌ-পৰিবহণৰ বাবে অধ্যয়ন চলি আছে। মেঘালয়ৰ উমিয়াম আৰু উমংগট (ৰাষ্ট্ৰীয় জলপথ-১০৬)ত অভ্যন্তৰীণ জল পৰিবহণৰ আন্তঃগাথঁনিৰ মূল্যায়ন কৰা হৈছে। আনহাতে, অৰুণাচল প্ৰদেশৰ চিয়াং নদীত টাৰ্মিনেল, সুচল জলপথ আৰু নৌ-পৰিচালনা সহায়ক ব্যৱস্থা বিকাশৰ কাম চলি আছে। এই পদক্ষেপসমূহে পূৰ্বাঞ্চলীয় জলপথ সংযোগ নেটৱৰ্কক যথেষ্ট শক্তিশালী কৰিব।

ব্ৰহ্মপুত্ৰৰ কাষেৰে ক্ৰুজ চাৰ্কিট গঢ়ি তোলাৰ পৰিকল্পনাও চলি আছে, যাৰ ভিতৰত শিলঘাট, বিশ্বনাথঘাট, গুইজান, নিমাতী আৰু উজান বজাৰত নতুন টাৰ্মিনেলো নিৰ্মাণ কৰা হ’ব। এই পদক্ষেপসমূহে ব্ৰহ্মপুত্ৰক বিশ্বৰ নদী পৰ্যটনৰ আকৰ্ষণৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব, যিয়ে সমগ্ৰ অঞ্চলটোৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যক বহনক্ষম পৰ্যটনৰ জৰিয়তে প্ৰদৰ্শন কৰিব। গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত চহৰীয়া জল পৰিবহণ প্ৰকল্পৰ সম্ভাৱনা অন্বেষণ কৰা হৈছে। কাৰ্যকৰী হ’লে এইবোৰে স্থলপথত যান-বাহনৰ ভিৰ হ্ৰাস কৰিব, প্ৰদূষণ কমাব আৰু নদীক নগৰীয়া জীৱনৰ সৈতে অধিক সংযোগ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত এই সমগ্ৰ অঞ্চলক এতিয়া দূৰৱৰ্তী দৃষ্টিকোণৰ পৰা নহয়, সংযোগৰ দৃষ্টিকোণৰ পৰা দেখা হৈছে— ভাৰতৰ এক সুদূৰ প্ৰান্ত হিচাপে নহয়, দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰা হৈছে। এই নৱজাগৰণৰ পৰিকল্পনাই মুম্বাইত অনুষ্ঠিত হোৱা ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ (২৭ অক্টোবৰৰ পৰা আৰম্ভ)ত বিশেষ গুৰুত্ব পাইছে। এই অনুষ্ঠানে ভাৰতৰ জলপথৰ ৰাষ্ট্ৰীয় মঞ্চ হিচাপে কাম কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰিব। বিশ্বৰ সামুদ্ৰিক খণ্ডৰ নেতৃবৰ্গ, বিনিয়োগকাৰী আৰু নীতি-নিৰ্ধাৰকসকল একত্ৰিত হোৱাৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ নদীপথসমূহৰ চৰ্চা, প্ৰসাৰ অধিক শক্তিশালী হ’ব।

ভাৰতৰ জলপথসমূহে দৃঢ়ভাৱে বিকাশৰ দৃষ্টিভংগীক বাস্তৱত ৰূপান্তৰিত কৰিছে। প্ৰতিটো নতুন জেটী, প্ৰতিটো মালবাহী পৰিবহণ আৰু প্ৰতিটো খননে আত্মনিৰ্ভৰশীল, আত্মবিশ্বাসী উত্তৰ-পূৰ্বাঞ্চলৰ ভেটি সুদৃঢ় কৰিছে। ইয়াৰ ফলত ভাৰতৰ বাকী অংশ আৰু বিশ্বৰ বিভিন্ন দেশৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ সঠিক সংযোগ ত্বৰান্বিত হ’ব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত ভাৰতে এতিয়া বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ দিশে এক দৃঢ় লক্ষ্য আগত লৈ কাম কৰি আছে। উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী যেন এখন নদীৰ দৰেই পুনৰ্লিখিত হৈছে— প্ৰবাহিত, কালজয়ী আৰু সম্ভাৱনাৰে পৰিপূৰ্ণ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!