NEW ROAD: নগাঁৱত ‘সুৰ-ৰত্ন যজ্ঞ বেজবৰুৱা পথ’ মুকলি বিধায়ক ৰূপক শৰ্মাৰ
নগাঁৱত ‘সুৰ-ৰত্ন যজ্ঞ বেজবৰুৱা পথ’ আনুষ্ঠানিকভাৱে মুকলি বিধায়ক ৰূপক শৰ্মাৰ

DD TIMES বঢ়মপুৰ, ২৩ অক্টোবৰঃ খ্যাতনামা সুৰকাৰ, সুৰৰত্ন যজ্ঞ বেজবৰুৱাৰ আজি ৮৬ সংখ্যক ওপজা দিনটোত বিশিষ্ট শিল্পীগৰাকীৰ নামত নগাঁৱত এটি পথ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
পৰিয়ালবৰ্গই প্ৰতি বছৰে সুৰকাৰগৰাকীৰ জন্মদিনটোত ‘সুৰৰ দিন’ হিচাপে পালন কৰি আহিছে যদিও এইবাৰ নগাঁও চহৰৰ নিকটৱৰ্তী ডিমৰুগুৰি তিনিআলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা (প্ৰয়াত বেজবৰুৱা দেৱৰ ঘৰলৈ যোৱা) চেঁচামুখ তেলীয়া পহুকটা সংযোগী এই পথছোৱা নগাঁও পৌৰসভাৰ অনুমোদনক্ৰমে “সুৰ-ৰত্ন যজ্ঞ বেজবৰুৱা পথ” হিচাপে নামকৰণ কৰি আজি আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
পুৱা ভাগত সম্পন্ন হোৱা অনুষ্ঠানটোত শিল্পী ক্ৰমে কৃষ্ণমণি নাথ, আৰিফুল হক, গোলাপ বৰা, সুৱাগমণি মহন্ত, প্ৰদীপ বৰা, বিৰিঞ্চি বৰা, দীপক শৰ্মা, প্ৰয়াত সুৰকাৰগৰাকীৰ পৰিবাৰ মিনতি বেজবৰুৱা, জীয়ৰী চন্দনা বেজবৰুৱা, পুত্ৰ চন্দন বেজবৰুৱা প্ৰমুখ্যে যথেষ্ঠ সংখ্যক গণ্য-মান্য লোক উপস্থিত উপস্থিত থাকে।

