অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

KATI BIHU: নগাঁও আৰু বেবেজীয়াৰ পথাৰত কৃষকৰ আকাশবন্তি প্ৰজ্বলন

Spread the love

নগাঁও আৰু বেবেজীয়াৰ পথাৰত কৃষকৰ আকাশবন্তি প্ৰজ্বলন

DD TIMES নগাঁও, ১৯ অক্টোবৰঃ শনিবাৰে অসমীয়া জনজীৱনৰ হেপাহৰ বিহু কাতি বিহু বা কঙালী বিহু।

সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো পৰম্পৰাগত ভাৱে কাতি বিহু উদযাপন কৰা হয়।

কাতি বিহু উপলক্ষে প্ৰতিঘৰ গৃহস্থই তুলসী পুলি ৰোপণ, নামঘৰত নাম কীৰ্তন, পথাৰত ডেকা-গাভৰু আদিয়ে ৰবাবটেঙা খোৱাৰ পিছত কৃষিভূমি বিশেষকৈ ধাননি পথাৰত কৃষকে আকাশ বন্তি জ্বলাই পথাৰৰ লখিমীৰ শ্ৰীবৃদ্ধি কামনা কৰে।

জিলাখনৰ বেবেজীয়াৰ অঞ্চলৰ জামুগুৰি, পেটবঢ়া, জাগীয়াল, ডিমৌ, দক্ষিণপাট, বৰক’লা,তুলসীমুখ, দক্ষিণপাট, পাখিমৰীয়া, শেনচোৱা, কৃষ্ণাইখাট, ঘাঁহী, মহমৰীয়া, হাতীচোং, জাজৰী, ভালুকমাৰি, বামুনবৰি, কপাহেৰা, বাৰপূজীয়াকে ধৰি বিভিন্ন স্থানৰ কৃষকে ধাননি পথাৰত আকাশ বন্তি জ্বলাই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে।

গধুলি প্ৰতিঘৰ গৃহস্থই নিজৰ চোতালত তুলসীৰ তলত চাকি বন্তি জ্বলাই নাম কীৰ্তন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!