বামুণবড়ীৰ দিবাকৰ ভৱনলৈ আশীৰ্বাদ যাত্ৰা
উত্তৰ পুৰুষৰ মঞ্চৰ মাহিলী বৈঠক
DD TIMES: উত্তৰ পুৰুষৰ মঞ্চৰ সদস্যৰ বামুণবড়ীৰ দিবাকৰ ভৱনলৈ আশীৰ্বাদ যাত্ৰা। ৩১ আগষ্টত উত্তৰ পুৰুষৰ মঞ্চৰ মাহিলী বৈঠকখন নলবাৰী জিলাৰ বামুণবড়ী গাঁৱৰ প্ৰয়াত দিবাকৰ ৰেণুৰ বাসগৃহ দিবাকৰ ভৱনত সফলতাৰে সম্পন্ন হয়।

উত্তৰ পুৰুষৰ মঞ্চ(উপুম)ৰ কাৰ্যকৰী সভাপতি ৰীনা বুঢ়াগোহাঁই বৰুৱাই সভাপতিত্ব কৰা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্পন্দন পলাশে। সভাপতিৰ আসনৰ পৰা সকলো বিষয়তে সুন্দৰ বক্তব্য আৰু মন্তব্য আগবঢ়ায় উপুমৰ কাৰ্যকৰী সভাপতি ৰীনা বুঢ়াগোহাঁই বৰুৱাই।উত্তৰ পুৰুষৰ মঞ্চৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক, কবি, সাহিত্যিক, নাট্যকাৰ,ঔপন্যাসিক, শিক্ষক দিবাকৰ ৰেণুৰ অকাল মৃত্যুৰ কথা সভাত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু এই বিষয়ত উপুমৰ মুখ্য সম্পাদক হৰেকৃষ্ণ হালৈৱে উত্তৰ পুৰুষৰ মঞ্চৰ ইতিবৃত্তি, ভৱিষ্যতৰ পৰিকল্পনা আদিৰ ওপৰত বিষদ বৰ্ণনা আগবঢ়ায়।
উপুমৰ উপ-সভাপতি পুলকেশ ৰায় বৰুৱাই পথৰ নামাকৰণ সংক্ৰান্তত কথা দাঙি ধৰা সভাত সবিশেষ আলোচনাৰ অন্তত বামুণবড়ীৰ গাঁওবাসী ৰাইজৰ সহযোগত বামুণবড়ীৰ পৰা দিবাকৰ ৰেণুৰ ঘৰলৈ যোৱা পথচোৱাৰ নামাকৰণ দিবাকৰ ৰেণু পথ লোৱাৰ এক বৃহৎ সিদ্ধান্ত লোৱা হয়।
দিবাকৰ ৰেণুৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ চল্লিশ বছৰৰ তলৰ বয়সৰ লোকক দিবাকৰৰ জন্মদিন ১৫ অক্টোবৰত প্ৰতি বছৰে এগৰাকীক যুৱ সাহিত্যকক পাৰদৰ্শিতা আগবঢ়োৱাৰ বাবে বঁটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই।
দিবাকৰ ৰেণুৰ ধৰ্মপত্নী কবিতা ডি ৰেণুৱে এই বঁটাৰ বাবদ দিবলগীয়া নগদ ধনৰ লগতে আনুসংগিক খৰচো বহন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। উত্তৰ পুৰুষৰ মঞ্চৰ ভৱিষ্যতৰ কাৰ্যপন্থা আৰু সাংগঠনিক দিশ সম্পৰ্কে ভাষণ ৰাখে উপুমৰ মুখ্য সাংগঠনিক সম্পাদক ফুকন ৰাজবংশীয়ে।
উপুমৰ আন এগৰাকী উপ-সভাপতি নিৰেন চন্দ্ৰ বৈশ্যই কেইবাটাও গঠনমূলক কথাৰ ওপৰত আলোকপাত কৰা অনুষ্ঠানটোত উপুমৰ মুখ্য উপদেষ্টা ড° অনিমা বৰাই উপুমৰ আগন্তুক অধিৱেশন কেনেকৈ পতা যাব তাৰ ওপৰত বক্তব্য ৰাখে।
উপুমৰ আন এগৰাকী উপ-সভাপতি দীপা বৰঠাকুৰ, উপুমৰ স্বেচ্ছাসেৱক সমিতিৰ অধিনায়ক দিপক দে, উপুমৰ সহঃ সাধাৰণ সম্পাদক মৃণাল মৃন্ময়, উপুমৰ সদস্য অৰূপ চৌধুৰী-অঞ্জন অৰ্ণৱ হালৈ উপস্থিত থকা বৈঠকীত অৰ্ধ শতাধিক লোক উপস্থিত থাকে।
উল্লেখ্য, দিবাকৰ ৰেণুৰ পৰিয়ালবৰ্গৰ হৈ দিবাকৰ-কবিতাৰ পুত্ৰ কণমানি দীপাংশু প্ৰিয়ম শৰ্মাই নিজে অংকন কৰা একোখন সুন্দৰ ফ্ৰেমত বন্ধোৱা চিত্ৰৰে উপস্থিত উপুমৰ সদস্যক সম্বৰ্দ্ধনা জনাই আৰু তেওঁলোকৰ কন্যা কণমানি শিৱন্যা শৰ্মাই একোখনি ফুলাম গামোচাৰে উপস্থিত আটাইকে আদৰণি জনায়।

