অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিও শোকাকুল যুৱ প্ৰজন্ম

Spread the love

নলবাৰীৰ নপ্তিপাৰাস্থিত সাৰ্বজনীন শ্ৰী শ্ৰী বাৰগোপাল থানত ষষ্ঠদশ বাৰ্ষিক শাৰদীয় পূৰ্ণিমা মহোৎসৱ উদযাপনঃ আতচবাজী প্ৰদৰ্শনৰ লগতে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে বৰ্ণাঢ্য আয়োজন

DD TIMES নলবাৰী, ৮ অক্টোবৰঃ নলবাৰী জিলাৰ নপ্তিপাৰাস্থিত সাৰ্বজনীন শ্ৰী শ্ৰী বাৰগোপাল থান পৰিচালনা সমিতিৰ সৌজন্যত ষষ্ঠদশ বাৰ্ষিক শাৰদীয় পূৰ্ণিমা মহোৎসৱ দুদিনীয়াকৈ উদযাপন কৰা হয়। দাৰমন কালাতুলি মিলন প্ৰাথমিক বিদ্যালয় প্ৰাংগণত যোৱা মঙ্গলবাৰ আৰু বুধবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানটি আজি ১৬ বছৰ ধৰি অনুস্থিত কৰি আহিছে অঞ্চলবাসীয়ে।

ষষ্ঠদশ বাৰ্ষিক সাৰ্বজনীন শাৰদীয় পূৰ্ণিমা মহোৎসৱ উদ্ যাপন সমিতিৰ সভাপতি দীনেশ বৈশ্য আৰু সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি তালুকদাৰক লৈ গঠিত সমিতিয়ে জনোৱা অনুসৰি আজি ১৬ বছৰ ধৰি ধৰ্মীয় নীতি-নিয়ম অনুসৰি পালিত হৈ আহিছে অনুষ্ঠানটি।

কাৰ্যসূচী অনুসৰি মঙ্গলবাৰে পুৱা ৭ বজাত বন্তি প্ৰজ্বলন কৰে তাৰিণী বৈশ্যই ,৭.১৫ বজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দীনেশ বৈশ্যই, ৭.৩০ বজাত শ্বহীদ তৰ্পণ কৰে বাৰগোপাল থান পৰিচালনা সমিতিৰ সভাপতি পৰেশ বড়োই, ৮.০০ বজাত বৃক্ষৰোপণ কৰে দাৰমন কালাতুলি মিলন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰশান্ত বৈশ্য, শুধাংশু গোস্বামী এম. ই স্কুলৰ প্ৰধান শিক্ষক নাৰায়ণ বৈশ্য আৰু শুধাংশু গোস্বামী হাইস্কুলৰ প্ৰধান শিক্ষক অনিল তালুকদাৰে।

ৰাতিপুৱা ৮ বজাত ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে শিক্ষক দিলীপ তালুকদাৰে। পুৱা ১০ বজাত দিহানাম প্ৰতিযোগিতা উদ্ধোধন কৰে জাগাৰাস্থিত উত্তৰ কামপীঠ কণিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নগেন চন্দ্ৰ বেজবৰুৱাই। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে প্ৰফুল্ল ডেকা আৰু গোলক চন্দ্ৰ বৈশ্যৰ লগতে স্থানীয় লোকসকলে। সন্ধিয়া ৫.৩০ বজাত আতচ্ বাজী প্ৰদৰ্শনৰ পিছতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

আনহাতে, ৮ অক্টোবৰৰ ৰাতিপুৱা ৭.০০ বজাত চাফাই অভিযান পৰিচালনা কৰে নিৰঞ্জন বৈশ্যই, ৭.৩০ বজাত বন্তি প্ৰজ্বলন কৰে ২নং গোপ গোপাল থানৰ দেউৰী লোহিত বৈশ্যই। পুৱা ১০ বজাত ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভা উদ্ধোধন কৰে উত্তৰ কামপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পংকজ ৰয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ শৰ্মা।

দিনৰ ১২ বজাত ভোগ বিতৰণ আৰু দুপৰীয়া ২ বজাৰ পৰা নপ্তিপাৰা দাৰমনৰ পাঠিকা কৃষ্টি কৃষাণী বৈশ্য, বনগাঁওৰ পাঠক মিলন দাসৰ লগতে লাউপাৰাৰ পাঠক প্ৰণৱজ্যোতি মেধিৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয়। নাগাৰা নাম উদ্ধোধন কৰে গৌতম বেজবৰুৱাই। বন্তি প্ৰজ্বলন কৰে উষাৰাণী ডেকা, গৌতম বেজবৰুৱা,জীৱন বৈশ্য, নৰেশ ডেকা, বিনোদ ডেকাৰ লগতে বিভিন্ন প্ৰান্তৰ গণ্য মান্য লোকে।

সন্ধিয়া আতচ্ বাজীও প্ৰদৰ্শন কৰে গঙ্গা যমুনা এগ্রো ৰিজৰ্ট’ৰ স্বত্বাধিকাৰী দিম্পুৰাজ তালুকদাৰে। আনহাতে, সদ্যপ্ৰয়াত জনতাৰ শিল্পীৰূপে পৰিচিত জুবিন গাৰ্গৰ প্ৰতিও গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে সমূহ গাওঁবাসীয়ে।

অঞ্চলটোৰ যুৱক-যুৱতী,আবাল বৃদ্ধ-বণিতই প্ৰয়াত শিল্পীগৰাকীৰ বাবে ন্যায় প্ৰদানৰ বাবেও অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায়। মুঠতে, বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ লগতে অঞ্চলটোতো এনেদৰে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি আৱেগিক হৈ পৰিছে স্থানীয় লোকসকল।

One thought on “ZUBEEN GARG: জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিও শোকাকুল যুৱ প্ৰজন্ম

  • Barnali Chutia

    Justice for zubeen da ❤️

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!