অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনভ্ৰমণমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

KAZIRANGA: দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল ‘লেণ্ড অৱ বিগ ফাইৱ এনিমেল’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল

Spread the love

দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল ‘লেণ্ড অৱ বিগ ফাইৱ এনিমেল’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলঃ সেউজীয়া পাহাৰ, বিশাল ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ আকৰ বুঢ়া পাহাৰ বনাঞ্চলঃ জীপ ছাফাৰীৰৰ লগতে হাতী ছাফাৰীৰৰ সুবিধা প্ৰদান কৰিব ৰাষ্ট্ৰীয় উদ্যান কৰে।তৃপক্ষই

DD TIMES কলিয়াবৰ, ৮ অক্টোবৰঃ আজি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল।কহঁৰা, বাগৰিৰৰ পিছত আজি বুঢ়াপাহাৰ বনাঞ্চলৰ দ্বাৰ মুকলি কৰা হয়।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে শেহতীয়াকৈ বৃদ্ধি পোৱা পৰ্যটকৰ সুবিধাৰ বাবে আজিৰে পৰা পুনৰ মুকলি কৰা হয় উদ্যানখনৰ বুঢ়াপাহাৰৰ বনাঞ্চল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মাণ্ডলিক বন বিষয় অৰুণ ৱিগনেছ, সহকাৰী বন সংৰক্ষক জয়ন্ত দাস আৰু বুবুল বৰুৱা, বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰুৱাৰ উপস্থিতিত আজি ঘোঁৰাকাটিত বুঢ়াপাহাৰ জীপ ছাফাৰী সন্থাৰ সহযোগত আনুষ্ঠানিকভাবে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল বুঢ়াপাহাৰ বনাঞ্চল।

২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল ২৬ ছেপ্টেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল যদিও উদ্যানখনৰ বাট-পথ সমূহ জীপ ছাফাৰীৰ বাবে সম্পূৰ্ণ উপযোগী হৈ নুঠাত কিছু অসুবিধাৰ সন্মুখীন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ। যাৰ বাবে পৰ্যায়ক্ৰমে এটা এটাকৈ বনাঞ্চল সমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই।

১ নৱেম্বৰ তাৰিখৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দৰ্শনাৰ্থীয়ে হাতী ছাফাৰীৰৰ সুবিধা লাভ কৰিব বুলি উদ্যান কতৃপক্ষই জানিব দিয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম গুৰুত্বপূৰ্ণ বনাঞ্চল বুঢ়াপাহাৰৰ আকৰ্ষণীয় ভৌগোলিক পৰিৱেশেও দেশ-বিদশৰ পৰ্যটকক হাত হাউলি দি যাতে।

উখ-চাপৰ ঘাঁহৰ বিস্তৃত অঞ্চল, ওখ সেউজীয়া গছ, জলাশয়, পাহাৰেৰে পৰিবেষ্টিত বুঢ়াপাহাৰ বনাঞ্চলৰ মাজেৰে ডিফলু নদী ব্ৰহ্মপুত্ৰ পৰিছেগৈ।

বুঢ়াপাহাৰ বনাঞ্চলৰ সীমায়েদি হৈ যোৱা বিশাল ব্ৰহ্মপুত্ৰও দৰ্শনাৰ্থীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে ধৰা দিছে। কিন্তু এই বনাঞ্চলত তুলনামূলকভাৱে দৰ্শনাৰ্থীৰ সংখ্যা আন বনাঞ্চল সমূহৰ দৰে কম হোৱাতো পৰিলক্ষিত হৈ আহিছে।

সেয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ পৰা বুঢ়া পাহাৰ বনাঞ্চলৰ জীৱ-জন্তুসহ আকৰ্ষণীয় পৰিস্থিতিতন্ত্ৰৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ গুৰুত্ব দিয়াতো কামনা কৰে দাঁতিকাষৰীয়া ৰাইজ তথা প্ৰকৃতিপ্ৰেমীসকলে।

সাধাৰণতে পৰ্যটন ঋতুৰ সময়ত দৰ্শনাৰ্থীৰে ভিৰ কৰি থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা আৰু বাগৰি বনাঞ্চলৰ লগতে ইয়াৰ জৰিয়তে পৰ্যটকমুখী এক ব্যৱসায়ীক পৰিৱেশ এটাও গঢ় লৈ উঠাৰ প্ৰৱল সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল গঁড়, বনৰীয়া ম’হ, বাঘ, হাতী আৰু দল হৰিণৰ বসতিস্থল হোৱাৰ বাবে ‘লেণ্ড অৱ বিগ ফাইৱ এনিমেল’ বুলি কোৱা হয়। সেয়ে, এই বনাঞ্চলৰ ৰাষ্ট্ৰীয় উদ্যানখনত এক বিশেষ মৰ্য্যাদা আছে।

বিগ ফাইভ এনিমেল খ্যাত বুঢ়াপাহাৰ বনাঞ্চল বিভিন্ন বন্যজন্তু ৰম্যভূমি। ঢেকীয়াপতীয়া বাঘ দৰ্শনৰ বাবে বিখ্যাত এই বুঢ়াপাহাৰ বনাঞ্চল।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!