অসমক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া সপ্তাহ-২০২৫

Spread the love

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় তথা ৰাজ্যপালৰ সচিবালয়, অসমৰ নিৰ্দেশ

নগাঁও, ৩১ আগষ্টঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় তথা ৰাজ্যপালৰ সচিবালয়, অসমৰ নিৰ্দেশানুযায়ী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে তিনিদিনীয়াকৈ আয়োজন কৰে ৰাষ্ট্ৰীয় ক্ৰীড়া সপ্তাহ ২০২৫।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ নিৰ্দেশানুযায়ী বিশ্ববিদ্যালয়খনে শপত গ্ৰহণ, ডবা তথা কেৰম প্ৰতিযোগিতা আৰু যোগৰ কৰ্মশালাৰ মাধ্যমেৰে এই সপ্তাহ আয়োজন কৰে ৷

২৯ তাৰিখে শপত বাক্য পাঠ, ৩০ তাৰিখে ডবা আৰু কেৰম প্ৰতিযোগিতা আৰু আজি যোগৰ বিশেষ কৰ্মশালা বিশ্ববিদ্যালয়খনে আয়োজন কৰে ৷

ফলাফল অনুযায়ী কেৰম প্ৰতিযোগিতাত (ল’ৰা শাখা)ত ভূগোল বিভাগৰ দিপ্তীমান কলিতাই প্ৰথম, শিক্ষা বিভাগৰ লাতু বৰুৱাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ভূগোল বিভাগৰে অনামিকা বৰাই ছোৱালী শাখাত প্ৰথম আৰু শিক্ষা বিভাগৰ ছোহানা কাবিৰে দ্বিতীয় স্থান লাভ কৰে৷

ডবা প্ৰতিযোগিতাত (নগাঁও চৌহদ) ক্ৰমে বাণিজ্য বিভাগৰ বিশ্বদ্বীপ বৰাই প্ৰথম, লাইফ চাইন্স বিভাগৰ গৌৰাঙ্গ শইকীয়াই দ্বিতীয় আৰু ভূগোল বিভাগৰ দাদুল গগৈয়ে তৃতীয় স্থান লাভ কৰে ৷

ইয়াৰ বিপৰীতে বিশ্ববিদ্যালয়খনৰ গুৱাহাটী চৌহদত সামাজিক কৰ্ম বিভাগৰ অম্লান জ্যোতি পাটৰে প্ৰথম, আইন বিভাগৰ অশিষ্ট প্ৰধানে দ্বিতীয় আৰু যোগ বিজ্ঞান – প্ৰাকৃতিক চিকিৎসা বিভাগৰ অসীম বড়োৱে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

প্ৰতিযোগিতাৰ সফল ৰূপায়নত, স্থান প্ৰাপকসকলক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰা, পঞ্জীয়ক ড° শৰৎ হাজৰিকা প্ৰমুখ্যে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!