অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

RSS 100 YEARS: সংঘ সাধনাৰ অবিৰত যাত্ৰাৰ শতাব্দী বৰ্ষ

Spread the love

সংঘ সাধনাৰ অবিৰত যাত্ৰাৰ শতাব্দী বৰ্ষঃ দেশজুৰি এবছৰীয়া কাৰ্যক্ৰম আৰম্ভ

DD TIMES গুৱাহাটী, ৬ অক্টোবৰঃ ১৯২৫ চনৰ বিজয়া দশমীৰ দিনা ডাঃ কেশৱ বলিৰাম হেডগেৱাৰ দেৱে নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা কৰিছিল। এগৰাকী ব্যক্তিৰ চিন্তাৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আজি এশ বছৰ পূৰ্ণ কৰিলে ৷

বৰ্তমান বিশ্বৰ প্ৰায় ৩৪খন দেশত বিভিন্ন নামেৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কাম কৰি আহিছে ৷ মহান ভাৰতবৰ্ষক বিশ্ব গুৰুৰ আসনত অধিষ্ঠিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্যে সন্মুখত ৰাখি হিন্দু সমাজক সংগঠিত কৰি শক্তিশালী কৰাৰ উদ্দেশ্যৰে ভাৰতবৰ্ষৰ চুকে কোণে সংঘৰ কাম-কাজ সমাজৰ মাজলৈ লৈ গৈছিল।

শিক্ষা, স্বাস্থ্য , সংস্কাৰ , স্বাৱলম্বিতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰ দ্বাৰা পৰিচালিত প্ৰায় ৩২ টা বিবিধ সংগঠনে সমাজৰ বিভিন্ন দিশত নীৰৱে কাম কৰি আহিছে। সমগ্ৰ ভাৰতবৰ্ষত সংঘৰ কাম-কাজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সমান্তৰালভাৱে অসমতো ১৯৪৬ চনৰ পৰা সংঘৰ কাম আৰম্ভ হৈ অবিৰতভাৱে চলি আছে ৷

বিজয়া দশমীৰ কাৰ্যক্ৰমৰ জড়িয়তে সংঘই পঞ্চ পৰিৱৰ্তনৰ যেনে- কুটুম্ব প্ৰবোধন, সামাজিক সমৰসতা, পৰ্যাৱৰন, স্বদেশী আৰু নাগৰিক কৰ্তব্যৰে সমাজ পৰিৱৰ্তনৰ পমৰয়াস চলাব ৷ উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এইবেলি বিজয়া দশমীত ১০০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিলে ৷

এই শতাব্দী বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰৰ ১২খন নগৰৰ ১২টা স্থানত বিজয়া দশমী উৎসৱ অনুষ্ঠিত হয়৷ প্ৰতিকুল বতৰৰ মাজতো গুৱাহাটী মহানগৰৰ অন্তৰ্গত উত্তৰ গুৱাহাটী, বিশ্ববিদ্যালয়, কামাখ্যা, আৰ্য্য, উমানন্দ, বিবেকানন্দ, কেশৱ, উদ্যোগ, শংকৰদেৱ, নাৰেংগী, মাধৱ আৰু বশিষ্ঠ নগৰত বিজয়া দশমীৰ কাৰ্যক্ৰম ভব্যৰূপত অনুষ্ঠিত হয়।

প্ৰতিটো অনুষ্ঠানত সমাজৰ এগৰাকী প্ৰবুদ্ধ ব্যক্তিয়ে মুখ্য অতিথিৰ আসন অলংকৃত কৰি উপস্থিত স্বয়ংসেৱসকলক উদ্দেশ্যি আশীষ বচন প্ৰদান কৰে।

সকলো অনুষ্ঠানতে সংঘৰ ফালৰ পৰা বহু কেইগৰাকী অধিকাৰী আৰু কাৰ্যকৰ্তাই মুখ্য বক্তা ৰূপে বৈদ্ধিক প্ৰদান কৰে। নগৰ, মহানগৰ, প্ৰান্ত তথা ক্ষেত্ৰ পৰ্যায়ৰ বহুকেইগৰাকী মাননীয় সংঘচালকেও এই উৎসৱৰ মঞ্চ শুৱনি কৰে।

গুৱাহাটী মহানগৰৰ ১২ নগৰৰ এই কাৰ্যক্ৰমত গুৱাহাটী মহানগৰৰ সৰ্বমুঠ ১৯১৫ জন গণবেশধাৰী স্বয়ংসেৱক উপস্থিত থাকে আৰু লগতে সমাজৰ বিভিন্ন স্তৰৰ চাৰি সহস্ৰাধিক ব্যক্তিয়ে এই উৎসৱত ভাগ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!