ZUBEEN GARG: জামুগুৰিত প্ৰাণৰ আপোন শিল্পীগৰাকীৰ নামৰ আগত ‘প্ৰয়াত’ বা ‘স্বৰ্গীয়’ উল্লেখ নকৰিবলৈ অসমবাসীলৈ আহ্বান
জামুগুৰিত জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাণৰ আপোন শিল্পীগৰাকীৰ নামৰ আগত ‘প্ৰয়াত’ বা ‘স্বৰ্গীয়’ উল্লেখ নকৰিবলৈ অসমবাসীলৈ আহ্বান
DD TIMES নগাঁও, ৪ অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ উলাহ উচাটন সৰ্বপ্ৰথমবাৰৰ বাবে সমগ্ৰ অসমতে ম্নান পৰাৰ সমান্তৰালভাৱে ইয়াৰ ব্যতিক্ৰম নহল নগাঁও জিলাৰ বেবেজীয়াৰ বৃহত্তৰ অঞ্চলতো ৷ তাৰেই অংশ হিচাপে জামুগুৰি গাঁৱৰ সমূহীয়া ভৱন প্ৰাঙ্গণত দুৰ্গা পূজাৰ দশমীৰ দিনা পুৱাৰে পৰা জনতাৰ হিয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ সমূহীয়া শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে কনিষ্ঠজনৰপৰা জ্যেষ্ঠজনলৈকে কেৱল মুখত উচ্চাৰিত এটি নাম জুবিন, জুবিন ৷

জামুগুৰিৰ যুৱক সমাজৰ আন্তৰিক প্ৰচেষ্টাত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ২ অক্টোবৰৰ ১৪ দিনৰ দিনটোৰ আদ্যশ্ৰাদ্ধৰ পুৱা বেলা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলনৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী, শিল্পী ধেনুৰাম নাথে ৷
বন্তি প্ৰজ্জ্বলনৰ পিছতেই স্থানীয় ৰাইজে শৃঙ্খলাৱদ্ধভাৱে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি অবিনশ্বৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰে ৷ পৰৱৰ্তী সময়ত আদৰৰ শিল্পী গৰাকীৰ প্ৰিয় ‘নাহৰ গছৰ পুলি’ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ হয় ৷
৬৫ বছৰৰ পৰা আশীৰোদ্ধৰ হলিৰাম নাথ, থানেশ্বৰ নাথ, হৰেশ্বৰ নাথ,গম্ভীৰ নাথ,লীলাধৰ নাথ,লোকেন নাথ,ধনেশ্বৰ নাথ, মিলন নাথ, মিনুমাই নাথ,পবন নাথ,অনিল নাথ,অনন্ত নাথ, পৰশু নাথ প্ৰমুখ্যে লোকসকলে একোটিকৈ নাহৰৰ পুলি ৰুই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অসমক গৌৰৱান্বিত কৰা জনপ্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এই গছপুলি সমূহে জুবিনক সদায়ে জীয়াই ৰাখিব বুলি আশা প্ৰকাশ কৰে ৷
গছপুলি ৰোপণ কাৰ্যসূচীৰ সমাপ্তিৰ অন্তত
কীৰ্ত্তন পাঠ, খোল প্ৰসঙ্গ আৰু নাম প্ৰসঙ্গৰ অনুষ্ঠান আৰম্ভ হয় ৷ সমূহীয়া কীৰ্তন পাঠ আৰু নাম প্ৰসঙ্গত গুৰুজনাৰ অমিয়া সৃষ্টি খোল, তাল, নেগেৰা আৰু ডবাৰ শব্দই জামুগুৰিৰ আকাশ বতাহ মুখৰিত কৰি তোলে ৷ নাম প্ৰসঙ্গৰ সামৰণিত আৰম্ভ হয় আই সকলৰ দিহা নাম৷
শিল্পী জুবিন গাৰ্গৰ নামোল্লেখেৰে মহিলাসকলে পৰিৱেশন কৰা দিহা নামৰ অমিয়া সুৰধ্বনিয়ে সকলোকে সন্মোহিত কৰি তোলে ৷
দিহা নামৰ পৰিসমাপ্তিত বিয়লি ছয় বজাৰ পৰা শিল্পীগৰাকীৰ গীতেৰে আৰম্ভ হোৱা সংগীতানুষ্ঠানত জনপ্ৰিয় শিল্পী বৰণ বিকাশ, ৰিমলী শৰ্মা বৰা, তৰুণ শইকীয়া, অংকিতা কাকতি, সত্যপ্ৰভা দেৱী, প্ৰযুক্তি দেৱী,হৃষীকেশ কাকতি, চিন্ময় নাথ, মৌচুমী বৰা, ৰঞ্জন বেজবৰুৱা, দুলুমণি শইকীয়া,জীতু শ্ৰাৱণ, কানু কন্দলী, অভিজিৎ ৰাগ, পঙ্কজ নাথ, কৃষ্ণ নাথ, পবিত্ৰ শইকীয়া প্ৰমুখ্যে বহুকেইগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰি শ্ৰদ্ধা নিবেদন কৰিবলৈ গৈ সকলো শিল্পীয়েই উচুপি উঠাৰ লগতে অশ্ৰুসিক্ত নয়ন যুগলেৰে আধাতে গীত সামৰি মঞ্চৰ পৰা নামি অহা কৰুণ দৃশ্যই শ্ৰুতা-দৰ্শক সকলকো সমানেই ব্যথিত কৰি তোলা পৰিলক্ষিত হয় ৷
সকলোৱেই জুবিন গাৰ্গৰ জীৱনক লৈ সংঘটিত কৰা নিঃকৰুণ ঘটনাৰ ন্যায় বিচাৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ চৰকাৰক আহ্বান জনায় ৷ হাঁহি-আনন্দৰ পৰিৱৰ্তে এসাগৰ দুখ বুকুত বান্ধি কণ্ঠশিল্পী সকলৰ সমানেই কুন্দন বৰদলৈ, জ্ঞানদীপ বৰা, পবিত্ৰ শইকীয়া, ৰাজদীপ কোঁৱৰ, ৰিতুমণি দাস, বুবু কাকতি এইসকল বাদ্যযন্ত্ৰীও একপ্ৰকাৰ চকুলো টুকি লিহিৰি আঙুলিৰে বাদ্য সঙ্গত কৰা কৰুণ দৃশ্য আছিল অতিকৈ বেদনাবিধূৰ৷
বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং,বিশিষ্ট সমাজকৰ্মী খগেন চন্দ্ৰ নাথে শিল্পীগৰাকীৰ সন্দৰ্ভত শ্ৰুতিমধুৰ বক্তব্য আগবঢ়োৱা অনুষ্ঠানত জুবিন গাৰ্গৰ বন্ধু ৰঞ্জিত বৰা (দাদু) আৰু অভিনেতা পঙ্কজ বৰাই জুবিনৰ লগত থকা বন্ধুত্বপূৰ্ণ দিনৰ সুমধুৰ স্মৃতি সুঁৱৰি আবেগবিহ্বল হৈ পৰে ৷
উল্লেখযোগ্য যে জামুগুৰি গাঁৱৰ যুৱক সমাজৰ ফালৰপৰা জুবিন গাৰ্গৰ নামৰ আগত ‘প্ৰয়াত’ আৰু ‘ স্বৰ্গীয় ‘ এই শব্দ ব্যৱহাৰ নকৰি জুবিন গাৰ্গ হিচাপেই সম্বোধন কৰিবলৈ অসমবাসী ৰাইজলৈ মুকলি আহ্বান জনায় কয় যে— “জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই ৷ জুবিন গাৰ্গ সদায় আমাৰ মাজত জীয়াই আছে, জীয়াই থাকিব ৷ আমি ৰাইজলৈ অন্তৰেৰে আহ্বান জনাও আপোনালোকে জুবিন গাৰ্গৰ নামৰ আগত কেতিয়াও প্ৰয়াত, স্বৰ্গীয় এই দুটা শব্দ যেন ব্যৱহাৰ নকৰে ৷”
অনুষ্ঠানতে কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ মানৰ ছাত্ৰ ৰাজদ্বীপ নাথে অংকন কৰা জুবিন গাৰ্গৰ এখন মনোমোহা আলোকচিত্ৰও উন্মোচন কৰা হয়৷
তাৎপৰ্যপূৰ্ণ যে ১৮ নবেম্বৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জামুগুৰি যুৱক সকলৰ সযত্নত শিল্পী গৰাকীৰ প্ৰতি মৰম নিবেদি ৫৩টি নাহৰৰ পুলি ৰোপণ কাৰ্যসূচীৰো দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

