ZUBEEN GARG: ঐতিহ্যমণ্ডিত কপাহেৰা খেলপথাৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী
ঐতিহ্যমণ্ডিত কপাহেৰা খেলপথাৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী
দিহানাম, কীৰ্তন পাঠ, ভাগৱত পাঠ, জুবিনৰ গীতে – মাতে জুবিনক সশ্ৰদ্ধ স্মৰণ
DD TIMES নগাঁও, ৪ অক্টোবৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পীঠ স্থান ঐতিহ্য মণ্ডিত কপাহেৰা খেল পথাৰত আজি দিনযোৰা কাৰ্যসূচীৰে অসমীয়া হিয়াৰ আমঠু অমৃত কণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

পুৱা প্ৰাত:প্ৰসংগৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো শুভাৰম্ভ হোৱাৰ পিছত বন্তি প্ৰজ্বলন, নাম কীৰ্তন, ভাগৱত পাঠ, বৃক্ষ ৰোপণ, দুপৰীয়া খোল প্ৰসংগ অনুষ্ঠিত হয়।
বিয়লি বৃহত্তৰ অঞ্চলটোৰ মহিলাসকলে দিহানাম পৰিৱেশন কৰে। প্ৰায় সহস্ৰাধিক মহিলাই একেলগে দিহানাম পৰিবেশনৰে ভক্তি ৰসত দ্বিতীয় বৈকুণ্ঠকুৰীলৈ ৰূপান্তৰ হয়।

পৰবৰ্তী শিল্পীজনাৰ স্মৃতিত গীত-মাত পৰিৱেশন কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী মণ্টু গোহাঁইয়ে। সমাজকৰ্মী প্ৰহ্লাদ বৰদলৈয়ে আতধৰা অনুষ্ঠানটিত উপস্থিত থকা ৰাইজে জনতাৰ শিল্পী জুবিনক ভাৰত ৰত্ন প্ৰদানৰ বাবে চৰকাৰলৈ দাবী জনায়।

উল্লেখ্য, জুবিন দা অমৰ হওঁক, জুবিন দা দীৰ্ঘায়ু হওঁক, জুবিনদাৰ হত্যাৰ ন্যায় লাগে, জুবিনক হত্যাকাৰীক ফাঁচি দিওক শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে।
তাৰ পিছতে ৰাইজে সমূহীয়াকৈ মায়াবিনী ৰাতিৰ বুকুত, গীতটি সমস্বৰে গীত পৰিৱেশন কৰে। উল্লেখ্য, আজিৰ অনুষ্ঠানটিত যথেষ্ঠ সংখ্যক ৰাইজে উপস্থিত থাকি শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে৷