NAGAON DURGA PUJA: বিৰহ, বেদনা, শোকাকুল পৰিৱেশৰ মাজেৰে আজিৰ পৰা শাৰদীয় দুৰ্গা পুজা আৰম্ভ
বিৰহ, বেদনা, শোকাকুল পৰিৱেশৰ মাজেৰে আজিৰ পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পুজাঃ নগাঁও জিলাত চাৰি শতাধিক মণ্ডপত মহিষমৰ্দিনীৰ পূজাঃ কেইবাখনো দুৰ্গা পুজাই অতিক্ৰম কৰিছে ১৫০তকৈও অধিক বৰ্ষঃ পূৰ্বৰ দৰে ৰাইজৰ মাজত নাই উৎসাহ উদ্দীপনা মণ্ডপে মণ্ডপে জুবিন গাৰ্গৰ ফটো
DD TIMES ভাস্কৰ জ্যোতি শইকীয়া, নগাঁও, ২৮ ছেপ্টেম্বৰঃ আজিৰ পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পুজা। পূৰ্বৰ দৰে এইবাৰ ৰাইজৰ মাজত উছাহ কম। অসমৰ জনকণ্ঠ জুবিন গাৰ্গৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি ৰাখিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ আজি দহদিন হোৱাৰ পিছতো অসমবাসীয়ে পাহৰিব পৰা নাই জুবিন গাৰ্গক হেৰুওৱাৰ বেদনা। এতিয়া কেৱল চৌদিশে ধ্বনিত হৈছে ‘ জুবিন হত্যাৰ ন্যায় লাগে।’এনে বিৰহ ,বেদনা ,শোকাকুল পৰিবেশৰ মাজেৰে আজিৰ পৰা অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গা পুজা। কিন্তু শাৰদীয় উৎসৱৰ সেই আনন্দ এইবাৰ নাই। তাৰ মাজতে সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো মহিষমৰ্দিনী দুৰ্গা পূজা অনুষ্ঠিত হৈছে ।
এইবাৰ নগাঁও জিলাত চাৰিশতাধিক পূজা মণ্ডপত পূজা উদযাপিত হৈছে। তদুপৰি জিলাখনৰ ২৫ খনৰো অধিক চাহ বাগিচাত উদ্যাপিত হৈছে দুর্গা পূজা। অকল নগাঁও চহৰত শতাধিক মণ্ডপত দুর্গা পূজা অনুষ্ঠিত কৰা হৈছে। নগাঁও চহৰখনৰ সকলোবােৰ পূজা মণ্ডপ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে।
নগাঁও চহৰৰ দুখন পূজা সমিতিয়ে ইতিমধ্যে ১৫০ বছৰৰ অধিক কাল অতিক্ৰম কৰিছে। এই দুই পুজা হ’ল চহৰখনৰ খ্ৰীষ্টানপট্টিৰ বেলতলাৰ জানকী নাথ সেন পৰিয়ালৰ ১৭৬ সংখ্যক দুর্গা পূজা আৰু উত্তৰ হয়বৰগাঁৱৰ বীণাপাণি পূজা সমিতিৰ ১৫৬ সংখ্যক দুর্গা পূজা।
চহৰখনৰ বাংগালী সম্মিলনীৰ উদ্যোগত ১৩২ সংখ্যক দুর্গা পূজা, আমোলাপট্টি পূজা উৎসৱ সমিতিৰ উদ্যোগত ১৩০ সংখ্যক দুর্গা পূজা, ফৌজদাৰীপট্টি সার্বজনীন দুর্গা পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৮ সংখ্যক দুর্গা পূজা, পানীগাঁও কালীবাৰী দুর্গা পূজা সমিতিৰ ১০৪ সংখ্যক দুর্গা পূজা অনুষ্ঠিত হৈছে।

জিলাখনৰ শিলঘাট সাৰ্বজনীন দুৰ্গা পুজা সমিতিৰ ১২৫ সংখ্যক ,দক্ষিণপাটৰ দক্ষিণপাট আঞ্চলিক সাৰ্বজনীন বীণাপানী দূৰ্গা পুজাই শতবৰ্ষ পুজা অনুষ্ঠিত কৰিছে। আনহাতে নগাঁও চহৰৰ হিন্দুস্তানপট্টি সার্বজনীন ঠাকুৰবাৰী দুর্গা পূজা সমিতিৰ ৯৬ সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৯৩ সংখ্যক, নগাঁও পুলিচ ৰিজার্ভ দুর্গা পূজা সমিতিৰ ৯৩ সংখ্যক, এন এফ ৰে’লৱে পূজা সমিতিৰ ৮৫ সংখ্যক, ছামাদ্দাৰপট্টি সার্বজনীন পূজা সমিতিৰ ৭৮ সংখ্যক, হয়বৰগাঁও ৰে’লৱে সার্বজনীন কালী মন্দিৰত ৭৭ সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৭৩ সংখ্যক, বিবেকাননন্দ পল্লী শাৰদোৎসৱ সমিতিৰ ৭১ সংখ্যক দুর্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে।
ঠিক একেদৰে চহৰখনৰ শান্তিপুৰ যুৱক সমিতিৰ ৬৬ সংখ্যক, দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ ৬৬ সংখ্যক, ইটানগৰ পূজা সমিতিৰ ৬৪ সংখ্যক, চকীটুপ সার্বজনীন দুর্গা পূজা সমিতিৰ ৬৪ সংখ্যক, চীনাপট্টি ছোটহয়বৰ সাৰ্বজনীন দুর্গা পূজা সমিতিৰ ৬৪ সংখ্যক, শ্রী কৃষ্ণাশ্রম দুর্গা পূজা সমিতিৰ ৬০ সংখ্যক, পানীগাঁও দুর্গা মন্দিৰ পূজা সমিতিৰ ৬০ সংখ্যক, শাস্ত্রী নগৰ পূজা সমিতিৰ ৫৯ সংখ্যক, ডিমৰুগুৰি সাৰ্বজনীন দুর্গা পূজাৰ ৫৯ সংখ্যক, জ্যোতি ফ্লাৱাৰ মিলৰ ৫৮ সংখ্যক আৰু হয়বৰগাঁও বিজয়ী সংঘৰ ৫৮ সংখ্যক দুর্গা পূজাৰো ব্যাপক প্রস্তুতি চলিছে।

শ্ৰীমন্ত শংকৰ মিছন পথ সার্বজনীন দুর্গা পূজাই এইবাৰ সোনালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰিছে। নগাঁও চহৰৰ নতুন বজাৰ দুৰ্গা পূজা সমিতি, নাজিৰাজান, শনি মন্দিৰ পথ, খ্রীষ্টানপট্টি, লক্ষীনগৰ, মৰিকলং, পানীগাঁও ছয় আলি, লাওখোৱা ৰোড তেলীয়াগাঁও আদিতো দুর্গা পূজা অনুষ্ঠিত হ’ব।
৩ লাখ টকাৰ পৰা ১৬ লাখ টকাপৰ্যন্ত পূজা সমিতিৰ বাজেট। কেইবাখনো দুর্গা পূজা সমিতিয়ে ৰাইজক আকৰ্ষণ কৰিবৰ বাবে অত্যাধুনিক কাৰুকার্য, চমৎকাৰিতা, আলোকসজ্জা আদিৰ ব্যৱস্থা কৰিছে। চহৰখনৰ অন্যতম পুৰণি বীণাপাণি দুর্গা পূজা সমিতিয়ে নতুন আৰ্হিত পূজা মণ্ডপ নির্মাণ কৰিছে।
নগাঁও বাংগালী পূজা সমিতিয়ে সিন্ধু পৰা লুইতলৈ ‘কেচা মাটিৰ গোন্ধ’ দৃশ্যাংশৰ লগতে বিভিন্ন দৃশ্যমান বিষয়েৰে পূজা মণ্ডপ নিৰ্মাণ কৰাৰ বিপৰীতে ছামাদ্দাৰপট্টি পূজা সমিতিয়ে প্রকৃতি বিষয়ক, ৰাজস্থানী পূজা সমিতিয়ে নতুন দিল্লীৰ ইণ্ডিয়া গেট আৰু লালকিল্লা আৰ্হিত পূজা মণ্ডপ নির্মাণ কৰিছে।
শনি মন্দিৰ পথ দুর্গা পূজা সমিতিয়ে ব্যতিক্ৰমী ৰূপত পূজা মণ্ডপ নিৰ্মাণ কৰিছে। আই টি আইৰ সমীপৰ শ্ৰীমন্ত শংকৰ মিছন সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰূপ ৰূপান্তৰৰ প্ৰতিফলিত কৰি পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে।
৫২ বছৰত পদাৰ্পন কৰা তেলিয়াপট্টিৰ মা কালী সংঘ পূজা সমিতিয়ে আদিবাসী সম্প্রদায়ৰ অতীজৰ পূজা প্ৰণালীৰ কাল্পনিক ৰূপক প্ৰতিফলিত কৰি ‘আদিবাসী সম্প্রদায় ব্যতিক্ৰম’ নামাকৰণেৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে৷
মধুপুৰ সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা পূজা সমিতিয়ে চলিত বৰ্ষত ভৰি দিছে।ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে তামিলনাডুৰ বিখ্যাত আদি যোগী শিৱৰ মূৰ্তি আৰু মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ। নগাঁও জিলাৰ ৰনথলীত ডুগডুগী দশম বাৰ্ষিক পূজা খনি অনুষ্ঠিত কৰা হৈছে।বোয়িং ষ্টেলিনাৰ; সুনীতা উইলিয়ামচৰ মহাকাশ যাত্রা (২০২৪-২৫),মহাকাশ টেকনলজী,অসমীয়া গহণাৰ জি আই আদিৰ আৰ্হিত ডুগডুগী পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে।
উল্লেখ্য যে অসমীয়াৰ হিয়াৰ আমঠু স্বৰূপ জুবিন গাৰ্গৰ মহাপ্ৰয়াণত ৰাইজ শোক বিহবল হৈ থকাৰ বাবেই দূৰ্গাপূজাৰ আনন্দ উল্লাস বহু খিনি ম্লান পৰিছে।
অধিকাংশ পুজা সমিতিয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিহাৰ কৰাৰ লগতে কেৱল পৰম্পৰাগত আধ্যাত্মিকতাৰ মাজেৰে অনুষ্ঠিত কৰিছে শাৰদীয় দুৰ্গা পুজা। বহু কেইখন পূজা সমিতিয়ে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য জিলাখনৰ প্ৰায়বোৰ পুজা মণ্ডপত জুবিন গাৰ্গৰ ফটো আৰি ৰাখিছে।