ASSAM: ‘শগুন কুইজ প্ৰতিযোগিতা’ৰ বিজয়ীক বঁটা প্ৰদান
‘শগুন কুইজ প্ৰতিযোগিতা’ৰ বিজয়ীক বঁটা প্ৰদান
DD TIMES ঢকুৱাখনা, ২৭ ছেপ্তেম্বৰ: WeNaturalists আৰু ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক’ ক্লাবৰ যৌথ উদ্যোগত যোৱা ৬ ছেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা শগুন বিষয়ক কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক আজি পৰিৱেশবান্ধৱ কলম আৰু পেঞ্চিলেৰে পুৰস্কৃত কৰা হয়।

বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈ আৰু কুইজৰ পৰিচালক তথা ইক’ ক্লাবৰ শিক্ষক তত্ত্বাৱধায়ক মানস প্ৰতিম দত্তই বিজয়ী ছাত্ৰ-ছাত্ৰীসকলৰ হাতত পুৰস্কাৰ তুলি দিয়ে।
অনুষ্ঠানত অধ্যক্ষা কল্পনা গগৈয়ে পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সুৰক্ষাৰ প্ৰতি সচেতন হ’বলৈ উৎসাহিত কৰে।
ইক’ ক্লাবৰ তত্ত্বাৱধায়ক মানস প্ৰতিম দত্তই কুইজৰ সফলতাৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ উৎসাহ আৰু অংশগ্ৰহণৰ প্ৰশংসা কৰে।

এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধিৰ লগতে প্ৰতিযোগিতামূলক মনোভাৱকো উৎসাহিত কৰিছে বুলি আয়োজকসকলে জানিবলৈ দিয়ে।