ZUBEEN AND ARTISTS: জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ফাদিলৰ দাবীত অটল শিল্পী সমাজ
জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ফাদিলৰ দাবীত অটল শিল্পী সমাজঃ চিআইডিৰ ওচৰত এজাহাৰ দাখিল
DD TIMES গুৱাহাটী, ২৬ ছেপ্টেম্বৰঃ জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ফাদিলৰ দাবীত অটল হৈ আছে শিল্পী সমাজ। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ফাদিলৰ দাবীত চিআইডিৰ ওচৰত এজাহাৰ দাখিল কৰিলে শিল্পী সমাজে।

শিল্পী সমাজে চি আই ডিৰ ওচৰত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । যতীন বৰা, ৰবি শৰ্মা, ডাঃ হিতেশ বৰুৱা, শশাংক সমীৰকে ধৰি বহু অভিনয় শিল্পী আৰু কণ্ঠশিল্পীয়ে দাখিল কৰে এজেহাৰ । লগতে প্ৰদান কৰে নিজৰ বক্তব্য।
চি আই ডিৰ কাৰ্যালয়ত এজাহাৰ দাখিল আৰু বক্তব্য প্ৰদানৰ পিছত অভিনেতা ৰবি শৰ্মাই কয়, “কাৰ গাফিলতিৰ বাবে এই ঘটনা হ’ল ? আমাৰ দৃষ্টিত জুবিন গাৰ্গক হত্যা কৰা হৈছে ।
দুদিন মেডিচিন নোখোৱা মানুহজনক সাগৰৰ মাজলৈ লৈ গৈ লাইফ জেকেট নোহোৱাকৈ সাগৰৰ মাজত এৰি দিয়াটো অপৰাধ। জুবিন গাৰ্গক পানী আৰু জুইৰ পৰা আঁতৰাই ৰাখিবলৈ চিকিৎসকে পৰামৰ্শ দিছিল।
সেই কথা সিদ্ধাৰ্থই জনাৰ পিছতো জুবিন গাৰ্গৰ জীৱনৰ লগত হেতালি খেলিলে। তাৰ উচিত তদন্ত লাগে।” আনহাতে, শ্যামকানু মহন্তৰ ভূমিকা সন্দৰ্ভত ৰবি শৰ্মাই কয়, “ছিংগাপুৰলৈ মাতি নিয়া শ্যামকানু মহন্তৰো দায়িত্ব আছিল অনুষ্ঠানটোৰ মূল আকৰ্ষণ জুবিন গাৰ্গ ক’ত কেনেকৈ আছে খবৰ ৰখাৰ।
তেওঁ গা এৰাই চলিলে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো অনুষ্ঠানটোৰ নাম সলাই অনুষ্ঠিত কৰি শ্যামকানুৱে অসমীয়া স্বাভিমানক বুঢ়া আঙুলি দেখুৱাই গালত প্ৰচণ্ড চৰ শোধালে। তেওঁ জাতিদ্ৰোহী।”
ৰবি শৰ্মাই লগতে কয়, “কাৰ ভুল আৰু গাফিলতিৰ বাবে জুবিন গাৰ্গক হেৰুৱালোঁ সেই কথা জানিব লাগিব। জুবিন গাৰ্গ নহ’লে কোন লাভৱান হ’ব সেইখিনি তদন্ত হ’ব লাগিব ।”ইফালে এজাহাৰ দাখিল কৰি যতীন বৰাই কয়, “আমাক ন্যায় লাগে। অসমৰ ৰাইজক ন্যায় লাগে। চি আই ডিৰ তদন্তত ভাল ফলাফল পাম বুলি আশাবাদী।
সিদ্ধাৰ্থই যিখিনি কেয়াৰ ল’ব লাগিছিল তাত অৱহেলা কৰিছে। জুই, পানীৰ পৰা আঁতৰাই ৰাখিব লাগে। দুদিন ধৰি মেডিচিন লোৱা নাছিল।”নৰ্থ-ইষ্ট ফেষ্টিভেলৰ কথা উল্লেখ কৰি যতীন বৰাই কয়, “নৰ্থ-ইষ্ট ভেষ্টিভেললৈ গ’লে জুবিনৰ কিবা নহয় কিবা এটা ঘটনা হয়।
নৰ্থ-ইষ্ট ভেষ্টিভেল পাতি কি লাভ হৈছে, কিমান পৰ্যটক আহিল ? একো নহ’ল। জুবিনৰ শটোহে ৰাইজৰ মাজত আগুৱাই দিলোঁ। ছিংগাপুৰলৈ যোৱাৰ আগতে ১৭ ছেপ্টেম্বৰত কথা পাতিছিলোঁ জুবিনৰ লগত। যথেষ্ট ভাগৰুৱা আছিল।
মই জুবিনক বাধা দিছিলোঁ যাবলৈ, ‘ৰৈ ৰৈ বিনালে’ৰ কাম আছে বুলি৷ তেতিয়া তেওঁ কৈছিল ২১ ছেপ্টেম্বৰত ঘূৰি আহি কামখিনি কৰিম।” শিল্পী সমাজে ন্যায় নোপোৱালৈকে ক্ষান্ত নহয় বুলি ঘোষণা কৰিছে।