ZUBEEN GARG: দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ দেহৰ
সংবাদ মেলত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
মৰণোত্তৰ পৰীক্ষাৰ পিছত পুনৰ সৰুসজাইলৈ অনা হব মৃতদেহ, তাৰ পিছতহে আৰম্ভ হ’ব অন্তিম যাত্ৰা
DD TIMES গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ ছিংগাপুৰত এক অনাকাংক্ষিত পৰিস্থিতিত মৃত্যুক সাৱটি লোৱা জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃতদেহ দেওবাৰে গুৱাহাটীলৈ অনা হৈছে।

শিল্পীগৰাকীৰ মৃতদেহ গুৱাহাটীলৈ অনাৰ পূৰ্বেই ছিংগাপুৰত সম্পন্ন কৰা হৈছিল শিল্পীগৰাকীৰ নশ্বৰ দেহৰ মৰণোত্তৰ পৰীক্ষা। কিন্তু জুবিন গাৰ্গৰ মৃত্যুকলৈ নানান প্ৰশ্নৰ সন্দেহৰ অৱতাৰণা হোৱাৰ পিছতে একাংশ লোকে দাবী কৰিছে শিল্পীগৰাকীৰ মৃতদেহৰ দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ।
এনে দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ সিদ্ধান্ত লৈছে। সোমবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুতে অনুৰোধ জনোৱাৰ পিছতে ৰাজ্য চৰকাৰে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
মুখ্যমন্ত্ৰীয়ে কয় ‘‘প্ৰথমে মৰণোত্তৰ পৰীক্ষা কৰিব নালাগে বুলি দাবী কৰিছিল৷ ছিংগাপুৰ নিৰপেক্ষ দেশ হিচাপে ৷ কিন্তু এতিয়া নতুনকৈ মৰণোত্তৰ পৰীক্ষাৰ দাবী উঠিছে ৷’
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘ৰাইজৰ দাবী কৰিছিল মৰমৰ শিল্পীজনক মৰণোত্তৰ কৰি শৰীৰটোৰ কটা মেলা কৰিব নালাগে৷ আজি পুৱাৰে পৰা পুনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী উঠিছে।’’
সেয়ে ভৱিষ্যতে হব পৰা বিতৰ্ক এৰাই চলিবলৈ পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব শিল্পী জুবিন গাৰ্গৰ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কৰা হ’ব মৰণোত্তৰ পৰীক্ষা।
সংবাদ মেলত এই কথা জনালে মুখ্যমন্ত্ৰীয়ে।‘‘ পুৱা ৭:৩০ বজাত নতুনকৈ আৰু এবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব ৷
এই প্ৰক্ৰিয়া এক ডেৰ ঘণ্টা লাগিব। গৰিমা শইকীয়া গাৰ্গে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি জনাইছে ৷’’ এই কথা জনালে মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘মৰণোত্তৰ পৰীক্ষাত জিএমচিএইছৰ চিকিৎসকৰ লগতে থাকিব এইমছৰ চিকিৎসক।’’