অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

আছুৰ উদ্যোগত মৰিগাঁৱৰ গেৰুৱাত ভাওনা সমাৰোহ

Spread the love

ভাওনা সমাৰোহৰ সামৰণী অনুষ্ঠানত মুখপত্ৰ উন্মোচনঃ ভাওনা, অংকীয়া নাটৰ লগতে দুয়োটা দিনত পুৱা ভাগৰ পৰা সন্ধ্যালৈ ভোৰতাল, খোল বাদন, বৰগীত, সত্ৰীয়া নৃত্যৰ অনুষ্ঠানে মুগ্ধ কৰিলে দৰ্শকক

DD TIMES মৰিগাঁও, ১৫ ছেপ্টেম্বৰঃ সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্হাৰ অন্যতম আঞ্চলিক, গেৰুৱা আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাওনা সমাৰোহৰ দেওবাৰে নিশা সামৰণি পৰে।

ছাত্র সন্থাৰ গেৰুৱা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গেৰুৱাবাসী ৰাইজৰ সহযোগত অহা ১২ ছেপ্টেম্বৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই ভাওনা সমাৰোহ। কাৰ্যসূচী অনুসৰি ১২ ছেপ্টেম্বৰত নিৰ্ধাৰিত সময় মতে পুৱা ৯-৩০ বজাত ভাওনা সমাৰোহৰ মুল দ্বাৰ উন্মোচন কৰে গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বাবুল বৰাই।

পৰবৰ্তী সময়ত ক্ৰম অনুসৰি সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে গেৰুৱা আঞ্চলিক ছাত্র সন্থাৰ সভানেত্ৰী ৰীতিষা খাটনিয়াৰ আৰু ভাওনা সমাৰোহ অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি গন্ধৰ্ব্ব কোঁৱৰে৷

একেদৰে ছহিদ তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে যুটীয়া ভাৱে অভ্যৰ্থনা সমিতিৰ সম্পাদক অংকুৰ ডেকা আৰু গেৰুৱা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নেকিবুৰ ৰহমানে। ইয়াৰ সমান্তৰালকৈ ভাওনা সমাৰোহ উপলক্ষে নিৰ্মাণ কৰা অস্থায়ী মণিকূট স্থাপন, ভোজনালয়ৰ দ্বাৰ উন্মোচন, নাম প্ৰসঙ্গ আদি কাৰ্যসূচী সমূহ সম্পন্ন হয়।

আবেলিৰ পৰা স্হানীয় শিল্পী আৰু ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰে বৰগীত, জিকিৰ, সত্ৰিয়া নৃত্যকে প্ৰমোখ্য কৰি বিভিন্ন ধৰণৰ শংকৰী কলা কৃষ্টি। সন্ধিয়া গেৰুৱা আঞ্চলিক ছাত্ৰ সন্হাৰ প্ৰাক্তন সভাপতি সম্পাদক, বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীত ভাগ লয় প্ৰাক্তন আছু কৰ্মী আৰু জ্যেষ্ঠ নাগৰিক সকলে।

নিশা ভাওনা সমাৰোহৰ ৰংগ মঞ্চত মঞ্চস্হ কৰা হয় “মৎস্য অৱতাৰ” নামৰ ভাওনা । জিলাখনৰ বাঘজাপ জগতগুৰু নাট্য সমাজে পৰিবেশন কৰা ভাওনা খন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।ইফালে ভাওনা সমাৰোহ উপলক্ষে প্ৰণৱ গোস্বামীৰ সম্পাদনাত প্ৰকাশিত মুখপত্ৰ খনো উদ্বোধনী অনুস্হানতে আনুষ্ঠানিকভাৱে উন্মোচন কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত কংকন জ্যোতি শৰ্মাই।

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিছাবে উপস্হিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধী,জিলা ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰী আৰু সাধাৰণ সম্পাদক শিৱ দাসকে ধৰি ছাত্র সংগঠনটোৰ বহু কেইগৰাকী বিষয়ববীয়া ।আনহাতে অন্তিম দিনা ১৩ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত নাম প্ৰসঙ্গৰ পাছতে দুপৰীয়া বিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু আমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা এটি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

গেৰুৱা গজালি সংগীত বিদ্যালয় ছাত্ৰ ছাত্ৰী, গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ – ছাত্ৰী, গেৰুৱা বালিকা এম ই স্কুলৰ ছাত্ৰ – ছাত্ৰী সকলে পৰিবেশন কৰা ভোৰতাল নৃত্য, সত্ৰিয়া নৃত্য, দিহা নাম, বৰগীত আদি অনুষ্ঠানে মুগ্ধ কৰে দৰ্শক সকলক। সাংস্কৃতিক অনুষ্ঠান সমূহ আঁট ধৰে স্হানীয় নাট্য শিল্পী বংকুৰ ডেকা আৰু মৰিগাঁও জিলা ছাত্ৰ সন্হাৰ সহ সম্পাদক পংকজ ডেকাই।

ইফালে সন্ধিয়া বন্তি প্ৰজ্বলন আৰু খোল প্ৰসঙ্গৰ পাছতে মঞ্চস্থ হয় দুখনকৈ নাট। সন্ধিয়া ৬-৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘ,গেৰুৱা আঞ্চলিকৰ শিল্পী সকলে মঞ্চস্হ কৰে ‘” শ্ৰীৰাম বিজয় ” নামৰ অংকীয়া নাট। পৰবৰ্তী সময়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উপস্হিত থাকে অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা আৰু আহ্বায়ক অৱন্তি বৰাকে প্ৰমোখ্য কৰি ছাত্ৰ সন্হাৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল।

নিশা ১১ বজাত অন্তিমখন ভাওনা ” কুমৰ হৰণ ” মঞ্চস্হ কৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ “চক্ৰপাণি মহিলা নাট্য গোষ্ঠীৰ” শিল্পী সকলে। বেয়া বতৰকো আওকান কৰি কেবা সহস্ৰাধিক দৰ্শকে উপভোগ কৰে অন্তিম দিনৰ প্ৰতিটো কাৰ্যসূচী।

উল্লেখ্য, মৰিগাঁও জিলাৰ ভিতৰতে এইবেলি পোন প্ৰথম বাৰৰ বাবে আছুৰ উদ্যোগত গেৰুৱাত অনুষ্ঠিত হৱা এই ভাওনা সমাৰোহখনি ৰাইজৰ অভূতপূৰ্ব সহযোগে সাফল্যমণ্ডিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!